ETV Bharat / bharat

Covid19 in Tripura: ত্ৰিপুৰাত ২১-৩০ বছৰৰ লোকৰ বয়সৰ মাজত প'জিটিভিটি হাৰ ২৭.৪ শতাংশ

author img

By

Published : Jul 22, 2022, 1:43 PM IST

ত্ৰিপুৰাত দিনক দিনে বৃ্দ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা ৷ ত্ৰিপুৰা স্বাস্থ্য বিভাগে(Health Department of Tripura) প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত ২১ৰ পৰা ৩০ বছৰৰ লোকসকলৰ মাজত আক্ৰান্তৰ হাৰ প্ৰায় ২৭.৪ শতাংশ ৷

21-to-30-age-groups-most-vulnerable-in-this-wave-says-tripura-health-dept
২১ৰ পৰা ৩০ বছৰৰ বয়সৰ লোকৰ মাজত প'জিটিভিটি হাৰ ২৭.৪ শতাংশ

আগৰতলা, 22 জুলাই : সাংবাদ মাধ্যমৰ সৈতে হোৱা এক আলোচনাত ত্ৰিপুৰাৰ স্বাস্থ্য বিভাগৰ সচিব ডাঃ দেৱাশীস বসুৱে কয় উল্লেখ কৰি যে, ৰাজ্যৰ সাম্প্ৰতিক ক’ভিড পৰিস্থিতি সন্দৰ্ভত ৰাজ্যিক পৰ্যায়ৰ টাস্ক ফ’ৰ্চৰ এখন বৈঠক বৃহস্পতিবাৰে সচিবালয়ত অনুষ্ঠিত হয় ৷ এই সভাত মুখ্য সচিব জে কে সিনহাৰ সভাপতিত্বত(Chief Secretary JK Sinha) ত্ৰিপুৰাৰ সামগ্ৰিক ক’ভিড পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়(Health Department of Tripura) ।

“সভাত ত্ৰিপুৰাৰ জনসাধাৰণে যাতে মাস্ক পৰিধান কৰে তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয় । মাস্ক পৰিধান নকৰা লোক সকলৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনক ইতিমধ্যে জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে” ৷

তেওঁ লগতে জনায় যে, যিসকল লোকক মাস্ক অবিহনে দেখা যাব তেওঁলোকৰ ওপৰত ২০০ টকাৰ জৰিমনা বিহা হ’ব যদি এইকাৰ্যৰ পুনৰাবৃত্তি হয় তেন্তে ৪০০ টকাৰ জৰিমনা বিহা হ'ব ।

“২০২১ চনৰ ডিচেম্বৰৰ পৰা ২০২২ চনৰ ফেব্ৰুৱাৰীলৈকে আমি তৃতীয় ঢৌৰ অভিজ্ঞতা লাভ কৰিছো(Current situation of Covid in Tripura) । তাৰ পিছত Covidত আক্ৰান্তৰ সংখ্যা যথেষ্ট কম আছিল । কিন্তু এতিয়া ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে আৰু আমি পৰ্যবেক্ষণ কৰিছো যে, ২১ৰ পৰা ৩০ বছৰৰ বয়সৰ লোকৰ মাজত প'জিটিভিটি হাৰ ২৭.৪ শতাংশ” ৷

তেওঁ পুনৰ কয় যে, ৰাজ্য চৰকাৰৰ হাতত ১.১৭ লাখ ভেকচিনৰ বিপৰীতে ১৫ লাখ ভেকচিনৰ প্ৰয়োজন যাৰ বাবে ইতিমধ্যে তেওঁলোকে কেন্দ্ৰক অৱগত কৰিছে ।

"ইতিমধ্যে বিদ্যালয়-মহাবিদ্যালয় আৰু স্থানীয় ক্লাবসমূহতো বিশেষ টিকাকৰণ শিবিৰ আৰম্ভ কৰা হৈছে(Special vaccination camp in Tripura) । আমাৰ হাতত বৰ্তমান 1.20 লাখ থ্ৰী লেয়াৰ মাস্কৰ ষ্টক আছে আৰু দৈনন্দিন শ্ৰমিক, ৰিক্সা চালক আৰু দৰিদ্ৰ লোকসকলৰ মাজত বিতৰণ কৰিবলৈ ৫০ হাজাৰতকৈও অধিক মাস্কৰ যোগান ধৰা হ’ব” বুলি তেওঁ জানিবলৈ দিয়ে । ইফালে, ঘৰ বা কৰ্মস্থলীৰ বাহিৰত অপ্ৰয়োজনীয় গতিবিধিৰ পৰা হাত সাৰিবলৈ ৰাইজক আহ্বান জনায় স্বাস্থ্য সচিবগৰাকীয়ে ৷

লগতে পঢ়ক : Congress protest in Tripura : বিজেপিৰ শাসনক হিটলাৰৰ শাসন আখ্যা ত্ৰিপুৰাৰ কংগ্ৰেছ বিধায়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.