ETV Bharat / bharat

LeT outfit arrested : লস্কৰ সংগঠনৰ ২ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

author img

By

Published : Jul 25, 2023, 3:50 PM IST

LeT outfit member arrested
LeT outfit member arrested

ধৃত দুজনৰ পৰা ২ টা চীনত নিৰ্মিত পিষ্টল, ২ টা পিষ্টল মেগজিন, ১৪ ৰাউণ্ড সজীৱ পিষ্টলৰ গুলী, এখন পৰিচয়-পত্ৰ আৰু আধাৰ কাৰ্ডৰ এখন জেৰক্স প্ৰতিলিপি উদ্ধাৰ কৰা হয় ।

নিউজ ডেস্ক, ২৫ জুলাই : জম্মু-কাশ্মীৰত লস্কৰ-ই-তৈবাৰে সম্পৰ্ক থকা দুই সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ । এক নিৰ্দিষ্ট তথ্যৰ ভিত্তিত বাৰামুলা আৰক্ষী আৰু ২৯ আৰআৰ বাহিনীয়ে চলোৱা যুটীয়া অভিযানত গ্ৰেপ্তাৰ হয় লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদীৰ সহযোগী দুটা । চক টেপাৰ ক্ৰেৰী গাঁৱত সন্ত্ৰাসবাদীৰ গতিবিধি সম্পৰ্কীয় এক নিৰ্দিষ্ট তথ্যৰ ওপৰত বাৰামুলা আৰক্ষী আৰু ২৯ আৰআৰৰ বাহিনীয়ে চক টেপাৰ ক্ৰেৰীৰ বাছ আস্থানত গাড়ী-মটৰৰ এটা তালাচী চকী স্থাপন কৰে ।

সেই সময়তে চক টেপাৰৰ পৰা মূল পথেৰে ক্ৰেৰি অভিমুখে দুজন সন্দেহযুক্ত ব্যক্তি আহি থকাটো প্ৰত্যক্ষ কৰে যুটীয়া বাহিনীয়ে । কিন্তু তালাচী চকীৰ ওচৰ পোৱাৰ পিছতে সন্দেহজনক ব্যক্তি দুজনে যুটীয়া নাকা পাৰ্টীৰ পৰা পলাই যোৱাৰ চেষ্টা কৰে । কিন্তু আৰক্ষী আৰু আৰআৰ বাহিনীয়ে কৌশলেৰে দুয়োকে আটক কৰে ।

আনহাতে, ধৃত দুজনক তালাচী চলোৱাৰ সময়ত তেওঁলোকৰ পৰা ২ টা চীনত নিৰ্মিত পিষ্টল, ২ টা পিষ্টল মেগজিন, ১৪ ৰাউণ্ড সজীৱ পিষ্টলৰ গুলী, এখন পৰিচয়-পত্ৰ আৰু আধাৰ কাৰ্ডৰ এখন জেৰক্স প্ৰতিলিপি উদ্ধাৰ কৰা হয় । লগে লগে দুয়োকে জিম্মাত লোৱা হয় । ধৃত সন্ত্ৰাসবাদী দুটাক পিছত পাঞ্জিগাম বান্দিপোৰাৰ মজিদ খানৰ পুত্ৰ দয়েম মজিদ খান আৰু ৱাত্ৰিনা ফালৱানপোৰা পাঞ্জিগাম বান্দিপোৰাৰ তাৰিক খানৰ পুত্ৰ উবেইৰ তাৰিক বুলি চিনাক্ত কৰা হৈছে ।

প্ৰাথমিক অনুসন্ধানৰ সময়ত দুয়োজন সন্ত্ৰাসবাদী সহযোগীয়ে স্বীকাৰ কৰিছে যে তেওঁলোক লস্কৰ-ই-তৈবা সংগঠনৰ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত আৰু বাৰামুলা জিলাত হত্যাকাণ্ড সংঘটিত কৰাৰ উদ্দেশ্যে অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ সংগ্ৰহ কৰিছিল ।

ধৃত দুয়োৰে বিৰুদ্ধে ভাৰতীয় অস্ত্ৰ আইন আৰু ইউএ (পি) আইনৰ অধীনত ক্ৰেৰি আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত আৰম্ভ কৰা হৈছে ।

লগতে পঢ়ক :Kargil Diwas : লাডাখত সাজু হৈ উঠিছে কাৰ্গিল যুদ্ধ স্মাৰক; বুধবাৰে ভ্ৰমণ কৰিব ৰাজনাথ সিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.