ETV Bharat / bharat

Opium seized at Imphal: ইম্ফলত জব্দ বৃহৎ পৰিমাণৰ আফিম

author img

By

Published : May 11, 2022, 10:36 PM IST

মঙলবাৰে ইম্ফলত জব্দ 2 কিলোগ্ৰাম পৰিমাণৰ আফিম (Opium seized at Imphal) ৷ মণিপুৰৰ বিষ্ণুপুৰ জিলাত অভিযান চলাই বিশেষ কমাণ্ডো গোটৰ এটা দলে এই আফিমখিনি জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে ৷

2 kg of opium seized by Commando Unit Imphal in Manipur
ইম্ফলত জব্দ বৃহৎ পৰিমাণৰ আফিম

ইম্ফল, 11 মে’: মঙলবাৰে নিশা ইম্ফলত জব্দ হয় বৃহৎ পৰিমাণৰ আফিম (Opium seized at Imphal) ৷ ইম্ফলৰ বিশেষ কমাণ্ডো গোটৰ এটা দলে অভিযান চলাই এই বৃহৎ পৰিমাণৰ আফিম জব্দ কৰে ৷ লগতে এজন লোকক আটক কৰে অভিযানকাৰী দলটোৱে ৷

মণিপুৰৰ বিষ্ণুপুৰ জিলাত অভিযান চলাই কমাণ্ডো গোটৰ দলেটোৱে প্ৰায় 2 কিলোগ্ৰাম আফিম জব্দ কৰে ৷ এই জব্দকৃত আফিমখিনিৰ বজাৰ মূল্য প্ৰায় 1.5 কোটি টকা বুলি জানিব পৰা গৈছে ৷ লগতে অভিযানকাৰী কমাণ্ডো দলটোৱে অবৈধভাৱে আফিম ৰখাৰ অভিযোগত মহম্মদ আব্দুৰ ৰহমান (37) নামৰ এজন লোককো আটক কৰে (One person arrested by Commando Unit Imphal) ৷ লগতে মহম্মদ আব্দুৰ ৰহমানৰ পৰা এটা মোবাইলো জব্দ কৰে অভিযানকাৰী দলটোৱে ৷

ইফালে, মঙলবাৰে ইম্ফলত নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ত জড়িত হৈ পৰা দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে এজন আৰক্ষীৰ লোকক আটক কৰিছে আৰক্ষীয়ে ৷ এই অভিযানত প্ৰায় 2.13 কিলোগ্ৰাম হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে ৷ আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে, চ'নলিচেই হাওকিপ আৰু জামগৌলেন হাওকিপ বুলি আৰক্ষীয়ে জনায় ৷

আনহাতে হেৰ’ইনখিনিৰ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত চুৰাচান্দপুৰ আৰক্ষী থানাৰ হেড কনিষ্টবল হিচাপে কৰ্মৰত লুনমিণ্টাং হাওকিপক নামৰ এজন জোৱানকো আটক কৰে আৰক্ষীয়ে (Head Constable arrested for involving in drug peddling) ৷

লগতে পঢ়ক: 32 কোটি টকাৰ ড্ৰাগছৰ লগতে আৰক্ষীৰ জোৱানসহ তিনিজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.