ETV Bharat / bharat

Ghastly accident in Madhya Pradesh: মধ্য প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা; ১৪ গৰাকীৰ মৃত্যু, আহত প্ৰায় ৫০ গৰাকী

author img

By

Published : Feb 25, 2023, 9:27 AM IST

Updated : Feb 25, 2023, 10:09 AM IST

Ghastly accident in Madhya Pradesh
মধ্য প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা; ১৪ গৰাকীৰ মৃত্যু, আহত প্ৰায় ৫০ গৰাকী

মধ্যপ্ৰদেশৰ ছিধিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ১৪ গৰাকী লোকৰ (MP Sidhi Accident)৷ এখন ট্ৰাকে ৰৈ থকা দুখন বাছত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা ৷ গুৰুতৰভাৱে আহত 45 গৰাকী লোক ৷

নেশ্যনেল ডেস্ক, 25 ফেব্ৰুৱাৰী: মধ্যপ্ৰদেশৰ ছিধিত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা (MP Sidhi Accident) ৷ নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকে ৰৈ থকা দুখনকৈ বাছত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে, দুৰ্ঘটনাটোৰ ফলত ১৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৫০ জন লোক গুৰুতৰভাৱে আহত হয় (Road accident in Madhya Pradesh) ।

বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত ৰেৱা-সতনা সীমান্তস্থিত মোহনীয়া টানেলৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো । ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতেই ঘটনাস্থলীত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান উপস্থিত হৈ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে নিহতসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে । লগতে আহতসকলৰ উন্নত চিকিৎসাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা কৰাৰ বাবে স্থানীয় প্ৰশাসনক দিলে নিৰ্দেশনা ৷

  • Bus accident in MP’s Sidhi is horrific. Condolences to the bereaved families. The local administration is actively involved in rescue and relief work: PM @narendramodi

    — PMO India (@PMOIndia) February 16, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

আহতসকলক তৎকালীন চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি উভতি অহা লোকসকলক কঢ়িয়াই বাছ দুখন আহি আছিল বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই উল্লেখ কৰা অনুসৰি, দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনে বাছ দুখনত ইমানেই জোৰেৰেই মহতিয়াইছিল যে, ইয়াৰে এখন বাছ পথৰ কাষৰ এটা খাৱৈত বাগৰি পৰে ৷ আহত ৪৫ গৰাকীৰ ভিতৰত ৯ গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । ৰেৱাৰ আয়ুক্তকে ধৰি শীৰ্ষ আৰক্ষী বিষয়াসকল সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত (Madhya Pradesh accident news) ৷

দুৰ্যোগ প্ৰশমন বিভাগৰ লগতে আৰক্ষীৰ দলে দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ লগতে সাহাৰ্যৰ কাম চলাই আছে । সতনা নামৰ এটি স্থানত অনুষ্ঠিত কল মহাকুম্ভত ভাগ লোৱা অমিত শ্বাহৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি লোকসকল উভতি অহাৰ পথত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে বুলি স্থানীয় প্ৰশাসনে জানিবলৈ দিছে । প্ৰশাসনৰ বিষয়াসকলে জনোৱা মতে, ট্ৰাকখনৰ এটা টায়াৰ ব্লাষ্ট হোৱাৰ ফলতে এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয় । ইফালে প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, তীব্ৰবেগী ট্ৰাকখনে পিছফালৰ পৰা তীব্ৰ জোৰেৰে বাছ দুখনত খুন্দা মাৰিছিল । দুৰ্ঘটনাটোৰ ফলত এখন বাছ পথৰ কাষৰ এটা খাৱৈত বাগৰি পৰে (Sidhi road accident)।

জানিব পৰা অনুসৰি, যাত্ৰীসকলৰ বাবে আয়োজকে ব্যৱস্থা কৰা খাদ্যৰ পেকেট ল’বৰ বাবে বাছ দুখন সেই স্থানত ৰৈছিল । মুখ্যমন্ত্ৰী চৌহানে আহতসকলক উন্নত চিকিৎসা প্ৰদানৰ উপৰিও সকলো প্ৰয়োজনীয় সাহায্যৰ ব্যৱস্থা গ্ৰহণৰ বাবে বিষয়াসকলক দিছে নিৰ্দেশনা । আহতসকলৰ অধিকাংশকে ৰেৱা চিকিৎসা মহাবিদ্যালয় আৰু ছিধি জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে টুইটযোগে দুৰ্ঘটনাত নিহত যাত্ৰীসকলৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে । তেখেতে মৃতকৰ আত্মীয়ক ৫০ লাখ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী কৰে ৷ লগতে আহত সকলৰ বাবে ৫ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদানৰ বাবে চৰকাৰলৈ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক: Road accident in Sonitpur: শোকাৱহ ! পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে 5 বন্ধুৰ

Last Updated :Feb 25, 2023, 10:09 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.