Gang rape in Jharkhand: ঝাৰখণ্ডৰ পশ্চিম সিংভূমত অভিযন্তা যুৱতীক দলবদ্ধ ধৰ্ষণ

author img

By

Published : Oct 25, 2022, 1:18 PM IST

gang-rape in Jharkhand

ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাৰ (Gang raped at Jharkhand) চাইবাছাৰ পুৰণি বিমানবন্দৰৰ ওচৰত অভিযন্তা যুৱতীক দলবদ্ধ ধৰ্ষণ । ইপিনে, অভিযুক্তৰ সন্ধানত তালাচী চলাই থকা বুলি সদৰী কৰিছে আৰক্ষী অধীক্ষকে ।

নেশ্য়নেল ডেস্ক, ২৫অক্টোবৰ : ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাৰ (Gang rape at West Singhbhum of Jharkhand) চাইবাচা মফুচিল আৰক্ষী থানাৰ অন্তৰ্গত পুৰণি চাইবাছাৰ বিমানবন্দৰৰ ওচৰত এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে । ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত ইতিমধ্য়ে আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে । ইপিনে,অভিযুক্তৰ সন্ধানত তালাচী চলাই থকা বুলি আৰক্ষী অধীক্ষকে সদৰী কৰিছে ।

এই ঘটনাটো বৃহস্পতিবাৰে নিশা চাইবাছাৰ পুৰণি বিমানবন্দৰৰ ওচৰত সংঘটিত হৈছিল । যেতিয়া এজন ২৬ বছৰীয়া ছফ্টৱেৰ অভিযন্তাগৰাকীয়ে প্ৰেমিকৰ সৈতে দুচকীয়া বাহন এখনত ফুৰিবলৈ গৈছিল । আঠৰ পৰা দহজনীয়া এটা দলে দুয়োকে ৰখাই প্ৰেমিকজনক প্ৰহাৰ কৰাৰ পিছত যুৱতীগৰাকীক এখন নিৰ্জন স্থানলৈ নি ধৰ্ষণ কৰে ।

যুৱতীগৰাকীক ধৰ্ষণ কৰাৰ পিছত দলটোৱে উক্ত স্থানত এৰি পলায়ন কৰে (Software Engineer raped in Jharkhand) । দলটোৱে তেওঁৰ ৱালেট আৰু ম'বাইল ফোনটোও কাঢ়ি নিয়ে । আৰক্ষী অধীক্ষক আশুতোষ শেখৰে এইদৰে উল্লেখ কৰে । আৰক্ষীয়ে উল্লেখ কৰা মতে, ভুক্তভোগী যুৱতীগৰাকী ঝিংকপানীৰ বাসিন্দা আৰু পেছাত এজন ছফ্টৱেৰ অভিযন্তা । বৰ্তমান ঘৰৰ পৰা তেওঁ কামকৰি আছে । তেওঁ চাইবাছাৰ মুফাচিল আৰক্ষী থানাৰ অন্তৰ্গত কামাৰহাটুৰ এটা ভাড়াঘৰত বাস কৰি কৰ্মক্ষেত্ৰলৈ অহা-যোৱা কৰে ।

আৰক্ষী চকীত পঞ্জীয়ন কৰা গোচৰটোত ভুক্তভোগীয়ে উল্লেখ কৰিছে যে ভুক্তভোগীগৰাকীয়ে আবেলি ৫.৩০ বজাত বিমানবন্দৰলৈ তেওঁৰ বন্ধুৰ সৈতে স্কুটীত ঘূৰিবলৈ গৈছিল । তেওঁ তাত স্কুটিখন পাৰ্ক কৰিছিল বন্ধুৰ সৈতে কথা পাতিবলৈ আৰম্ভ কৰিছিল । আন্ধাৰ হ'বলৈ ধৰাৰ সময়তেই ১০ জন যুৱক তালৈ আহি যুৱতীগৰাকীৰ বন্ধুক প্ৰহাৰ কৰি তেওঁক নিৰ্জন স্থানলৈ নি ধৰ্ষণ কৰিছিল । যুৱকৰ দলটোৱে ভুক্তভোগী আৰু তেওঁৰ বন্ধুৰ পৰা এটা মোবাইল ফোন আৰু ৫,০০০ টকা কাঢ়ি নিয়ে । মহিলাগৰাকীৰ বিবৃতিত ১০ জন অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে ।

ইয়াৰ পিছত ভুক্তভোগীৰ পৰিয়ালটোৱে মফুচিল আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে । মফুচিল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন চন্দ্ৰ পাঠকে কয় যে বিষয়টোৰ তদন্ত চলি আছে । ইতিমধ্য়ে ১৬৪ জনৰ বিবৃতি আদালতত লিপিবদ্ধ কৰা হৈছে ।

লগতে পঢ়ক:Film director Pinaki Chaudhuri Dies : ৰাষ্ট্ৰীয় বঁটা বঁ প্ৰাপক পৰিচালক পিনাকী চৌধুৰীৰ বিয়োগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.