ETV Bharat / state

অমিত শ্বাহ গুৱাহাটীত : দেওবাৰে ভাগ ল'ব বিজেপিৰ 'যুৱ শক্তি সমাৰোহ'ত, লগত থাকিব সূৰ্যও

মোদীৰ পাছতে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিল অমিত শ্বাহ । গৃহমন্ত্ৰীৰ অসম ভ্ৰমণে উন্নয়নক গতি প্ৰদান কৰিব বুলি বিশ্বাসী বিজেপিৰ কৰ্মকৰ্তা ।

Union Home Minister Amit Shah reaches Guwahati for two-day Assam visit
গৃহমন্ত্ৰী অমিত শ্বাহক বৰঝাৰত আদৰণি সোণোৱালৰ (@sarbanandsonwal)
author img

By ETV Bharat Assamese Team

Published : March 14, 2026 at 8:11 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহ‍াটী : দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে বিয়লি গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । গুৱাহাটীৰ বিমানবন্দৰত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে আদৰণি জনায় ।

আদৰণি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক মা কামাখ্যা আৰু গুৰুজনাৰ পবিত্ৰ ভূমিলৈ আন্তৰিক স্বাগতম জনাইছো । তেখেতৰ এই ভ্ৰমণৰ জৰিয়তে অসমত বিভিন্ন গুৰুত্বপূর্ণ উন্নয়নমূলক প্ৰকল্প জাতিৰ বাবে উছৰ্গা কৰা হ’ব । লগতে তেখেতৰ প্ৰেৰণাদায়ক বাণীয়ে আমাৰ যুৱ শক্তিক নতুন উদ্যম আৰু দিক-নিৰ্দেশনা প্ৰদান কৰিব ।’’

আনহাতে আদৰণি জনাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, ‘‘অসম ভ্ৰমণলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি জনালো । অসমবাসীয়ে তেখেতৰ অনুষ্ঠানৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে । তেখেতে একাধিক উন্নয়নমূলক প্ৰকল্প মুকলি কৰি উন্নয়নৰ যাত্ৰাক এক নতুন গতি দিব আৰু যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰিব ।’’

বিমানবন্দৰত বিজেপিৰ ৰ‍াজ্যিক সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্রী পবিত্র মাৰ্ঘেৰিটা, সাংসদ বিজুলী কলিতা মেধিকে ধৰি দলীয় নেতৃত্বই উষ্ম আদৰণি জনোৱাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কইনাধৰাৰ ৰাজ্যিক অতিথিশাললৈ আহে । শনিবাৰে নিশা কেন্দ্ৰীয় গৃহমন্ত্রীগৰাকীয়ে কইনাধৰাতে কটাব । অৱশ্যে কইনাধৰাত দলীয় নেতৃত্বৰে মিলিত হোৱাৰ সম্ভাৱনা আছে ।

দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্রীগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব । দেওবাৰে দিনৰ ভাগত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্রাগজ্যোতিষপুৰ মেডিকেল কলেজৰ শুভাৰম্ভ কৰিব । একেটা অনুষ্ঠানতে কেন্দ্ৰীয় গৃহমন্ত্রীয়ে আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ অধীনত গোলাঘাট কেঞ্চাৰ চেণ্টাৰ আৰু তিনিচুকীয়া কেঞ্চাৰ চেণ্টাৰ উদ্বোধন কৰিব ।

তদুপৰি ভাৰ্চুৱেলী স্বাস্থ্যখণ্ডৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব । এই অনুষ্ঠানৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্রীয়ে দিনৰ ১.৩০ বজাত পোনে পোনে খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত উপস্থিত হৈ 'যুৱ শক্তি সমাৰোহ'ত অংশ গ্ৰহণ কৰিব ।

খানাপাৰাত আয়োজন কৰা বিজেপিৰ বিশাল যুৱ শক্তি সমাৰোহ সম্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । এই সমাৰোহত ডেৰ লক্ষাধিক যুৱক-যুৱতীয়ে অংশ গ্ৰহণ কৰিব ।

ইফালে দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহক উষ্ম আদৰণি জনাইছে ৰাজ্যিক বিজেপিয়ে । ৰাজ্যিক বিজেপিৰ মিডিয়া পেনেলিষ্ট মুন তালুকদাৰে গৃহমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্র ভূমিলৈ উষ্ম আদৰণি জনাইছে ।

এক বিবৃতি যোগে তেওঁ কয়, "বিগত সময়ছোৱাত গৃহমন্ত্ৰীগৰাকীৰ তৎপৰতাত আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত ৰাজ্যখনলৈ স্থায়ী শান্তি ঘূৰি আহিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে । সন্ত্রাসবাদে আগুৰি থকা অশান্ত জৰ্জৰ অসমখনক সন্ত্রাসবাদ মুক্ত ৰাজ্য হিচাপে গঢ়াত বিশেষ ভূমিকা পালন কৰিছে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে । বি টি আৰ চুক্তি, কার্বি শান্তি, ডিমাচা চুক্তিকে প্রমুখ্য কৰি জনগোষ্ঠীয় লোকসকলক আত্মমর্যদাৰে জীয়াই থকাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰিছে উল্লেখযোগ্য ভূমিকা । কেইবাদশক জুৰি অসমক অস্থিৰ কৰি ৰখা সংযুক্ত মুক্তি বাহিনীৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ নেতৃত্বত আলফা শান্তি চুক্তি স্বাক্ষৰিত হৈছে ।"

তেওঁ কয়, "ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ উদ্যাগত ১৫ মাৰ্চত খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া 'যুৱ শক্তি সমাৰোহ'ত অংশ ল'ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে । দেওবাৰৰ দিনটোত ৰাজ্যৰ ১.৫ লাখৰো অধিক যুৱক-যুৱতীক সম্বোধন কৰিব গৃহমন্ত্ৰীগৰাকীয়ে । উক্ত অনুষ্ঠানত উপস্থিত থাকিব ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্য ।

অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া । উক্ত অনুষ্ঠানৰ জৰিয়তে ৰাজ্যৰ প্ৰতিখন জিলাৰ যুৱ ভোটাৰে অংশগ্ৰহণ কৰি ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব । অসমৰ বিকাশ আৰু উত্তৰণৰ যাত্ৰাত যুৱ শক্তিৰ সংকল্প সুদৃঢ় কৰিবলৈ আয়োজন কৰা হৈছে এই 'যুৱ শক্তি সমাৰোহ'।

ইফালে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাসে জনোৱা অনুসৰি ইতিমধ্যেই সমাৰোহৰ সকলো যাৱতীয় প্রস্তুতি সম্পন্ন হৈছে । এই সমাৰোহে অসমৰ যুৱ শক্তিক দিব নতুন গতি । 'যুৱ শক্তি সমাৰোহ'ৰ পৰাই ৰাজ্যৰ প্ৰতিখন জিলালৈ যুৱ সমাজে কঢ়িয়াই নিব বিকশিত আৰু প্ৰগতিশীল অসমৰ উত্তৰণৰ বাৰ্তা ।

লগতে পঢ়ক : মোদী গ'ল, অমিত শ্বাহ আহিল : বৰাকৰ তিনিখন আসন অগপক এৰি ১৮ মাৰ্চত ওলাব বিজেপিৰ পূৰ্ণাংগ প্ৰাৰ্থী তালিকা

লগতে পঢ়ক : পৰাজয়ৰ শতকলৈ অপেক্ষা কৰিছে কংগ্ৰেছে : শিলচৰৰ জনসভাত কংগ্ৰেছক তুলাধুনা নৰেন্দ্ৰ মোদীৰ