জুবিন বিহীন দীপাৱলীত নহ'ব আতচবাজী
মৰাণত ফটকা বিক্ৰেতাৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অভিযান । ফটকা, আতচবাজী বিহীন দীপাৱলী উদযাপন কৰিবলৈ ৰাইজলৈ আহ্বান ।

Published : October 20, 2025 at 6:23 PM IST
ডিব্ৰুগড় : অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত আজিও শোকস্তব্ধ সমগ্ৰ ৰাজ্যবাসী । প্ৰিয় শিল্পীজনক হেৰুৱাই যেন আজিও স্বাভাৱিক হ'ব পৰা নাই অসমৰ ৰাইজ । প্ৰিয় শিল্পী জুবিন গাৰ্গৰ এই মৃত্যুৰ উচিত তদন্তৰ দাবী উঠিছে ।
এইবাৰ পোহৰৰ উৎসৱত প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই জুবিন অনুৰাগীসকলে আতচবাজী ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই দীপাৱলীত আতচবাজীৰ পৰিৱৰ্তে মাটিৰ চাকিৰে প্ৰতিখন ঘৰ পোহৰাবলৈ আহ্বান জনাইছে দল-সংগঠনৰ লগতে জুবিন অনুৰাগী সকলে ।

ইয়াৰ মাজতে মৰাণ নগৰত আজি (সোমবাৰ) ফটকা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰাণ আঞ্চলিক সমিতিয়ে ৷ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাভ নকৰা পৰ্যন্ত কোনোধৰণৰ ৰং-তামাচা, আনন্দ-উৎসৱ পালন কৰা নহ'ব বুলি স্পষ্ট কৰি দি এজেৱাইচিপিয়ে এইবাৰ দীপাৱলী কেৱল চাকি-বন্তি জ্বলাই পালন কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে ৷
ইয়াৰ সমান্তৰালভাৱে আজি সংগঠনটোৱে একাংশ সচেতন যুৱকৰ সহযোগত মৰাণ নগৰত ফটকা-আতচবাজী বিক্ৰী কৰা ব্যৱসায়ীসকলৰ বিৰুদ্ধে অভিযান চলায় ৷ কোনো কাৰণতে মৰাণত ফটকা-আতচবাজী বিক্ৰী কৰিবলৈ দিয়া নহ'ব বুলিও সঁকীয়াই দিয়ে সংগঠনটোৱে ৷ এইক্ষেত্ৰত ব্যৱসায়ীসকলৰ লগতে মৰাণবাসীকো সহযোগিতা আগবঢ়াবলৈ সংগঠনটোৱে আহ্বান জনাইছে ।
- আটচবাজীৰ দোকান মৰাণত খুলিব নোৱাৰিব :
ফটকা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা উপ-সভাপতি পল্লৱ শৰ্মাই কয়, "আজি পোহৰৰ উৎসৱ দীপাৱলীত চাকি জ্বলাই অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ বাবে সেৱা জনাম । জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ লগত জড়িত সকলক অতি সোনকালে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী কৰি আহিছো । সামাজিক মাধ্যমত #JusticeForZubeenGarg লিখি আহিছো । অতি সোনকালে ন্যায় প্ৰদান কৰক নহ'লে অসমৰ ৰাইজ জ্বলিছে । আতচবাজীৰ দোকান মৰাণত খুলিব নোৱাৰিব ।"

- এইবছৰ কেৱল চাকি আৰু মমবাতিৰে পোহৰৰ উৎসৱ উদযাপন কৰিবলৈ আহ্বান :
অনুষ্ঠানত উপস্থিত থাকি সংগঠনটোৰ জিলা সম্পাদক বিতুপন লাচঙে কয়, "আমি অতিকৈ দুখ পাইছো । আমি সকলোৱে ন্যায় বিচাৰিছো । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়েও জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছো । কিন্তু মৰাণত কিছু অসাধু ব্যৱসায়ীয়ে আটচবাজী বিক্ৰী কৰিছে । আমি সেইসমূহ বন্ধ কৰিছো । এই বছৰ কেৱল চাকি আৰু মমবাতিৰে পোহৰৰ উৎসৱ উদযাপন কৰিবলৈ আহ্বান জনাইছিলো ।"

