ETV Bharat / health

ফটকা, আতচবাজীৰ বাবে হ'ব পাৰে বিপদ; জুয়ে পুৰিলে কি কৰিব ?

সাৱধান নহ'লে মাটিৰ চাকি জ্বলোৱাৰ সময়তো হ'ব পাৰে দুৰ্ঘটনা ।

How you can prevent firecracker burns ?
ফটকা,আতচবাজী ফুটাওতে হওক সাৱধান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 20, 2025 at 2:30 PM IST

|

Updated : October 20, 2025 at 11:29 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : আজি পোহৰৰ উৎসৱ দীপাৱলী । পোহৰৰ উৎসৱ মানেই উছাহ-উদ্দীপনা । সকলোৱে চাকি-বন্তি জ্বলাই, ফটকা আতচবাজীৰে দীপাৱলী উদ্‌যাপন কৰে । কোনো কিমান ফটকা,আতচবাজী ফুটাব পাৰে তাৰেই যেন অঘোষিত প্ৰতিযোগিতা । এই আনন্দৰ মাজতেই যদি সতৰ্কতা অৱলম্বন নকৰে তেতিয়াহ'লে বিপদ হোৱাৰ আশংকা থাকে । সেইবাবে সকলোৱে নিৰাপদে দীপাৱলী উদযাপনৰ বাবে সতৰ্কতা অৱলম্বন কৰিব লাগে ।

দীপাৱলীৰ সময়ছোৱা গাঁৱে-ভূঞে, চহৰে-নগৰে প্ৰতিঘৰৰ পদূলিত চাকি জ্বলাই পোহৰৰ উৎসৱ উদযাপন কৰা হয় । লগতেই চৌদিশে ফটকা ফুটিব, হ’ব আতচবাজী । এই আতচবাজীৰ বাবে দীপাৱলীৰ আনন্দৰ মাজতে বহুতো অগ্নিদগ্ধ হোৱা দেখা যায় । এই সন্দৰ্ভত ডাক্তৰ অপৰাজিৎ বৰ্মনে কি কয়, জানো আহক...

জুয়ে পুৰিলে কি কৰিব ? ক'লে চিকিৎসকে (ETV Bharat Assam)

জুয়ে পোৰা দুৰ্ঘটনাসমূহৰ ভিতৰত প্ৰায় ১০ শতাংশই হৈছে দীপাৱলীৰ সময়ত সংঘটিত দুৰ্ঘটনা । প্ৰায়ভাগ লোকৰ মনত আকৌ এই সময়ত কেৱল ফটকা আদিৰ বাবে অগ্নিদগ্ধ হয় বুলি ভাবে । মনত ৰাখিব সাৱধান নহ'লে মাটিৰ চাকি জ্বলোৱাৰ সময়তো হ'ব পাৰে দুৰ্ঘটনা । তদুপৰি দীপাৱলীৰ সময়ত ফুটুৱা ফটকাৰ ফলত বায়ুমণ্ডল প্ৰদূষণ আৰু শব্দ প্ৰদূষণ হয় ।

কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব ?

  • দীপাৱলীৰ সময়ত আতচবাজীৰ বাবে বহুলোকে অগ্নিদগ্ধ হোৱা দেখা যায় ।
  • সেয়ে পাৰিলে এই সময়ছোৱাত আতচবাজী ব্যৱহাৰৰ কৰোতে সাৱধান হোৱা উচিত ।
  • আতচবাজীৰ ব্যৱহাৰৰ পৰিৱৰ্তে চাকি জ্বলাইয়ে এই পোহৰৰ উৎসৱ উদযাপন কৰিব লাগে ।
  • শিশুসকলক আতচবাজী বা ফটকা ফুটাব দিব নালাগে ।
How you can prevent firecracker burns ?
ফটকা,আতচবাজী ফুটাওতে হওক সাৱধান (ETV Bharat Assam)
  • আতচবাজীৰ ব্যৱহাৰ কৰিলেও ফুলজাৰী বা চকৰি আদিহে ব্যৱহাৰ কৰিব লাগে ।
  • ফটকা ফুটুৱাৰ সময়ত সদায় এবাল্টি পানী ওচৰত ৰাখিব যাতে কৰবাত জুই লাগিলে সেই পানীখিনি ব্যৱহাৰ কৰিব পাৰে ।
  • চাকি বা ফটকা ফুটুৱাৰ সময়ত কেতিয়াও ঢিলা কাপোৰ পৰিধান কৰি কেতিয়াবা জ্বলাব নালাগে । কাৰণ এনে কাপোৰ পৰিধান কৰাৰ ফলত তৎক্ষণাত জুই লাগিব পাৰে । সেয়ে শাৰী পৰিধান কৰিলেও টানকৈ মেৰিয়াই ল'ব ।
  • চুৰিদাৰ পৰিধান কৰোতেও সাৱধানতা অৱলম্বন কৰিব । কাৰণ চুৰ্ণী বা দোপাট্টাখন টানকৈ মেৰিয়াই নল'লে জুই লাগিব পাৰে ।

জুয়ে পুৰিলে তাৎক্ষণিকভাৱে কি কৰিব ?

  • জুয়ে পোৰাৰ লগে লগে পোৰা অংশত পানী ঢালিব লাগে ।
  • প্ৰাৰম্ভিক পৰ্যায়ত টেপৰ পানী ব্যৱহাৰ কৰিব পাৰে ।
  • যেতিয়ালৈ পোৰণিৰ উপশম নহয় তেতিয়ালৈ পানী ঢালি থাকিব লাগে ।
  • পানী ঢালিবলৈ অসুবিধা হ'লে তিতা কাপোৰ এখন লগাই থ’ব লাগে ।
  • লগতে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে ।
  • জুয়ে পোৰা ঘাঁৰ ওপৰত কোনো ধৰণৰ প্ৰলেপ লগাব নালাগে ।
How you can prevent firecracker burns ?
ফটকা,আতচবাজী ফুটাওতে হওক সাৱধান (ETV Bharat Assam)
  • বহুতে জুয়ে পুৰিলে টুথপেষ্ট, ঘি, মাখন, আলু আদি লগাব নালাগে ।
  • আনকি এণ্টিবায়'টিক মলমো লগাব নালাগে ।

লগতে পঢ়ক:গৌৰৱেৰে কওক, এইয়া স্বদেশী; দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে কৰিলে বিশেষ আহ্বান

দীপাৱলী উপলক্ষে বিভিন্ন ফুল-মিঠাইৰ আৰ্হিৰ ম'মবাতি প্ৰস্তুত কৰি গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰিছে সুৰভিয়ে

Last Updated : October 20, 2025 at 11:29 PM IST