গৌৰৱেৰে কওক, এইয়া স্বদেশী; দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে কৰিলে বিশেষ আহ্বান
প্ৰধানমন্ত্ৰী মোদীয়ে স্থানীয় সামগ্ৰীক সমৰ্থন কৰি আৰু আত্মনিৰ্ভৰশীলতাৰ মনোভাৱ প্ৰদৰ্শন কৰি উৎসৱৰ বতৰ উদযাপন কৰিবলৈ সকলোকে আহ্বান জনায় ।

Published : October 20, 2025 at 11:14 AM IST
নতুন দিল্লী : সোমবাৰে সমগ্ৰ দেশতে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰা হৈছে ৷ দীপাৱলী উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে ৷
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ শুভেচ্ছা জ্ঞাপন
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি কয়, “দীপাৱলীৰ শুভক্ষণত ভাৰত আৰু বিদেশত বসবাস কৰা সকলো ভাৰতীয়লৈ মোৰ শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ ৷”
दीपावली के शुभ अवसर पर मैं, भारत और विदेश में रह रहे सभी भारतीयों को बधाई और शुभकामनाएं देती हूं। pic.twitter.com/1Ealry6tam
— President of India (@rashtrapatibhvn) October 20, 2025
উপ-ৰাষ্ট্ৰপতিয়েও জনালে শুভেচ্ছা
উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনেও সকলো দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে ৷ X ত এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ কয়, "দীপাৱলীত সকলোকে মোৰ আন্তৰিক শুভেচ্ছা ৷"
My heartiest Deepawali greetings to everyone. pic.twitter.com/6XAnhlLg0v
— CP Radhakrishnan (@CPR_VP) October 20, 2025
প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এটা পোষ্ট শ্বেয়াৰ কৰি কয়, "দীপাৱলীত সকলো দেশবাসীলৈ আন্তৰিক শুভেচ্ছা ৷ এই পবিত্ৰ পোহৰৰ উৎসৱে সকলোৰে জীৱন সুখ, সমৃদ্ধি, আৰু সম্প্ৰীতিৰে আলোকিত কৰক ৷"
सभी देशवासियों को दीपावली की हार्दिक शुभकामनाएं। प्रकाश का यह पावन पर्व हर किसी के जीवन को सुख-समृद्धि और सौहार्द से आलोकित करे, यही कामना है।
— Narendra Modi (@narendramodi) October 20, 2025
প্ৰধানমন্ত্ৰী মোদীৰ আবেদন
দীপাৱলী উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে সকলো দেশবাসীক থলুৱা সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান জনায় ৷ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা প্ৰধানমন্ত্ৰী মোদীয়ে থলুৱা সামগ্ৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ৷ তেওঁ সদায় মেক ইন ইণ্ডিয়াৰ কথা কৈ আহিছে ৷ তদুপৰি তেওঁ দীপাৱলীত উৎসৱসমূহক আদৰণি জনোৱাৰ লগতে দেশৰ ১.৪ বিলিয়ন জনসাধাৰণৰ কঠোৰ পৰিশ্ৰম, সৃষ্টিশীলতা আৰু উদ্ভাৱনক সন্মান জনোৱাৰ আহ্বান জনায় ৷
Let’s mark this festive season by celebrating the hardwork, creativity and innovation of 140 crore Indians.
— Narendra Modi (@narendramodi) October 19, 2025
Let’s buy Indian products and say- Garv Se Kaho Yeh Swadeshi Hai!
Do also share what you bought on social media. This way you will inspire others to also do the same. https://t.co/OyzVwFF8j6
তেওঁ কয়, "১৪০ কোটি ভাৰতীয়ৰ কঠোৰ পৰিশ্ৰম, সৃষ্টিশীলতা আৰু উদ্ভাৱনক উদযাপন কৰি এই উৎসৱৰ বতৰটো উদযাপন কৰোঁ আহক ৷ আহকচোন ভাৰতীয় সামগ্ৰী কিনি গৌৰৱেৰে কওক, এইয়া স্বদেশী ! আপুনি কিনাখিনি ছ’চিয়েল মিডিয়াতো শ্বেয়াৰ কৰক । এইদৰে আপুনি আনকো একে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব ।"
গৃহমন্ত্ৰী অমিত শ্বাহৰ দীপাৱলীৰ শুভেচ্ছা
ইফালে গৃহমন্ত্ৰী অমিত শ্বাহে দীপাৱলীৰ শুভেচ্ছা জনাই ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি কয়, "পোহৰ আৰু আনন্দৰ উৎসৱ দীপাৱলীত সকলোকে আন্তৰিক শুভেচ্ছা ৷ সকলোৰে স্বাস্থ্য আৰু সমৃদ্ধিৰ বাবে ভগৱান শ্ৰীৰামৰ ওচৰত প্ৰাৰ্থনা জনাইছো ৷"
प्रकाश और उल्लास के पर्व दीपावली की सभी को हार्दिक शुभकामनाएँ।
— Amit Shah (@AmitShah) October 20, 2025
प्रभु श्रीराम से सभी के आरोग्य और धन-धान्य की प्रार्थना करता हूँ। pic.twitter.com/VZEJoilK25
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ তেওঁ কয় যে এই উৎসৱ সত্যৰ চিৰন্তন বিজয়ৰ পবিত্ৰ প্ৰতীক ৷ এই দীপাৱলী বিশেষ কাৰণ, কেন্দ্ৰৰ মোদী চৰকাৰে দুটা জি এছ টি ফলক নাইকিয়া কৰি দেশবাসীক কৰ বোজাৰ পৰা মুক্ত কৰিছে ৷
\सत्य, सनातन, सदाचार और सकारात्मकता की शाश्वत विजय के पावन प्रतीक महापर्व दीपावली की आप सभी को हार्दिक बधाई एवं शुभकामनाएं!
— Yogi Adityanath (@myogiadityanath) October 20, 2025
दीपोत्सव केवल दीप जलाने का अनुष्ठान नहीं, बल्कि आत्मा में आशा का आलोक, समाज में समरसता का स्पंदन और राष्ट्र में नवजागरण का संकल्प है।
प्रभु श्री राम और… pic.twitter.com/ShL15uGKcr
লগতে পঢ়ক : নিৰাপদে, দায়িত্বশীলভাৱে আৰু পৰিৱেশ অনুকূলভাৱে সকলোৱে দীপাৱলী উদযাপন কৰক : ৰাষ্ট্ৰপতি মুৰ্মু

