ETV Bharat / state

তেজপুৰ বিশ্ববিদ্যালয়ত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি, প্ৰথমবাৰৰ বাবে উদযাপন কাতি বিহু

ছাত্ৰ আন্দোলনৰ মাজতেই সংগীতৰ মহানায়কলৈ শ্ৰদ্ধাঞ্জলি ।

TRIBUTE TO ZUBEEN GARG IN TEZPUR
তেজপুৰ বিশ্ববিদ্যালয়ত জুবিন গাৰ্গলৈ সাংস্কৃতিক কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 20, 2025 at 9:02 AM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ: তেজপুৰ বিশ্ববিদ্যালয়ত চলি থকা ছাত্ৰ সমাজৰ প্ৰতিবাদৰ মাজতে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ সাংস্কৃতিক কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন । জুবিন গাৰ্গৰ অকাল মৃত্যুৰ কালি সম্পূৰ্ণ হয় এটা মাহ । ছাত্র সমাজৰ প্ৰতিবাদী কাৰ্যসূচীৰ সমান্তৰালভাৱে শিল্পী গৰাকীৰ মৃত্যুৰ এমাহৰ দিনটোতেই ছাত্ৰ-ছাত্ৰীসকলে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শান্তি সমদল উলিয়াই শিল্পী গৰাকীৰ বিভিন্ন গীত এলবামৰ প্ৰতিচ্ছবি প্ৰদৰ্শন কৰে ।

এই সন্দৰ্ভত বিশ্ববিদ্যালয়খনৰ ছাত্র নিপু বৰাই কয়, "শিল্পী গৰাকীৰ মহিমাৰ প্ৰতিধ্বনিৰে জিলিকি থকা গীত সমূহ ছাত্ৰ-ছাত্ৰীসকলে শ্ৰদ্ধাঞ্জলিৰে উদযাপন কৰাৰ সময়ত তেওঁৰ সংগীত সমগ্ৰ চৌহদতে প্ৰতিধ্বনিত হয় । কাৰণ প্ৰয়াত শিল্পী গৰাকী তেওঁলোকৰ চলি থকা ছাত্ৰ আন্দোলনক পথ প্ৰদৰ্শন কৰা শক্তিৰ দৰ্শন । ছাত্র সমাজে বেনাৰ, ছবি আৰু বিভিন্ন এলবাম প্ৰদৰ্শন কৰি সাংস্কৃতিক সমাৱেশৰে শিল্পীজনৰ বাবে উৎসৰ্গিত কৰে । ছাত্ৰ-ছাত্ৰীসকলে চৌহদত নাহৰ গছ ৰোপণ কৰি জুবিন গাৰ্গৰ প্ৰতি থকা প্ৰেমক চিৰস্থায়ী কৰিছে ।"

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন তেজপুৰ বিশ্ববিদ্যালয়ত (ETV Bharat Assam)

উল্লেখ্য় যে বিশ্ববিদ্যালয়ৰ চৌহদত বিগত ২১ ছেপ্টেম্বৰৰ পৰা ছাত্র সমাজে কেইবাটাও দাবী উত্থাপন কৰি আৰু শিক্ষক সমাজে উপাচাৰ্য শম্ভূনাথ সিঙৰ বিশ্ববিদ্যালয়ৰ ভিতৰত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । ইয়াৰ মাজতে ছাত্র সমাজে শনিবাৰে প্ৰতিবাদৰ উপৰি প্ৰথমবাৰৰ বাবে কাতি বিহুৰ পৰম্পৰাৰে এক কাৰ্যসূচী গ্ৰহণ কৰে । এই সন্দৰ্ভত ছাত্ৰ নিপু বৰাই কয়, "গণতান্ত্ৰিকভাৱে কৰা অধিকাৰৰ আন্দোলনৰ মাজতো এয়া কাতি বিহুৰ পৰম্পৰা অক্ষুণ্ণ ৰখাৰ প্ৰয়াস তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সমাজৰ । লগতে জুবিন গাৰ্গ অভিনীত প্ৰথমখন চিনেমা তুমি মোৰ মাথোঁ মোৰ প্ৰদৰ্শন কৰা হয় । এয়াই নৱ প্ৰজন্মৰ সহনশীলতাৰ এক উৎকৃষ্ট উদাহৰণ । "

লগতে পঢ়ক:তেজপুৰ বিশ্ববিদ্যালয়ত নিশা পুনৰ জ্বলিল উপাচাৰ্যৰ পুত্তলিকা, ৩৮৮ দিন উধাও উপাচাৰ্য

জুবিন গাৰ্গে ন্যায় নোপোৱালৈ ক্ষান্ত নহয় আছু; ৰাজ্যজুৰি বন্তি প্রজ্বলন