জুবিন গাৰ্গে ন্যায় নোপোৱালৈ ক্ষান্ত নহয় আছু; ৰাজ্যজুৰি বন্তি প্রজ্বলন
যেতিয়ালৈ ন্যায় নাপায় তেতিয়ালৈ সংগ্ৰাম অব্যাহত ৰখাৰ সংকল্প আছুৰ ।

Published : October 19, 2025 at 9:16 PM IST
|Updated : October 19, 2025 at 11:45 PM IST
গুৱাহাটী: প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থা(আছু)ৰ বন্তি প্রজ্বলন । অসমৰ প্ৰতিখন আঞ্চলিক ছাত্র সন্থাই নিজ নিজ অঞ্চলৰ ৰাজহুৱা স্থানত দেওবাৰে সন্ধিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্রতিচ্ছৱিত বন্তি প্ৰজ্বলন কৰে ।
সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগতো ৰাইজৰ সহযোগত লতাশিল খেলপথাৰত বন্তি প্ৰজ্বলন কৰি জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবী জনাই হাজাৰ হাজাৰ অনুৰাগীয়ে ।
এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, "অসমৰ প্ৰতিটো পৰিয়ালত এজন সদস্য নোহাৱা হ'লে ঘৰত যি পৰিস্থিতি হয় সেয়া একেই হৈছে । কাম কৰিবলৈ মন নাযায়, খাবলৈ মন নাযায়, কোনো কথাত মনোযোগ দিব পৰা নাযায় । সকলোৰে মনবোৰ অশান্ত । যোৱা এটা মাহে আমি এনেদৰে পাৰ কৰিলো । অসমৰ প্ৰতিটো পৰিয়ালে অশান্ত মনেৰে এটা মাহ পাৰ কৰিলে ।"
আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে পুনৰ কয়, "আজি জুবিন গাৰ্গৰ প্ৰতি ন্যায় প্ৰদানৰ দাবীত আৰু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সমগ্ৰ অসমৰ প্ৰতিটো অঞ্চলত ছাত্ৰ সন্থাৰ আহ্বানত ৰাইজ সমবেত হৈ বন্তি প্ৰজ্বলন কৰি জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে । লতাশিলত থিয় হৈ এটাই ক'ব বিচাৰিছো প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিবই লাগিব । দোষীক দৃষ্টান্তমূলক কোঠৰ শাস্তি দিব লাগিব । তদন্ত ক্ষিপ্ৰ আৰু পানী নসৰকা হ'ব লাগিব । এছ আই টিয়ে সাক্ষ্য প্ৰমাণসহ অভিযোগনামা শক্তিশালীভাৱে আদালতত জমা দিব লাগিব যাতে এজনো দোষী সাৰি যাব নোৱাৰে । জুবিন গাৰ্গে ন্যায় নোপোৱালৈ আমি ক্ষান্ত নহও । "
আনহাতে আছুৰ সভাপতি উৎপল শৰ্মাই কয়, "যোৱা এটা মাহ অসমৰ মানুহৰ মনত যি একুৰা জুই জ্বলি আছে তেতিয়ালৈ নুনুমাই যেতিয়ালৈ শিল্পী গৰাকীয়ে ন্যায় নাপায় । বন্তি প্ৰজ্বলনৰ উদ্দেশ্যে কেৱল প্ৰাণৰ শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাই নহয় । এই বন্তি প্ৰজ্বলনৰ জৰিয়তে আমি সকলোৱে সংকল্প লৈছো যেতিয়ালৈ প্ৰাণৰ শিল্পী গৰাকীয়ে ন্যায় নাপায় তেতিয়ালৈ সংগ্ৰাম অব্যাহত থাকিব । ন্যায়ৰ সংগ্ৰামখন ক্ষিপ্ৰতৰ হ'ব । অহা ২৩ অক্টোবৰত সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ সদৰত ন্যায় সমদল কৰা হ'ব । যেতিয়ালৈ ৰাইজ আশ্বস্ত নহয়, তেতিয়ালৈ সংগ্ৰাম অব্যাহত থাকিব । ন্যায় তেতিয়াহে পাব যেতিয়া পানী নসৰকা তদন্ত হ'ব ।"

