তেজপুৰ বিশ্ববিদ্যালয়ত নিশা পুনৰ জ্বলিল উপাচাৰ্যৰ পুত্তলিকা, ৩৮৮ দিন উধাও উপাচাৰ্য
৩৮৮ দিনেই বিশ্ববিদ্যালয়ত অনুপস্থিত উপাচাৰ্য । ক্ষোভিত ছাত্ৰ সমাজে জ্বলালে পুত্তলিকা ।

Published : October 18, 2025 at 7:53 PM IST
তেজপুৰ: জনদৰদী শিল্পী অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল মৃত্যুৰ আজি সম্পূৰ্ণ এটা মাহ । এই শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ অৱহেলা বাবে ২১ ছেপ্টেম্বৰ পৰা ঐতিহাসিক অসম আন্দোলনৰ প্ৰেক্ষাপটত স্থাপন হোৱা তেজপুৰ বিশ্ববিদ্যালয়ত আৰম্ভ হৈছিল ছাত্র সমাজৰ প্ৰতিবাদ আৰু ক্ষোভ । এই প্ৰতিবাদ চলি থকা আজি ২৯ দিনৰ ভিতৰত গণতান্ত্ৰিক আন্দোলন ক্ৰমান্বয়ে উত্তপ্ত হ'বলৈ ধৰিছে । দৈনিক বিশ্ববিদ্যালয়ৰ কেম্পাছৰ ভিতৰত অনুৰূপ ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে । ছাত্র শিক্ষক সকলোৱে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে কৰা এই প্ৰতিবাদ পুত্তলিকা দাহ আৰম্ভ হৈছে ।
নিশা হ'লেই বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হয় । শুকুৰবাৰে নিশাও তেজপুৰ বিশ্ববিদ্যালয়ৰ মূল দ্বাৰৰ ভিতৰত শিক্ষক ছাত্র সমাজৰ প্ৰতিবাদী কাৰ্যসূচীৰ পিছত উপাচাৰ্য শম্ভূনাথ সিঙৰ ফটো সম্বলিত পুত্তলিকা দাহ কৰা হয় । উল্লেখযোগ্য যে উপাচাৰ্যগৰাকীয়ে বিগত ২ বছৰ ৫ মাহত বিশ্ববিদ্যালয়ৰ খৰচেৰে উপাচাৰ্যৰ ৫১ টা ভ্ৰমণ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে ।
বিশ্ববিদ্যালয়ৰ ছাত্ৰ নিপু বৰাই কয়, "বিয়লি বিশ্ববিদ্যালয়ৰ কেম্পাছৰ ভিতৰত প্ৰতিবাদ সাব্যস্ত আৰু শিক্ষকসকলৰ লগত এখন সভা অনুষ্ঠিত হয় আৰু পৰৱৰ্তী সময়ত ছাত্র-ছাত্ৰীসকলে উপাচাৰ্যৰ ফটো সম্বলিত পুত্তলিকা দাহ কৰা হয় । এই পুত্তলিকা দাহ কাৰ্যসূচী ছাত্রসকলে অনুষ্ঠিত কৰে আৰু তেওঁলোকে সকলোৰে লগত এই বিষয়ে সমৰ্থন কৰাৰ বাবে আগবাঢ়ি আহে ।"
ছাত্র সমাজে ড্ৰাম বজাই 'শিক্ষাৰ্থী আজি জাগিছে শম্ভূনাথ পলাইছে', 'শম্ভূনাথ জ্বলিছে, জ্বলিবই জ্বলিব' ইত্যাদি শ্ল'গানৰে প্ৰতিবাদ সাব্যস্ত কৰে । ইয়াৰ পূৰ্বে বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থাৰ সভাপতি কুসুম বনিয়াই ই টিভি ভাৰতক টেলিফোন যোগে জনাই, "সন্ধিয়া বিশ্ববিদ্যালয়ৰ চৌহদত সকলো একত্ৰিত হয় আৰু সকলোৱে নিজৰ নিজৰ বক্তব্য ৰাখে আৰু গীত পৰিৱেশন কৰে । ইয়াৰ পিছত ছাত্র সমাজে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভূনাথ সিঙৰ পুত্তলিকা দাহ কৰে ।"

বিশ্ববিদ্যালয়ৰ ছাত্র নিপু বৰাই কয়, "উপাচাৰ্যগৰাকীৰ ফটো পুত্তলিকাত একেলগে কেইবাটাও সংযোগ কৰি তেওঁলোকে ৰাৱণৰ লগত তুলনা কৰি এই ৰাৱণ বধৰ দৰে এক বাৰ্তা প্ৰেৰণ কৰে কাৰণ 'অসমীয়া-অনা অসমীয়াৰ মাজত বিভেদ সৃষ্টি হৈছে' বুলি উপাচাৰ্য তথা তেখেতৰ অনুগতসকলে অনা অভিযোগক নস্যাৎ কৰি সমগ্ৰ শিক্ষাৰ্থী সমাজে এই প্ৰতিবাদ সাব্যস্ত কৰে ।"
আনহাতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভূনাথ সিঙে বিগত দুই বছৰৰ ভিতৰত অত্যাধিক ভ্ৰমণৰ এক বিশেষ তথ্য পোহৰলৈ আহিছে । এখন তালিকা অনুসৰি উপাচাৰ্যগৰাকীয়ে ২ বছৰ ৫ মাহত বিশ্ববিদ্যালয়ৰ খৰচেৰে উপাচাৰ্যৰ ৫১ টা ভ্ৰমণ কৰিছে সেয়া মাত্ৰ দেশৰ ভিতৰতে বিদেশ ভ্ৰমণৰ তালিকা সুকীয়া । লগতে উপাচাৰ্যগৰাকীয়ে বিশ্ববিদ্যালয়ত ৩৮৮ দিন অনুপস্থিত থকাৰ এখন তালিকা প্ৰকাশ পাইছে ।

যোৱা ১০ অক্টোবৰৰ নিশা বিশ্ববিদ্যালয়ৰ ছাত্র ছাত্ৰীয়ে এই মূল প্ৰৱেশদ্বাৰত আৰু প্ৰশাসনিক ভৱনৰ সন্মুখত উপাচাৰ্য শম্ভূনাথ সিং, সহযোগী অধ্যাপক দেৱেন চন্দ্ৰ বৰুৱা, শংকৰ চন্দ্ৰ ডেকা, ব্ৰজবন্ধু মিশ্ৰ আৰু যাদৱ চন্দ্ৰ নাথৰ পুত্তলিকা ওলমাই ছেণ্ডেল পিন্ধাই দাহ কৰিছিল ।
তাৰ পিছত ১৫ অক্টোবৰত বিশ্ববিদ্যালয়ৰ এই সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগৰ গঠন কৰি দিয়া উচ্চ শিক্ষা বিভাগৰ পৰা তিনিজনীয়া দল বিশ্ববিদ্যালয়ত উপস্থিত হয় । এই তদন্তকাৰী দলৰ ভিতৰত আছিল বিশ্বজিৎ কুমাৰ কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগৰ সঞ্চালক, কেন্দ্ৰীয় চৰকাৰৰ উচ্চ শিক্ষাৰ যুটীয়া সচিব আৰ্ম্মস্তৰং পামে আৰু সৌম্য গুপ্তা, কেন্দ্ৰীয় উচ্চ শিক্ষাৰ যুটীয়া সচিব ।
এই তদন্তকাৰী দলে তদন্তৰ তথ্য সংগ্ৰহ কৰি ১৬ অক্টোবৰত বিশ্ববিদ্যালয়ৰ পৰা উভতি যায় । বৰ্তমানলৈকে বিশ্ববিদ্যালয়ত তিনিটা পৰ্যায়ৰ তদন্ত সম্পন্ন হৈছে । প্ৰথমে শোণিতপুৰৰ জিলা আয়ুক্তৰ দণ্ডাধীশ পৰ্যায়ৰ, পৰৱৰ্তী সময়ত ১০ অক্টোবৰত অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই গঠন কৰি দিয়া তিনিজনীয়া তদন্ত আৰু কেন্দ্ৰীয় চৰকাৰৰ তিনিজনীয়া তদন্তকাৰী দলৰ তদন্ত সম্পন্ন হয় ।
তেজপুৰৰ নপামত অৱস্থিত এই বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰতিবাদ, আন্দোলনে শীৰ্ষ স্থান দখল কৰাৰ সময়তে ১০ অক্টোবৰত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু চাৰিগৰাকী বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত তিনিজনীয়া এখন তদন্ত কমিটী গঠন কৰে । এই তদন্তকাৰী কমিটীয়ে বিশ্ববিদ্যালয়ত উপস্থিত হৈ ছাত্র-ছাত্ৰী আৰু শিক্ষকসকলৰ লগত বিষয় সম্পৰ্কে আলোচনা কৰি ৰাজ্যপালক ৭ দিনৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হয় ।
ৰাজ্যপালে গুৱাহাটীৰ আই আই টি ৰ দেৱেন্দ্ৰ জালিহালক অধ্যক্ষ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকা আৰু অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰক সদস্য হিচাপে লৈ তিনিজনীয়া কমিটী গঠন কৰি দিছে আৰু সাতদিনৰ ভিতৰত সম্পূৰ্ণ প্ৰতিবেদন দাখিল কৰিবলৈ জনাইছে ।

