ছয় নং দফা ৰূপায়ণ সন্দৰ্ভত আছুৰ নেতৃত্বৰে মুখ্যমন্ত্রীৰ বৈঠক, অসম চুক্তি ৰূপায়ণৰ দিশত আন এক পদক্ষেপ
দিছপুৰৰ লোকসেৱা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা বৈঠকত বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদন কার্যকৰীকৰণ সন্দৰ্ভত বিশদ আলোচনা কৰা হয় ।


Published : November 22, 2025 at 11:53 PM IST
গুৱাহাটী : অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন কার্যকৰীকৰণৰ সন্দৰ্ভত শনিবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা বৈঠকত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ হৈ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্যই অংশগ্ৰহণ কৰে । দিছপুৰৰ লোকসেৱা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা বৈঠকত বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদন কার্যকৰীকৰণ সন্দৰ্ভত বিশদ আলোচনা কৰা হয় । আনহাতে বৈঠকৰ পূৰ্বে অসম চুক্তিৰ দফা ৰূপায়ণ উপ সমিতিৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰা হয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত প্ৰতিবেদন দাখিল কৰে মন্ত্ৰী অতুল বৰাই । চুক্তিৰ দফা ৰূপায়ণক লৈ উপ সমিতিৰ সাত লানি বৈঠক অনুষ্ঠিত হৈছিল ।
লক্ষণীয় বিষয় যে ভাৰত চৰকাৰে বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত উচ্চস্তৰীয় সমিতি গঠন কৰাৰ পাছত মুখ্যমন্ত্রীয়ে মন্ত্রী অতুল বৰাৰ অধ্যক্ষতাত আন এখন উপ সমিতি গঠন কৰি দিছিল । উপ সমিতিয়ে সাত লানি বিস্তৃত আলোচনাৰ পাছত প্ৰতিবেদন প্ৰস্তুত কৰি মুখ্যমন্ত্রীক দাখিল কৰে । বৈঠকৰ পাছতে সংবাদমেল সম্বোধন কৰে মন্ত্রী অতুল বৰা আৰু মন্ত্রী অজন্তা নেওগে ।
সংবাদমেলত মন্ত্রী অতুল বৰাই কয়, "অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ উদ্দেশ্যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় সমিতিৰ পৰামৰ্শ সমূহ সন্দৰ্ভত আজি অসম চৰকাৰ আৰু ছাত্র সন্থাৰ মাজত তৃতীয়লানি আলোচনা ভালদৰে অনুষ্ঠিত হয় । আনহাতে মুখ্যমন্ত্রীয়ে এই সন্দৰ্ভত উপ সমিতি গঠন কৰি দিছিল আৰু কেইবালানি বৈঠক অনুষ্ঠিত হৈছিল । লখিমপুৰত হোৱা কেবিনেট বৈঠকত উচ্চস্তৰীয় সমিতিৰ মুঠ ৬৭ টা পৰামৰ্শৰ ক্ষেত্রত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । ইয়াৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰা ১৫ টা পৰামৰ্শ আছিল, ৪০ টা অসম চৰকাৰ আওতাত পৰা আৰু ১২ টা আছিল ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কৰিব পৰা পৰামৰ্শ আছিল । আজিৰ বৈঠকত ৪০ টা আৰু ১২ টাকে ধৰি ৫২ টা পৰামৰ্শৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে কেতিয়া কেনেকৈ কাৰ্যকৰী কৰিব সেই সম্পৰ্কত বিশদ আলোচনা কৰা হয় ।"

তেওঁ লগতে কয়, "লখিমপুৰৰ কেবিনেটত আৰু আছুৰে হোৱা বৈঠকৰ সিদ্ধান্তমৰ্মে বাজেটত বিত্তমন্ত্রী অজন্তা নেওগে বিভিন্ন বিভাগত পুঁজি ধাৰ্য কৰিছিল । সেই সম্পৰ্কেও আজিৰ বৈঠকত আলোচনা হয় । ছাত্র সন্থাই মুকলিকৈ কেতবোৰ কথা কৈছে । কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰা বিষয়সমূহ ৩১ জানুৱাৰীৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ লগত এক ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে ছাত্র সন্থাৰ নেতৃত্বই । এই ক্ষেত্রত মুখ্যমন্ত্রীয়ে তেওঁলোকক আশ্বাস প্ৰদান কৰিছে । ১৫ টা বিষয়ৰ ওপৰত ৰাজ্য চৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰে । আজিৰ বৈঠকত সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত আছিল । তেওঁলোকক বিষয় সমূহ আগবঢ়াই নিয়াৰ বাবে কোৱা হৈছে ।"
মন্ত্রীগৰাকীয়ে লগতে কয়, "আজিৰ বৈঠকত আছুৱে বিচৰা ধৰণে এখন কমিটী গঠনৰ সিদ্ধান্ত লোৱা হৈছে । অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্রীক অধ্যক্ষ হিচাপে লৈ আৰু মুখ্য সচিব আৰু জ্যেষ্ঠ বিষয়াসকলক ৰাখি এখন কমিটী গঠন কৰাৰ কথা কোৱা হৈছে । যাতে এই কমিটীখনৰ যোগেদি কামখিনি সোনকালে আৰু ঠিকমতে হয় । এইখিনি সকলোৱে একমত প্ৰকাশ কৰিছে । উপ সমিতিৰ প্ৰতিবেদনো আজি দাখিল কৰা হৈছে ।"

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মিলি কৰিবলগীয়া ১২ টা পৰামৰ্শ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্রীগৰাকীয়ে কয়, "কেন্দ্ৰীয় চৰকাৰৰ সন্মতি থাকিলে এইখিনি কাম ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আগবঢ়াই লৈ যাব পৰা যায় । সেই সম্পৰ্কটো এখন একচন প্লেন তৈয়াৰ কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে । ১৫ টা বিষয়হে কেন্দ্ৰীয় চৰকাৰৰ আওতাৰ আৰু এইক্ষেত্রত মুখ্যমন্ত্রীয়ে আগভাগ লৈছে । অসম চৰকাৰে বিচাৰিলে কেন্দ্ৰীয় চৰকাৰে সন্মতি নিদিয়াৰ কথাই নাই । আনহাতে আছুৱে মেহতা আয়োগৰ প্ৰতিবেদন দাখিল কৰাৰ কথা কৈছিল আৰু মুখ্যমন্ত্রীয়ে সন্মতি জনাইছে ।"
ইফালে আছু সভাপতি উৎপল শৰ্মাই বৈঠক সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়, "আজি ৫২ টা পৰামৰ্শ সন্দৰ্ভত অসম চৰকাৰ আৰু ছাত্র সন্থাৰ মাজত সিদ্ধান্ত গ্ৰহণ কৰা হয় । কাৰ্যকৰীকৰণৰ বাবে তাৰ ৰূপৰেখা অংকন কৰা হয় । অসম চুক্তি ৰূপায়ণ মন্ত্রীৰ অধ্যক্ষতাত এখন কেবিনেট উপ সমিতি গঠন কৰি দিয়া হ'ব । যিখন সমিতিয়ে ৫২ টা পৰামৰ্শৰ প্ৰতিটো পৰামৰ্শ কাৰ্যকৰীকৰণৰ সন্দৰ্ভত প্ৰতি দুমাহত এবাৰকৈ মিলিত হৈ কাৰ্যকৰীকৰণৰ গোটেই প্ৰক্ৰিয়াটো তদাৰক কৰিব । কেন্দ্ৰীয় চৰকাৰৰ আওতাত থকা বিষয় সমূহ বাকী থাকিল । যিকেইটা অতিকৈ গুৰুত্বপূৰ্ণ । যিকেইটা বিষয়ত সংবিধান সংশোধনৰ প্ৰয়োজন আছে । আসন সংৰক্ষণৰ কথা আছে । চাকৰিত সংৰক্ষণৰ কথা আছে । কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাৰ প্ৰয়োজন আছে । মেহতা আয়োগৰ প্ৰতিবেদনৰ প্ৰতিলিপি আজি আমি মুখ্যমন্ত্রীৰ হাতত অৰ্পন কৰিছো । মুখ্যমন্ত্রীক অনুৰোধ জনাইছো যে যিদিনাখন তেওঁলোকে তিৱাৰী আয়োগৰ প্ৰতিবেদনখন বিধানসভাত দাখিল কৰিব সেইখিনি সময়ত এটা নিৰপেক্ষ আলোচনাৰ খাতিৰত মুক্তিযুঁজাৰু সন্থাই গঠন কৰি দিয়া মেহতা আয়োগৰ প্ৰতিবেদনখনো দাখিল কৰে ।"

উল্লেখ্য যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনৰ ৬৭ টা বিষয় অসম চৰকাৰৰ কেবিনেটে চিনাক্ত কৰিছিল । তাৰে ৪০ টা বিষয় সম্পূর্ণ অসম চৰকাৰৰ আওঁতাত, ১৫ টা বিষয় সম্পূর্ণ কেন্দ্ৰীয় চৰকাৰৰ আওঁতাত আৰু ১২ টা বিষয় কেন্দ্ৰীয় আৰু ৰাজ্য উভয় চৰকাৰৰ আওঁতাত পৰে । মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে পূৰ্বতে হোৱা আলোচনাত অসম চৰকাৰৰ আওঁতাত পৰা ৩৮ টা বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু এই বিষয়সমূহ ৰাজ্যিক বাজেটত উল্লেখ কৰা হৈছিল । ৰাজ্য চৰকাৰৰ আওঁতাত পৰা আনবোৰ বিষয় সন্দৰ্ভত পুনৰ আলোচনাৰ বাবে ঠিৰাং কৰা হৈছিল আৰু কেন্দ্ৰীয় চৰকাৰৰ আওঁতাত পৰা বিষয়সমূহৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত ত্রিপাক্ষিক আলোচনা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । শনিবাৰে হোৱা বৈঠকত অসম চৰকাৰৰ আওঁতাত পৰা আন বিষয়সমূহ আলোচনা কৰা হয় । লগতে কেন্দ্ৰীয় চৰকাৰৰ আওঁতাত পৰা বিষয়সমূহৰ সন্দৰ্ভত প্ৰস্তাৱিত ত্রিপাক্ষিক আলোচনাৰ সম্পৰ্কে আলোচনা কৰা হয় ।
মূলতঃ ভাষা, সংস্কৃতি, ভূমিৰ অধিকাৰ আদি বিষয়সমূহৰ ৰক্ষাকৱচ ৰাজ্য চৰকাৰৰ অধীনৰ বিষয় আৰু স্থানীয় নিকায়, বিধানসভা, সংসদত অসমৰ খিলঞ্জীয়া মানুহৰ বাবে আসন সংৰক্ষণ, সকলো জাতি, জনজাতি, জনগোষ্ঠীৰ সম প্ৰতিনিধিত্বৰে উচ্চ সদন গঠন, চাকৰি সংৰক্ষণ, ইনাৰ লাইন পার্মিট ব্যৱস্থা প্ৰৱৰ্তন আদি বিষয়ত ৰক্ষাকৱচ প্রদান কেন্দ্ৰীয় চৰকাৰৰ আওঁতাৰ বিষয় ।

