ETV Bharat / state

অসম চুক্তিৰ ৬ নং দফা: মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত বহিল আছু

অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে আছু নেতৃত্বৰ বৈঠক । অতুল বৰাই অসম চুক্তিৰ দফা ৰূপায়ণ উপ-সমিতিৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিলে মুখ্যমন্ত্ৰীক ।

Atul Bora
অতুল বৰা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 22, 2025 at 7:56 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন কার্যকৰীকৰণৰ সন্দৰ্ভত শনিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত এক আলোচনা অনুষ্ঠিত হয় ।

মুখ্যমন্ত্ৰীৰ সৈতে হোৱা এই আলোচনাত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল ভট্টাচার্য ।

অতুল বৰাই মুখ্যমন্ত্রীক দিব অসম চুক্তিৰ দফা ৰূপায়ণ উপ-সমিতিৰ প্ৰতিবেদন (ETV Bharat)

দিছপুৰৰ লোকসেৱা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত এই আলোচনা অনুষ্ঠিত হয় । ইয়াৰ পূৰ্বে অসম চুক্তিৰ দফা ৰূপায়ণ উপ-সমিতিৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰা হয় । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হাতত প্ৰতিবেদন দাখিল কৰে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই । চুক্তি ৰূপায়ণক লৈ উপ-সমিতিৰ অনুষ্ঠিত হৈছিল ৭ লানি বৈঠক ।

এই সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই সংবাদ মাধ্যমৰ আগত কয়, "আমি আজি প্ৰতিবেদন দাখিল কৰিম । তাৰ পাছত মুখ্যমন্ত্রীয়ে আছুৰ প্ৰতিনিধিৰে আলোচনাত মিলিত হ'ব । অসম চুক্তিৰ দফা ৰূপায়ণৰ দিশত আজি এক উল্লেখযোগ্য দিন । ভাৰত চৰকাৰে বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত উচ্চস্তৰীয় সমিতি গঠন কৰাৰ পাছত মুখ্যমন্ত্রীৰ সদিচ্ছাৰ বাবে এখন কমিটী কৰি দিয়া হয় । এই কমিটীৰ যোগেদি আমি ৬৭ টা ৰিক'মেনডেচন চিনাক্ত কৰিছিলোঁ । তাৰ ভিতৰত ৪০ টা ৰাজ্য চৰকাৰে কৰিব পাৰে । ১৫ টা কেন্দ্ৰীয় চৰকাৰে কৰিব পাৰে আৰু ১২ টা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে উভয়ে লগ লাগি কৰিব পাৰে । ইতিমধ্যে মুখ্যমন্ত্রীয়ে বহুখিনি কাম আগবঢ়াই নিছে । বাজেটত ধনো ধাৰ্য কৰা হৈছে । কেন্দ্ৰই কৰিবলগীয়া কামখিনিৰ ক্ষেত্রতো মুখ্যমন্ত্রী সংযোগত আছে । আমি আশা কৰো অসমবাসীয়ে ভবা ধৰণে চুক্তিৰ দফাসমূহ ৰূপায়ণৰ দিশে ক্ষিপ্ৰতাৰে আগবাঢ়িব পাৰিম ।"

তেওঁ লগতে কয়, "ইতিমধ্যে বহুত পলম হৈ গ'ল । ১৯৮৫ চনতে চুক্তি হৈ গ'ল । সময় লাগিছিল । ৭ লানি বিস্তৃত আলোচনাৰ পাছত প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে আৰু আজি দাখিল কৰিম ।"

লগতে পঢ়ক :ধৈৰ্যৰ বান্ধ ছিগিল খহনীয়াগ্ৰস্ত ৰাইজৰ: বিধায়ক গামৰ সমূখতে টনা-আজোৰা, গঁতিয়াগতি