বিপ্লৱ শৰ্মা সমিতিৰ প্ৰতিবেদন : ২২ নৱেম্বৰত আছুক আলোচনালৈ আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ
২২ নৱেম্বৰৰ সন্ধিয়া ৬ বজাত দিছপুৰৰ লোকসেৱা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত এই আলোচনা অনুষ্ঠিত হ'ব ।

Published : November 20, 2025 at 11:58 PM IST
গুৱাহাটী : অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন কার্যকৰীকৰণৰ সন্দৰ্ভত ২২ নৱেম্বৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত পুনৰ এক আলোচনা অনুষ্ঠিত হ'ব । মুখ্যমন্ত্ৰীৰ সৈতে হ’বলগীয়া আলোচনাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্যলৈ আমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা হৈছে ।
২২ নৱেম্বৰৰ সন্ধিয়া ৬ বজাত দিছপুৰৰ লোকসেৱা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত এই আলোচনা অনুষ্ঠিত হ'ব । এই কথা জানিবলৈ দিয়ে আছু সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে । উল্লেখ্য যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনৰ ৬৭ টা বিষয় অসম চৰকাৰৰ কেবিনেটে চিনাক্ত কৰিছিল । তাৰে ৪০ টা বিষয় সম্পূর্ণ অসম চৰকাৰৰ আওতাত, ১৫ টা বিষয় সম্পূর্ণ কেন্দ্ৰীয় চৰকাৰৰ আওতাত আৰু ১২ টা বিষয় কেন্দ্ৰীয় আৰু ৰাজ্য উভয় চৰকাৰৰ আওতাত পৰে ।
মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে পূৰ্বতে হোৱা আলোচনাত অসম চৰকাৰৰ আওতাত পৰা ৩৮ টা বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু এই বিষয়সমূহ ৰাজ্যিক বাজেটত উল্লেখ কৰা হৈছিল । ৰাজ্য চৰকাৰৰ আওতাত পৰা আনবোৰ বিষয় সন্দৰ্ভত পুনৰ আলোচনাৰ বাবে ঠিৰাং কৰা হৈছিল আৰু কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰা বিষয়সমূহৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত ত্রিপাক্ষিক আলোচনা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।
মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ২২ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া আলোচনাত অসম চৰকাৰৰ আওতাত পৰা আন বিষয়সমূহ আলোচনা কৰা হ'ব । কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰা বিষয়সমূহৰ সন্দৰ্ভত প্ৰস্তাৱিত
ত্রিপাক্ষিক আলোচনাৰ সম্পৰ্কে আলোচনা হ'ব । মূলতঃ ভাষা, সংস্কৃতি, ভূমিৰ অধিকাৰ আদি বিষয়সমূহৰ ৰক্ষাকৱচ ৰাজ্য চৰকাৰৰ অধীনৰ
বিষয় আৰু স্থানীয় নিকায়, বিধানসভা, সংসদত অসমৰ খিলঞ্জীয়া মানুহৰ বাবে আসন সংৰক্ষণ, সকলো জাতি, জনজাতি, জনগোষ্ঠীৰ সম প্ৰতিনিধিত্বৰে উচ্চ সদন গঠন, চাকৰি সংৰক্ষণ, ইনাৰ লাইন পার্মিট ব্যৱস্থা প্ৰৱৰ্তন আদি বিষয়ত ৰক্ষাকৱচ প্রদান কেন্দ্ৰীয় চৰকাৰৰ আওতাৰ বিষয় ।
এই সন্দৰ্ভত আছুৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয় - "অসম চুক্তিৰ ৬ নং দফা অনুসৰি সাংবিধানিক ৰক্ষাকৱচ অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰাপ্য । কেন্দ্ৰীয় চৰকাৰে গঠন কৰা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় সমিতিৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ উভয় চৰকাৰে পদক্ষেপ ল'ব লাগিব । ২২ নৱেম্বৰৰ আলোচনাৰ পৰা ছাত্ৰ সন্থাই ইতিবাচক ফলাফল আশা কৰিছে ।"
উল্লেখ্য যে চলিত বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীত বিপ্লৱ শৰ্মা সমিতিৰ প্ৰতিবেদন ৰূপায়ন সন্দৰ্ভত লোকসেৱা ভৱনত আছুৰ নেতৃত্বৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত উচ্চস্তৰীয় সমিতিৰ বৈঠকত অনুষ্ঠিত হৈছিল । সেই বৈঠকত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত অন্তৰ্ভুক্ত ৩৮ টা বিষয়ৰ ওপৰত আলোচনা কৰা হৈছিল ।
লগতে পঢ়ক : বহিঃৰাজ্যৰ কোনো ভোটাৰ অসমৰ ভাগ্যনিয়ন্তা হ'ব নোৱাৰে: এছ আৰৰ বিতৰ্কক লৈ আছুৰ প্ৰতিক্ৰিয়া

