ETV Bharat / state

শুৱনি আমাৰ গাওঁখনি অতি... ! পবা বৰ্ষাৰণ্য প্ৰকৃতি মহোৎসৱৰ সফল সামৰণি

মন্ত্ৰী ৰণোজ পেগুৰ মুখত আনন্দচন্দ্ৰ আগৰৱালাৰ কবিতা ৷ চিয়াং-লালী নদীৰ পাৰ ৰঙীন ৷

Successful conclusion of the 3rd Paba Rainforest Nature Festival
পবা বৰ্ষাৰণ্য প্ৰকৃতি মহোৎসৱৰ সফল সামৰণি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 5, 2026 at 3:16 PM IST

3 Min Read
Choose ETV Bharat

জোনাই: জোনাইত মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু বৃহত্তৰ জোনাইবাসী ৰাইজৰ সহযোগত ১ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ চিয়াং-লালী নদীৰ পাৰৰ বেৰাঘাটত অনুষ্ঠিত হোৱা তৃতীয় সংখ্যক পবা বৰ্ষাৰণ্য প্ৰকৃতি মহোৎসৱৰ সফল সামৰণি । তৃতীয় সংখ্যক পবা বৰ্ষাৰণ্য প্ৰকৃতি মহোৎসৱ সামৰণি অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিক্ষা আৰু ভৈয়াম জনজাতি কল্যাণ আৰু পিছপৰা শ্ৰেণীৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু ।

কবি আনন্দচন্দ্ৰ আগৰৱালাৰ এটি কবিতা, 'শুৱনি আমাৰ গাওঁখনি অতি...' ৰে আৰম্ভ কৰা ভাষণত মন্ত্ৰী ৰণোজ পেগুৱে কয়, "এইখন আমাৰ গাঁও বুলি ক'লে কেৱল মানুহ নহয়, গাঁও বুলি ক'লে আনন্দচন্দ্ৰ আগৰৱালাৰ কবিতাত থকা সকলো আছে । গতিকে মোৰ নিজৰ গাঁওখনত বাৰীখন, ধাননি পথাৰ, গৰু-ছাগলী, পুখুৰী, গছ-গছনি নাইকিয়া হ'লে নিশ্চিতভাৱে মানুহৰ লগতে গাঁওখনো নাইকিয়া হ'ব । ঠিক তেনেকৈ এই পৃথিৱীৰ পৰা যদি নদী, পৰ্বত পাহাৰ, হাবি-জংঘল নাইকিয়া হ'লে এই পৃথিৱীৰ সৌন্দৰ্য নাথাকে আৰু এই পৃথিৱীৰ শ্যামলাৰ অস্তিত্ব নোহোৱা হ'ব ।"

পবা বৰ্ষাৰণ্য প্ৰকৃতি মহোৎসৱৰ সফল সামৰণি (ETV Bharat Assam)

তেওঁ লগতে কয়,"গতিকে নিজৰ গাঁওখন, নিজৰ বাৰীখন সুৰক্ষা যেনেকৈ কৰিব বা কৰাটো আমাৰ দায়িত্ব ঠিক তেনেকৈ এই পৃথিৱীৰ নদী, পৰ্বত-পাহাৰ, হাবি-জংঘল থাকিব লাগিব আৰু জোনাইৰ সুৰক্ষাৰ কাৰণে এই পবা বনাঞ্চলখন থাকিব লাগিব । পৰিয়ালৰ সদস্য মানে অকল মানুহ নহয়, আমি সনাতন সংস্কৃতিৰ মানুহ, আৰু সনাতন সংস্কৃতি হৈছে প্ৰকৃতিৰ সেৱক, প্ৰকৃতিৰ পূজাৰী । আমি গছ, সূৰ্য চন্দ্ৰ, নদীক পূজা কৰোঁ । তদুপৰি ভাৰতবৰ্ষত বহু জনজাতি আছে তেওঁলোকে জংঘলক পূজা কৰে, কাৰণ আমি তাক পৰিয়ালৰ অংগ হিচাপে গণ্য কৰোঁ ।"

Successful conclusion of the 3rd Paba Rainforest Nature Festival
আদৰণি তোৰণ (ETV Bharat Assam)

মন্ত্ৰীগৰাকীয়ে কয়, "গতিকে ধেমাজি, জোনাইবাসী ৰাইজৰ এটা আটাইতকৈ গুৰুত্বপূৰ্ণ সদস্য হৈছে পবা বনাঞ্চল । ঘৰত যেনেকৈ নিজৰ ল'ৰা-ছোৱালীৰ জন্মদিন উদযাপন কৰা হয় ঠিক তেনেকৈ পবা বনাঞ্চলৰো আমি জন্মদিন উদযাপন কৰিছোঁ ৷ গতিকে মিচিং স্বায়ত্ত শাসিত পৰিষদক এই উদ্যোগ লোৱাৰ বাবে মই প্ৰসংসা কৰিছোঁ । অসমীয়াত এটা কথা আছে 'এক বৃক্ষ দশ পুত্ৰ হ'ব' তাৰ মানে এজোপা গছ দহজন পুত্ৰৰ সমান ।

Successful conclusion of the 3rd Paba Rainforest Nature Festival
সামৰণি অনুষ্ঠানত অংশগ্ৰহণ বিশিষ্ট ব্যক্তিৰ (ETV Bharat Assam)

স্থানীয় জনগণক লৈ সুৰক্ষা কমিটী গঠন কৰি পবা বনাঞ্চলক দিয়া হ'ব সুৰক্ষা:

উদযাপন সমিতিৰ সভাপতি তথা জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে কয়, "প্ৰকৃতি পৰিবৰ্তনৰ ফলত পৃথিৱীত তাপমাত্ৰা অধিক বেছি হ'বলৈ ধৰিছে ৷ গতিকে গছ-গছনি ৰক্ষা কৰাৰ সময় আহি পৰিছে ৷ গছ-গছনি, নদ-নদী, জীৱ-জন্তু মাছ যদি থাকিব লাগে তেন্তে এটা নতুন চিন্তাৰে এটা আন্দোলন আৰম্ভ কৰি নতুন প্ৰজন্ম আৰু বৰ্তমান জীয়াই থকা ৰাইজে নতুন শিক্ষা লৈ আগবাঢ়িব লাগিব । গছ-গছনি জংগল দেখিলে কাটি ধ্বংস কৰিব নালাগে, নদী সংৰক্ষণ কৰি মৎস্য, জীৱ-জন্তু সংৰক্ষণ কৰিব লাগিব ।"

Successful conclusion of the 3rd Paba Rainforest Nature Festival
মিচিংসকলৰ পৰম্পৰাগত বাসগৃহ (ETV Bharat Assam)

বিধায়কগৰাকীয়ে আৰু কয়, "নতুন প্ৰজন্মক শিক্ষিত কৰা আৰু নতুন চিন্তাৰে সমাজখনক আগুৱাই লৈ যোৱাৰ উদ্দেশ্যৰে অনুষ্ঠিত কৰা হৈছে পবা বৰ্ষাৰণ্য প্ৰকৃতি মহোৎসৱ । তাৰ মাজতে কোনোবা দুষ্কৃতিকাৰীয়ে পবাত গছ কাটি ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে । তাৰ বাবে কেৱল বন বিভাগক জগৰীয়া কৰিলে নহ'ব ৷ তাৰ বাবে আমি সচেতন হ'ব লাগিব । আমি স্থানীয় জনগণক লৈ সুৰক্ষা কমিটী গঠন কৰি পবা বনাঞ্চলক সুৰক্ষা কৰিব লাগিব ।"

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা বিশ্ব বজাৰলৈ: ২০২৫ চনতো ভাৰতীয় চাহত অসমৰ দপদপনি

আৰৱ সাগৰত সাঁতুৰি অভিলেখ ৰচিলে ৭ বছৰীয়া কণমানি কিউচেংহান ফুকনে