ETV Bharat / business

ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা বিশ্ব বজাৰলৈ: ২০২৫ চনতো ভাৰতীয় চাহত অসমৰ দপদপনি

ব্ৰহ্মপুত্ৰ উপত্যকা হৈছে ভাৰতীয় চাহৰ হৃদস্পন্দন । দেশৰ মুঠ চাহৰ প্ৰায় ৫০ শতাংশ উৎপাদন হয় অসমত । সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক প্ৰতিবেদন ।

Assam Tea
ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা বিশ্ব বজাৰলৈ: ২০২৫ চনতো ভাৰতীয় চাহত অসমৰ দপদপনি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 5, 2026 at 1:35 PM IST

7 Min Read
Choose ETV Bharat

তেজপুৰ : একাপ চাহেৰে আমাৰ প্ৰায় সকলোৰে দিনটো আৰম্ভ হয় । আমাৰ দৈনন্দিন জীৱনৰ বাবে গুৰুত্বপূৰ্ণ এই চাহকাপৰ আঁৰত লুকাই আছে এক বিশাল অৰ্থনৈতিক কাহিনী । এই সাধাৰণ অভ্যাসৰ আঁৰত আছে লাখ লাখ লোকৰ শ্ৰম আৰু শতিকা ধৰি গঢ় লৈ উঠা এক বৃহৎ শিল্প অৰ্থনীতি ।

বিগত ২০২৫ চনৰ শেষত প্ৰকাশ পোৱা ভাৰতীয় চাহ বোৰ্ডৰ পৰিসংখ্যাই এই সত্যৰ সম্ভেদ দিছে যে ভাৰতৰ মুঠ চাহ উৎপাদনৰ আধাখিনি যোগান ধৰে অসমে আৰু ইয়াত ব্ৰহ্মপুত্ৰ উপত্যকাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে ।

ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা বিশ্ব বজাৰলৈ: ২০২৫ চনতো ভাৰতীয় চাহত অসমৰ দপদপনি (ETV Bharat Assam)

চাহ বোৰ্ডৰ তথ্য

ভাৰতীয় চাহ বোৰ্ডৰ তথ্য অনুসৰি, ২০২৫ চনত ভাৰতত মুঠ ১,৩৬৯.৯৮ মিলিয়ন কিলোগ্ৰাম চাহ উৎপাদন হৈছে । এই সংখ্যা পূৰ্বৰ বৰ্ষতকৈ প্ৰায় ৫ শতাংশ অধিক । দেশজুৰি এই বৃদ্ধিৰ মূল কেন্দ্ৰবিন্দু হিচাপে পুনৰ স্পষ্ট ৰূপত উজলি উঠিছে অসম । অসমৰ মাটিতেই গঢ় লোৱা এই চাহ শক্তি ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা মিলাই অসমে বছৰি ৬৮৭.৭৬ মিলিয়ন কিলোগ্ৰাম চাহ উৎপাদন কৰি ভাৰতৰ প্ৰায় আধাসংখ্যক উৎপাদন বৃদ্ধি কৰিছে । বিশেষকৈ ডিব্ৰুগড়ৰ পৰা তেজপুৰলৈ বিস্তৃত হৈ থকা ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ বাগিচাসমূহে মুঠ ৬৫১.০৮ মিলিয়ন কিলোগ্ৰাম চাহ উৎপাদন কৰিছে ।

Assam Tea
ভাৰতীয় চাহ বোৰ্ডৰ তথ্য (ETV Bharat Assam)

আনহাতে, ইতিহাসৰ বহু সাক্ষ্য বহন কৰি ব্ৰহ্মপুত্ৰ উপত্যকা আজিও ভাৰতীয় চাহ উদ্যোগৰ মেৰুদণ্ড হৈ আছে । বৃহৎ চাহ বাগিচাৰ লগতে হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কে এই বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ।

আনহাতে, পশ্চিমবংগই ২০২৫ চনত ৪১১.১৮ মিলিয়ন কিলোগ্ৰাম চাহ উৎপাদন কৰি নিজৰ স্থান দৃঢ় কৰিছে । অৱশ্যে দাৰ্জিলিঙৰ চাহৰ উৎপাদন মাত্ৰ ৫.৩০ মিলিয়ন কিলোগ্ৰাম যদিও ইয়াৰ সুবাস আৰু বিশ্বৰ বজাৰত থকা সুনামৰ বাবে এই চাহ অসমৰ সৈতে একেশাৰীতে গণ্য কৰা হয় ।

উত্তৰ-পূব ভাৰতৰ আধিপত্য

চাহখেতিৰ মানচিত্ৰত উত্তৰ ভাৰত আজিও প্ৰথম শ্ৰেণীত । ২০২৫ চনত উত্তৰ-পূব ভাৰতৰ উৎপাদন ১,১৩৬.১৮ মিলিয়ন কিলোগ্ৰাম, অৰ্থাৎ দেশৰ মুঠ উৎপাদনৰ ৮৩ শতাংশ । দক্ষিণ ভাৰতত উৎপাদন ২৩৩.৮০ মিলিয়ন কিলোগ্ৰাম, যিটো দেশৰ মুঠ উৎপাদনৰ ১৭ শতাংশ । এই তথ্যই দেখুৱায় যে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু উত্তৰ-পূৰ্বাঞ্চল অবিহনে ভাৰতীয় চাহৰ কথা কল্পনা কৰিব নোৱাৰি ।

Assam Tea
ভাৰতীয় চাহ বোৰ্ডৰ তথ্য (ETV Bharat Assam Graphics)

পৰিসংখ্যাৰ আঁৰৰ বাস্তৱিকতা

এই পৰিসংখ্যাৰ আঁৰত আছে চাহ শ্ৰমিকৰ শ্ৰম, ক্ষুদ্ৰ খেতিয়কৰ আশা আৰু তাৰ মাজতে প্ৰকৃতিৰ অনিশ্চয়তা । অসমত প্ৰায় ৮০০ খন বৃহৎ চাহ বাগিচা থকাৰ বিপৰীতে প্ৰায় ১,১৫০ খন ক্ষুদ্ৰ চাহ বাগিচা আছে । জলবায়ু পৰিৱর্তনৰ প্ৰভাৱ, উৎপাদন, খৰচ বৃদ্ধি আৰু বজাৰ মূল্যৰ উঠা-নমা হৈ থকাটো এই চাহ উদ্যোগৰ বাবে আগন্তুক দিনত ডাঙৰ প্ৰত্যাহ্বান হৈ থাকিব ।

বিশেষজ্ঞৰ মতামত

উত্তৰ-পূব চাহ সন্থাৰ উপদেষ্টা তথা ভাৰতীয় চাহ বোৰ্ডৰ প্ৰাক্তন উপাধ্যক্ষ বিদ্যানন্দ বৰকাকতিয়ে ই টিভি ভাৰতক জনায়, "ভাৰতবৰ্ষৰ চাহ উৎপাদনৰ ক্ষেত্ৰত আজি দুদিনমানৰ আগতে টী বোৰ্ড অব ইণ্ডিয়াই তেখেতসকলৰ অফিচিয়েল ফিগাৰ্ছ ৰিলিজ কৰিছে । এই ৰিলিজ কৰা ফিগাৰ্ছৰ পৰা আমি দেখিছোঁ যে ভাৰতবৰ্ষত ২০২৫ চনত প্ৰায় ১,৩৭০ মিলিয়ন কিলো চাহ উৎপাদন হৈছে । মানে ২০২৪ চনৰ তুলনাত ৫ শতাংশ চাহ বেছি উৎপাদন হৈছে ভাৰতবৰ্ষত । ঠিক তেনেকৈ অকল অসমৰ ফিগাৰ্ছ যদি চাওঁ, অসমতো দেখিছোঁ যে ২০২৫ চনত ২০২৪ চনৰ তুলনাত ৫ শতাংশ চাহ বেছি উৎপাদন হৈছে ।"

Assam Tea
ভাৰতীয় চাহ বোৰ্ডৰ তথ্য (ETV Bharat Assam Graphics)

বৰকাকতিয়ে কয়, "২০২৫ চনত অসমত ব্ৰহ্মপুত্ৰ আৰু বৰাক ভেলী যদি চাওঁ, দুয়োটা লগলগাই আমাৰ ৬৮৮ মিলিয়ন কিলো চাহ উৎপাদন হৈছে । ২০২৫ চনত কিন্তু অকল যদি ব্ৰহ্মপুত্ৰ ভেলীটো চাওঁ, তেতিয়া দেখিছোঁ ৬৫১ মিলিয়ন কিলো অকল ব্ৰহ্মপুত্ৰ ভেলীত চাহ উৎপাদন হৈছে । গতিকে অসমত সৰ্বাধিক ৫০% মান চাহ আচলতে ব্ৰহ্মপুত্ৰ ভেলীতেই উৎপাদন হয় । গতিকে উৎপাদনৰ দিশৰ পৰা ২০২৫ চনটো বেছ ভালেই গৈছে ।"

তেওঁ লগতে কয়, "সমগ্ৰ ভাৰতবৰ্ষৰ যদি আমি গোটেই ফিগাৰ্ছ পৰ্যবেক্ষণ কৰি চাওঁ, তেতিয়া দেখিছোঁ যে অসমৰ যিটো স্থিতি আছে চাহ প্ৰডাকচনৰ ক্ষেত্ৰত, ২০২৫ চনটো ভালে আছে । ২০২৫ চনত ভাৰতবৰ্ষৰ ৫০ শতাংশ চাহ অসমে অকলেই উৎপাদন কৰিছে ।"

Assam Tea
ভাৰতীয় চাহ বোৰ্ডৰ তথ্য (ETV Bharat Assam Graphics)

বিদ্যানন্দ বৰকাকতিয়ে কয়, "পশ্চিমবংগই ঠিক তেনেকৈ ৩০ শতাংশ চাহ উৎপাদন কৰিছে আৰু বাকী যি দক্ষিণ ভাৰতৰ ৰাজ্য আছে যেনে কেৰালা, তামিলনাডু আৰু কৰ্ণাটক এই তিনিখন ৰাজ্য মিলি ভাৰতবৰ্ষৰ ১৭% মান চাহ উৎপাদন কৰে । গতিকে আৰু বাকী খুব ৩% মান চাহ অন্যান্য যেনেকৈ অৰুণাচল আছে, নাগালেণ্ড আছে তেনেকুৱা দুই-এখন আৰু ৰাজ্য আছে, উত্তৰাখণ্ডতো কিছু চাহ উৎপাদন হয় । গতিকে তেনেকুৱা ৩% মান হয় । গতিকে সৰ্বাধিক ৫০ শতাংশ চাহ অসম আৰু ৩০ শতাংশ পশ্চিমবংগ, মানে ৮০ শতাংশ তেনেকৈয়ে হয় । আৰু ১৭ শতাংশমান দক্ষিণ ভাৰতৰ হয় । বাকী ৩ শতাংশ উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ, নাগালেণ্ড, উত্তৰাখণ্ড আৰু বিহাৰতো অলপ হয় । গতিকে উৎপাদনৰ ক্ষেত্ৰত সকলো ভালেই আছে ।"

আনহাতে, চাহ ৰপ্তানিৰ ক্ষেত্ৰত তেওঁ কয়, "চাহৰ এক্সপ'ৰ্ট যদি চাওঁ, তেতিয়াহ'লে ২০২৫ বৰ্ষৰ জানুৱাৰীৰ পৰা নৱেম্বৰলৈকে ভাৰতৰ পৰা চাহ এক্সপ'ৰ্ট হৈছে প্ৰায় ২৫৪ মিলিয়ন কিলো । গতিকে এই তথ্য যথেষ্ট উৎসাহজনক । কাৰণ ২০২৪ চনৰ তুলনাত ২০২৫ চনত জানুৱাৰীৰ পৰা নৱেম্বৰলৈকে প্ৰায় ৯ শতাংশ চাহ বেছি এক্সপ'ৰ্ট হৈছে । গতিকে এক্সপ'ৰ্ট আৰু প্ৰডাকচনৰ ক্ষেত্ৰত বেচ উৎসাহজনক এই বছৰটো গ'ল ।"

Assam Tea
২০২৫ চনতো ভাৰতীয় চাহত অসমৰ দপদপনি (ETV Bharat Assam)

ইফালে বতৰৰ প্ৰভাৱৰ কথা উল্লেখ কৰি তেওঁ কয়, "কিন্তু ২০২৬ চনত এতিয়া এটা খৰাং পৰিস্থিতি অৱস্থা হৈছে । আজি চাৰিমাহ ধৰি বৰষুণ নাই সমগ্ৰ অসমত । গতিকে এইবাৰ যিটো আমাৰ সাধাৰণতে মাৰ্চ মাহৰ পৰা চাহৰ হাৰ্ভেষ্টিং আৰম্ভ হয়, এইবাৰ ভবা নাই যে আমি মাৰ্চৰ পৰা কৰিব পাৰিম বুলি । কাৰণ সাংঘাতিক ধৰণৰ এটা খৰাং অৱস্থা দেখিছোঁ এতিয়ালৈকে । কিন্তু আকৌ যদি বৰষুণ আহি যায় হয়তো তেতিয়াহ'লে চাহখেতি যোৱা বছৰ যিটো উৎপাদন আছিল হয়তো তেনেকুৱাও হ'বগৈ পাৰে, এতিয়াও ধৰাটো খুব টান । কিন্তু যিটো আমি 'আৰ্লী ক্ৰপ' বুলি কওঁ, সেইটো মানে মাৰ্চত, যিটো আমি সাধাৰণতে বৰষুণ ভাল ধৰণে যদি হয় তেতিয়াহ'লে আমি মাৰ্চ মাহত চাহৰ উৎপাদনটো আৰম্ভ কৰিব পাৰোঁ । কিন্তু এই বছৰ বতৰৰ গতি দেখি লগা নাই যে আমি সোনকালে হোৱা খেতি পাম ।"

চাহৰ ৰপ্তানি

ভাৰতৰ চাহ ৰপ্তানিত উল্লেখযোগ্য বৃদ্ধি দেখা গৈছে । চাহ বোৰ্ডৰ তথ্য অনুসৰি, ২০২৫ চনৰ জানুৱাৰী পৰা নৱেম্বৰলৈ দেশৰ পৰা মুঠ ২৫৪.১৯ মিলিয়ন কিলোগ্ৰাম চাহ ৰপ্তানি হৈছে । ইয়াৰ বিপৰীতে ২০২৪ চনৰ একে সময়ছোৱাত ৰপ্তানিৰ পৰিমাণ আছিল ২৩৩.৯৭ মিলিয়ন কিলোগ্ৰাম । ফলস্বৰূপে ২০২৪ চনৰ তুলনাত ২০২৫ চনত চাহ ৰপ্তানিত প্ৰায় ৮.৬৪ শতাংশ বৃদ্ধি ৰেকৰ্ড কৰা হৈছে । ই আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতীয় চাহৰ চাহিদা বৃদ্ধিৰ স্পষ্ট ইংগিত প্ৰদান কৰিছে ।

Assam Tea
২০২৫ চনতো ভাৰতীয় চাহত অসমৰ দপদপনি (ETV Bharat Assam)

উল্লেখ্য যে ২০২৫ চনৰ চাহ উৎপাদনৰ তথ্যই এটা কথা স্পষ্ট কৰে যে ভাৰতীয় চাহ উদ্যোগ এতিয়াও শক্তিশালী আৰু এই শক্তিৰ মূল উৎস হৈছে অসম । ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা বিশ্বৰ বজাৰলৈ যোৱা ভাৰতীয় চাহৰ যাত্ৰা এতিয়াও অব্যাহত আছে ।

লগতে পঢ়ক :আকৌ ভংগ হ'ল অভিলেখ, ৰূপৰ মূল্য প্ৰতি কিঃগ্ৰাঃত ৪ লাখ অতিক্ৰম
লগতে পঢ়ক :২০২৮ চনৰ পূৰ্বে তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশত পৰিগণিত হ’ব ভাৰত : অশ্বিনী বৈষ্ণৱ