জনজাতিকৰণ নহ'লে আমাৰ অস্তিত্ব শেষ হ'ব : আটাছু
হাতে হাতে জুই শিখা লৈ লখিমপুৰ চহৰ উত্তাল কৰি তুলিলে আহোম ৰাইজে । জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত লখিমপুৰক কঁপাই তোলে আহোম ৰাইজে ।

Published : November 23, 2025 at 7:45 AM IST
লখিমপুৰ : হাজাৰ হাজাৰ আহোম ৰাইজৰ গৰ্জনত কঁপিল লখিমপুৰ । শনিবাৰে লখিমপুৰ নগৰৰ পৰা কেইবা হাজাৰ আহোম ৰাইজে জোঁৰ সমদল কৰি টাই আহোমৰ জনজাতিকৰণ আৰু স্বায়ত্ত শাসনৰ দাবীত লখিমপুৰ কঁপাই তোলে । সদৌ অসম টাই আহোম ছাত্র সন্থা আটাছুৰ উদ্যোগত আৰু একাধিক সংগঠনৰ সহযোগত লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রত সমবেত হৈ পাঁচ সহস্রাধিক আহোম ৰাইজে নগৰৰ মাজেৰে টাই আহোমক জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীৰে জোঁৰ সমদল কৰি পৰিৱেশ উত্তাল কৰি তোলে ।
টাই আহোমসহ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰক, স্বায়ত্তশাসন প্ৰদান কৰক, ন' এছ টি ন' ৰেষ্ট, আহোমক প্ৰতাৰণা কৰা সহ্য কৰা নহ'ব আদি শ্ল'গান দি লখিমপুৰক কঁপাই তোলে । জোঁৰ সমদল কৰাৰ পূৰ্বে সমবেত ৰাইজক উদেশ্যে কৰি কেইবাজনো বক্তাই ভাষণো দিয়ে ।
বক্তাসকলে কয়, "অসমৰ উগ্র-জাতীয়তাবাদ, সন্ত্রাসবাদ আৰু ৰাজনৈতিকক সুবিধাবাদৰ বাবে উদ্ভৱ হোৱা সংকটময় পৰিস্থিতিক লৈ সচেতনতা আৰু একতা স্থাপনৰ বাবে আমি প্রতিটো মুহূৰ্তত ৰাইজৰ কাষত থিয় দি আহিছো । আমি দেখিবলৈ পাইছো যে ক্ষেত্ৰীয় ৰাজনীতিৰ ভিন্ন ঘটনা-পৰিঘটনাই উদাৰচিতীয়া আহোমসকলৰ ৰাজনৈতিক দর্শনক ৰাষ্ট্ৰীয়তাবাদৰ এই ফেচিবাদী নীতিয়ে অসমৰ থলগিৰি খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ মাজত বিদ্বেষ ভাব বিয়পাই আমাক নিশেষ কৰাৰ ষড়যন্ত্র চলিছে ।"
তেওঁ লগতে কয়, "এই সংকটকালীন পৰিস্থিতিত টাই আহোম জনগোষ্ঠীৰ সুৰক্ষাৰ একমাত্ৰ ৰক্ষা কৱচ জনজাতিকৰণ । ইয়াৰ বাবে আমি ঐক্যবদ্ধ হৈ গণতান্ত্রিকভাৱে মৰণপণ যুঁজ দিব লাগিব । তদুপৰি জনজাতীয় মর্যাদা প্রাপ্তিৰ সংগ্ৰাম অকল ৰাজপথত শক্তি প্ৰদৰ্শনৰ সংগ্ৰাম নহয় । এই সংগ্রাম আত্ম-প্রতিষ্ঠাৰ সংগ্রাম, এই সংগ্রাম জাতিক সুৰক্ষা প্রদানৰ সংগ্রাম, এই সংগ্রাম খিলঞ্জীয়াৰ অধিকাৰৰ সংগ্ৰাম । এই দৃষ্টিভংগীক আগুৱাই লৈ সদৌ টাই আহোম ছাত্র সন্থা আৰু ঐক্যবদ্ধ আহোম ৰাইজৰ সহযোগত জাতীয় সংকট আৰু দায়বদ্ধতাৰ স্বাৰ্থতে জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত আমি যুঁজ দিবলৈ ওলাই আহিছো । নহ'লে আমাৰ অস্তিত্ব শেষ হ'ব ।"
ভাষণ প্ৰসংগত নেতাজনে কয়, "অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ পৰিচয় সুৰক্ষিত হ'বলৈ হ'লে, ভূমি সুৰক্ষিত হ'বলৈ হ'লে, ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ'বলৈ হ'লে, ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগিব । ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে অসমখন জনজাতি ৰাজ্য হ'ব । তেতিয়াহে খিলঞ্জীয়াৰ হাতত সকলো অধিকাৰ সুৰক্ষিত হ'ব ।"
জোঁৰ সমদলৰ প্ৰাক মুহূৰ্তত আটাছুৰ উপ-সভাপতি মনোজ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়, "টাই আহোমসকল জন্মগতভাৱেই জনজাতি । ভাৰতবৰ্ষৰ বিভিন্ন স্থানত টাইমূলীয় কেইবাটাও ঠালে জনজাতিৰ মৰ্যাদা লাভ কৰিছে ৷ সেই সূত্ৰে আমিও জনজাতি । ২০১৯ চনৰ ৫ জানুৱাৰীত ভাৰতৰ যিমান বিলাক সংস্থা আছে সেই সকলো সংস্থাই কেন্দ্রীয় জনজাতি পৰিক্ৰমা দপ্তৰত অসমৰ ছয় জনগোষ্ঠীৰ যি বৈশিষ্ট্য আছে তাৰ ওপৰত ভিত্তি কৰি জনজাতিৰ মৰ্যাদা দিব পাৰি বুলি উল্লেখ কৰিছিল ।"
তেওঁ পুনৰ কয়, "তাৰ পিছত ২০১৯ চনৰ ৯ জানুৱাৰীত ৰাজ্য সভাত বিল উত্থাপন হ'ল । তাৰ পিছতো কিন্তু আমাক লৈ প্ৰতাৰণা কৰা হ'ল । ভেঙুচালি কৰা হ'ল । প্ৰৱঞ্চনা কৰা হ'ল । অহা ২৫ নৱেম্বৰত অসম বিধানসভাত যিখন প্ৰতিবেদন উত্থাপন হ'ব সেইখন আমাৰ স্বাৰ্থত হ'ব লাগিব । ছয় জনগোষ্ঠীৰ স্বাৰ্থত হ'ব লাগিব । যদি তাৰ হীন দেৰি হয় তেন্তে তাৰ পিছত অসমত যি পৰিস্থিতি সৃষ্টি হ'ব তাৰ বাবে ৰাজ্য চৰকাৰেই জগৰীয়া হ'ব । প্ৰয়োজনত আমি চামধৰা গড়ৰ পৰা শদিয়া লৈ আহোমৰ সুকীয়া ৰাজ্যৰ কথা চিন্তা কৰিবলৈ বাধ্য হ'ম ।"
মনোজ গগৈয়ে চৰকাৰক স্পষ্টৰূপে কয়, "ৰাজ্যসভাত যিখন বিল উত্থাপন হ'ল আমাক তাৰ পাছৰ খিনিহে লাগে । ৰাষ্ট্ৰপতিৰ স্বাক্ষৰসহ গেজেট ন'টিফিকেশ্বন আমাক লাগে । নতুনকৈ আমাৰ বৈশিষ্ট্য আছে নে নাই তাক বিবেচনা কৰিব, নতুনকৈ কথা বিলাক আৰম্ভ কৰিব তেনে প্ৰক্ৰিয়া যদি আৰম্ভ হয় সেইয়া আমি মানি নলও । এই কথা আমি আজি লখিমপুৰৰ পৰা মূখ্যমন্ত্রীক স্পষ্ট ৰূপে জনাই দিছো ।"

