ETV Bharat / state

চাহ শ্ৰমিকৰ দৈনিক মজুৰি : নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল ৩৫১ টকা, লাভ কৰে ২৫০ টকা

তামিলনাডুত এজন চাহ শ্রমিকে ৪৫১ টকা, কেৰালাত ৪৮৩ টকা, কর্ণাটকত ৪৫২ টকা দৈনিক মজুৰি লাভ কৰে ।

daily wages of tea workers
চাহ শ্ৰমিকৰ দৈনিক মজুৰি : নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল ৩৫১ টকা, লাভ কৰে ২৫০ টকা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 22, 2025 at 7:56 PM IST

|

Updated : November 23, 2025 at 1:13 AM IST

7 Min Read
Choose ETV Bharat

গুৱাহাটী : নিৰ্বাচন আহিলে কেতবোৰ প্ৰসংগ বিশেষভাৱে চৰ্চালৈ আহে । বিধানসভা নিৰ্বাচন সমাগত । পুনৰ চৰ্চালৈ আহিছে কেতবোৰ বিষয় । এই বিষয়সমূহৰ ভিতৰত এটা চৰ্চিত বিষয় হৈছে চাহ শ্ৰমিকৰ দৈনিক মজুৰি । চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ এই দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰাৰ বাবে কোনো এখন চৰকাৰেই সদিচ্ছা প্ৰকাশ কৰা পৰিলক্ষিত নহ'ল । যাৰ বাবে আজিৰ তাৰিখটো অসমৰ চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি দিনহাজিৰা কৰা লোক এজনতকৈ বহুত কম ।

মজুৰি বৃদ্ধিৰ বাবে চাহ জনগোষ্ঠীটোৰ বিভিন্ন দল-সংগঠনে দীৰ্ঘদিনে দাবী উত্থাপন কৰি আহিছে যদিও এই ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই । বিজেপি চৰকাৰেও চাহ শ্ৰমিকসকলক উপেক্ষিত কৰি আহিছে । লক্ষণীয় বিষয় যে ২০১৬ চনত বিজেপিয়ে নির্বাচনী প্রচাৰৰ সময়ত চাই শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্রুতি দিছিল । আনকি ভোটৰ অংকত বিজেপিয়ে পৰৱৰ্তী সময়ত মজুৰি ৫৫১ টকাকৈ বৃদ্ধি কৰাৰো আশ্বাস দিছিল ।

বিজেপিয়ে অসমত শাসন কৰা প্ৰায় দহ বছৰ হ'ব হৈছে । কিন্তু আজিলৈকে বিজেপি চৰকাৰে সেই প্রতিশ্রুতি পূৰণ নকৰিলে । আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচন সমাগত আৰু সকলো দল নিৰ্বাচনৰ বাবে সাজু হৈছে । পুনৰ দিয়া হ'ব প্ৰতিশ্ৰুতি ।

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ বিপৰীতে চৰকাৰৰ চমক সৃষ্টি :

বৰ্তমান সময়ত অসমৰ চাহ শ্ৰমিকসকলে দৈনিক মজুৰি হিচাপে ২৫০ টকাকৈ লাভ কৰে । পূৰ্বতে ব্ৰহ্মপুত্র উপত্যকাৰ চাহ শ্ৰমিকসকলে ১৬৭ টকা আৰু বৰাক উপত্যকাৰ চাহ শ্ৰমিকসকলে ১৪৫ টকা মজুৰি লাভ কৰিছিল । পূৰ্বতে দুয়োটা উপত্যকাত চাহ শ্ৰমিকৰ মজুৰি পৃথক পৃথক আছিল । বৰ্তমান চাহ শ্ৰমিকৰ মজুৰি ২৫০ টকা কৰা হৈছে । কিন্তু এতিয়াও প্ৰতিশ্ৰুতি পূৰণ কৰা হোৱা নাই ।

অসমত চাহ শ্রমিকসকলে ইমান কম মজুৰি লাভ কৰাৰ বিপৰীতে কিন্তু বাকী ৰাজ্যৰ চাহ শ্ৰমিকসকলে যথেষ্ট ভাল মজুৰি লাভ কৰে । তামিলনাডুত এজন চাহ শ্রমিকে দৈনিক ৪৫১ টকা, কেৰালাত ৪৮৩ টকা, কর্ণাটকত ৪৫২ টকা, হিমাচল প্রদেশত ৩৭৫ টকা, ছিকিমত ৫০০ টকা, উত্তৰাখণ্ডত ৩৪৭ টকা দৈনিক মজুৰি লাভ কৰে ।

daily wages of tea workers
কোন ৰাজ্যত কিমান মজুৰি (ETV Bharat)

মন কৰিবলগীয়া যে চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫১.৩৩ টকা কৰাৰ দাবী আছিল দীৰ্ঘদিনীয়া । ২০১৮ চনতেই চাহ শ্রমিকৰ ন্যূনতম মজুৰি নিৰ্ধাৰণৰ বাবে অসম চৰকাৰে এখন মজুৰি উপদেষ্টা ব'ৰ্ড গঠন কৰিছিল । সেই উপদেষ্টা ব'ৰ্ডৰ বৈঠকত অসমৰ শ্রম আয়ুক্তই চাহ শ্রমিকৰ ন্যূনতম মজুৰি ৩৫১.৩৩ টকা কৰাৰ প্রস্তাৱ দাখিল কৰিছিল । কিন্তু আজিও উক্ত প্রস্তাৱ কার্যকৰী নকৰি চৰকাৰে চাহ শ্রমিকসকলক চৰম প্ৰতাৰণা আৰু বঞ্চনা কৰি আহিছে ।

ইয়াৰ বিপৰীতে চৰকাৰে চাহ শ্রমিকসকলৰ মন জয় কৰাব বাবে বিভিন্ন আঁচনি গ্রহণ কৰাৰ লগতে সৰুসজাইত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত মেগা ঝুমুৰ অনুষ্ঠিত কৰি বিশ্ববাসীক চমক দিছিল । আনকি চাহ শ্রমিকসকলক এককালীনভাৱে ৫ হাজাৰকৈ টকাৰ আর্থিক অনুদান দিয়াৰো সিদ্ধান্ত গ্রহণ কৰিছে । কিন্তু মূল বিষয়টোৰ পৰা ফালৰি কাটি আছে চৰকাৰখনে । বিগত বছৰত চাহ শ্রমিকৰ মজুৰি মাত্র ১১৩ টকাহে বৃদ্ধি পাইছে । কিন্তু ইয়াৰ বিপৰীতে মুদ্রাস্ফীতিৰ ফলত প্ৰতিবিধ সামগ্ৰীৰে দাম দ্রুত গতিত বৃদ্ধি পাইছে । অথচ ২০২৪ চনৰ কেগৰ এক প্ৰতিবেদনত অসমৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ পৰামৰ্শ দিছিল । কিন্তু সেয়াও চৰকাৰখনে আজিলৈকে কাৰ্যকৰী কৰা নাই ।

অসমৰ চাহ শ্ৰমিকৰ ন্যায্য প্ৰাপ্তিৰ দাবী :

অসমৰ প্রায় ৯৬২ খন পঞ্জীয়নভুক্ত চাহ বাগিচাত চাহ বাগিচা শ্রম আইনে সামৰি লোৱা প্ৰায় ১১ লাখ চাহ শ্রমিক আছে । আনহাতে আইনে সামৰি নোলোৱা শ্ৰমিকৰ সংখ্যা প্ৰায় ৫ লাখ । এই চাহ শ্রমিকসকল দেশৰ একো একোজন নাগৰিক হোৱাৰ লগতে ৰাজ্যখনৰ লগতে দেশৰ অর্থনীতিলৈ অনন্য অৱদান আগবঢ়াই আহিছে । কিন্তু অতি দুর্ভাগ্যজনক বিষয় যে এই চাহ শ্রমিকসকলক তেওঁলোকৰ এটা মৌলিক ন্যায্য প্রাপ্যৰ পৰা বছৰ বছৰ ধৰি বঞ্চিত কৰি ৰখা হৈছে । এনে পৰিস্থিতিত ২০২৬ৰ বিধানসভাৰ নির্বাচন চমু চাপি অহাৰ লগে লগে নিজৰ প্ৰাপ্য বিচাৰি চাহ জনগোষ্ঠীয়ে আৰম্ভ কৰিছে প্রতিবাদ ।

সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা, অসম চাহ মজদুৰ সংঘ আদি সংগঠনে এই ক্ষেত্ৰত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । ইতিমধ্যে উজনিত চাহ শ্ৰমিকসকলে মজুৰি বৃদ্ধিৰ লগতে জনজাতিকৰণৰ দাবীত ৰাজপথৰ সংগ্ৰামত অৱতীৰ্ণ হৈছে । যাৰ বাবে শাসকীয় দল বিজেপিৰ বাবে ২০২৬ চনৰ নিৰ্বাচনত চাহ শ্রমিকৰ সমস্যা এক প্রত্যাহ্বান হিচাপে দেখা দিছে ।

কি কয় অসম চাহ শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক ইজৰাইল নন্দই :

ৰাজ্যৰ লাখ লাখ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ বিজেপি চৰকাৰে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি বিগত সময়ত পূৰণ নহ'ল । বিজেপি চৰকাৰৰ দ্বিতীয়টো কাৰ্যকাল শেষ হ'বলৈ মাজত মাত্র কেইটামান মাহ বাকী আছে । কিন্তু নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ নহ'ল । এই সন্দৰ্ভত ইটিভি ভাৰতৰে হোৱা টেলিফোনিক বাৰ্তালাপত অসম চাহ শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক ইজৰাইল নন্দই কয়, "চৰকাৰে নিজৰ ঘোষণাটো পালন কৰিলে ভাল । চাহ শ্ৰমিকক লৈ সদায়ে ৰাজনীতি কৰা হয় । কেতিয়াবা মাটিৰ পট্টা, কেতিয়াবা মজুৰি আদি লৈ সদায় ৰাজনীতি কৰি থাকিলে বাগানৰ মানুহৰ অৱস্থা একেবাৰে বেয়া হৈ যাব ।"

তেওঁ লগতে কয়, "মজুৰিৰ ক্ষেত্রত চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি ৩৫১ টকা কৰি দিয়াটো আমি বিচাৰো । বৰ্তমান সময়ত দিন হাজিৰা লোকেই ৬০০-৭০০ টকা বিচাৰে । মোৰ কথা এটাই যে ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰি চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰক । বৰ্তমান সময়ত ৰাজ্যত চাৰে চাৰি লাখ স্থায়ী আৰু চাৰে পাঁচ লাখ অস্থায়ী চাহ শ্ৰমিক আছে ।"

কি কয় অসম চাহ জনজাতি ছাত্র সন্থাৰ সভাপতি জগদীশ বৰাইকে :

চাহ শ্ৰমিকৰ ন্যায়ৰ হকে সদায়ে মাত মাতি অহা অসম চাহ জনজাতি ছাত্র সন্থাৰ সভাপতি জগদীশ বৰাইকে কয়, "বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ প্ৰসংগটো দেখি আমি সকলো আশাবাদী আছিলো । কিন্তু সেই আশা নিৰাশাত পৰিণত হ'ল । আমাৰ কথা হ'ল চাহ শ্ৰমিকসকলক আইনৰ অধীনত নিম্নতম মজুৰি দিব লাগে । দেশত এনে কোনো উদ্যোগ-প্ৰতিষ্ঠান নাই য'ত শ্ৰমিকক এনে মজুৰি দিয়া হয় ।"

তেওঁ আৰ কয়, "অসমৰ চাহ উদ্যোগটো বিশাল আৰু ইয়াত ১৫ লাখ শ্ৰমিক নিয়োজিত হৈ আছে । অস্থায়ী ধৰিলে এই সংখ্যা বহুত বেছি হ'ব । এই মানুহখিনিক সামাজিক ন্যায়ৰ পৰা বঞ্চিত কৰা হৈছে । এইক্ষেত্রত চৰকাৰৰ সদিচ্ছাৰ অভাৱ পৰিলক্ষিত হৈছে । চাহ শ্ৰমিকৰ বাবে অসম চৰকাৰে কিবা কৰিব বুলি আমি আশা কৰিছিলো, কিন্তু অসম চৰকাৰ ব্যৰ্থ হ'ল । আমি বিচাৰো আমাৰ চাহ শ্ৰমিকসকলক সন্মানজনক মজুৰি দিব লাগে ।"

লগতে পঢ়ক : জনজাতিকৰণ, ভূমিপট্টা, দৈনিক মজুৰি বৃদ্ধিৰ দাবীত ৰাজ্য কঁপালে চাহ জনগোষ্ঠীয়ে

মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি পূৰণ নহ’লে ২৫ নৱেম্বৰৰ পিছতেই ৰাজপথত নামিব চাহ শ্ৰমিক ৰাইজ

দৈনিক মজুৰি বৃদ্ধি কৰাৰ দাবীত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ, চৰকাৰক সকীয়নি

Last Updated : November 23, 2025 at 1:13 AM IST