ETV Bharat / state

প্ৰশাসনৰ ওপৰত আস্থা হেৰুৱাই মাজুলীত খহনীয়া ৰোধৰ বাবে আগবঢ়ালে ভোগ

ব্ৰহ্মপুত্ৰ নদীয়ে চপৰা চপৰে মাজুলীৰ গৰা খহাইছে। তাৰ পাছত, প্ৰশাসনৰ ওপৰত আস্থা হেৰুৱাই ব্ৰহ্মপুত্ৰত ভোগ দিলে ৰাইজে ।

Prayed in the Brahmaputra to stop erosion in Majuli
ব্ৰহ্মপুত্ৰত ভোগ দিলে মাজুলীৰ ৰাইজে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 18, 2026 at 6:32 PM IST

2 Min Read
Choose ETV Bharat

মাজুলী: চৰকাৰে খহনীয়া প্ৰতিৰোধৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে যদিও আজিৰ তাৰিখতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত আছে । এই খহনীয়াৰ কবলত পৰি মাজুলীৰ বহু হাজাৰ বিঘা মাটি ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে ।

মাজুলীৰ বিভিন্ন প্ৰান্ততো আজিৰ তাৰিখত ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত আছে । মাজুলীত খহনীয়া ৰোধৰ বাবে ব্ৰহ্মপুত্ৰ ব'র্ডে বছৰ বছৰ বছৰ ধৰি কাম কৰি আছে যদিও আজিৰ তাৰিখত মাজুলীৰ এছপৰা মাটিও ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই ।

ব্ৰহ্মপুত্ৰত ভোগ দিলে মাজুলীৰ ৰাইজে (ETV Bharat Assam)

একেদৰে মাজুলীৰ কৰদৈগুৰি অঞ্চলতো অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ ভয়াবহ খহনীয়া । চৰকাৰ প্ৰশাসনৰ ওপৰত আস্থা হেৰুৱাই এতিয়া নেদেখাজনৰ সহায় বিচাৰিছে স্থানীয় ৰাইজে । কৰদৈগুৰি ১০ খন গাঁৱৰ ৰাইজ আৰু বৰ এলেঙী সত্ৰৰ সত্ৰাধিকাৰে এই খহনীয়া ৰোধৰ বাবে ব্ৰহ্মপুত্ৰত দিলে ভোগ । তেওঁলোকৰ আশা ব্ৰহ্মপুত্ৰ বাবাই তেওঁলোকৰ এই কাতৰ আহ্বান শুনিব আৰু খহনীয়া ৰোধ হ'ব ।

এই সন্দৰ্ভত, শ্ৰীশ্ৰী বৰ এলেঙী সত্ৰৰ সত্ৰাধিকাৰ চন্দন গোস্বামীয়ে কয়,"কৰদৈগুৰিকে মুখ্য কৰি ওচৰৰ যি সমীপৱৰ্তী গাঁও আছে সেই সমূহ গাঁৱৰ ৰাইজ লগ হৈ আমাৰ আধ্যাত্মিক বিশ্বাস ৰাখি ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধ কৰিবৰ বাবে প্ৰাৰ্থনা জনাইছোঁ ।"

তেওঁ পুনৰ কয়,"বিভাগীয় মন্ত্ৰী, বিধায়ক, প্ৰশাসনক আহ্বান জনাইছোঁ আপোনালোকে পৰিদৰ্শন কৰি, খুব কমদিনৰ ভিতৰত খহনীয়া প্ৰতিৰোধ কৰিবলৈ আহ্বান জনাইছোঁ । এনেকৈ যদি প্ৰবল খহনীয়া হৈ থাকে, তেন্তে মাজুলীৰ প্ৰতি ভাবুকি আহি পৰিব ।"

এজন স্থানীয় লোকে কয়,"আজিৰ তাৰিখত মাজুলীৰ নিচিনা এটা দ্বীপক বা মাজুলীৰ খহনীয়াৰ যিটো বিষয়, এই বিষয়টো যে আধ্যাত্মিকতাই যে ৰোধ কৰিব তেনেকুৱা নহয় । কিন্তু পৰম্পৰাগতভাৱে আমি ব্ৰহ্মপুত্ৰ বাবাৰ ওচৰত আমি এভাগ ভোগ দিও । দুবছৰমান এই ভোগটো দিয়াৰ পৰা আমি দুবছৰমান বিৰত আছিলোঁ । এইবাৰ আকৌ দিছোঁ ।"

লগতে পঢ়ক: মানসিকভাৱে ভাগি পৰিলেও পুনৰ নীটৰ বাবে সাজু শিক্ষাৰ্থী

নীটৰ চাপত মানসিকভাৱে জৰ্জৰিত শিক্ষাৰ্থী; শিক্ষাৰ্থী-শিক্ষকৰ মুখেৰে হতাশা আৰু প্ৰত্যাশাৰ কাহিনী