গুৱাহাটী বিমানবন্দৰৰ উদ্বোধনী অনুষ্ঠান: ৭০ হাজাৰ লোকক সম্বোধন, গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব প্ৰধানমন্ত্ৰীয়ে
২০ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণ কৰিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত চাৰিটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । ২১ ডিচেম্বৰত যাব নামৰূপলৈ ।

Published : December 16, 2025 at 3:42 PM IST
মিৰ্জা : ২০ ডিচেম্বৰৰ বিয়লি দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । নিজৰ ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে অসমত পাঁচটাকৈ কাৰ্যসূচীত ভাগ ল'ব । ইয়াৰে প্ৰথমটো কাৰ্যসূচী হিচাপে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুনকৈ নিৰ্মাণ কৰা টাৰ্মিনেলৰ শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে ।
২০ ডিচেম্বৰৰ বিয়লি ৩ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুনকৈ নিৰ্মাণ কৰা টাৰ্মিনেলৰ শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । তাৰ পিছতেই বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ সন্মুখত এক পদযাত্ৰা কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব ।
ইয়াৰ পিছত নিশাটো গুৱাহাটীতে কটাই ২১ ডিচেম্বৰৰ পুৱাৰ ভাগতে একাংশ ছাত্ৰ-ছাত্ৰীৰ সৈতে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত নাৱত উঠি এক মত-বিনিময় কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিব । তাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ কথা ।
গুৱাহাটীত এই চাৰিটা কাৰ্যসূচী ৰূপায়ণৰ পিছত নামৰূপলৈ গৈ নামৰূপ সাৰ কাৰখানাত ১০ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে ১২ লাখ ৫০ হাজাৰ মেট্ৰিক টন ইউৰিয়া উৎপানত কৰিব পৰা নতুন উদ্যোগটোৰ আধাৰশিলা স্থাপন কৰি তাৰ পৰাই দিল্লীলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।
দক্ষিণ কামৰূপ জিলা বিজেপিৰ বাটৰহাটস্থিত কাৰ্যালয়ত উপস্থিত হৈ মঙলবাৰে এই কথা জানিবলৈ দিলে মন্ত্ৰী পীয়ুষ হাজৰীকাই । এক দলীয় সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ সৈতে হোৱা কথোপকোথনত মন্ত্ৰী পীয়ুষ হাজৰীকাই কয় যে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ বাহিৰত স্থাপন কৰা গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰি প্ৰধানমন্ত্ৰীয়ে এক জনসভাত ৰাইজক সম্বোধন কৰিব । এই সভাত ৭০ হাজাৰ লোকৰ সমাগম ঘটিব বুলিও মন্ত্ৰী পীষুয হাজৰীকাই মন্তব্য কৰে ।
তেওঁ কয়, "যিটো গুৱাহাটী গোপীনাথ বৰদলৈ এয়াৰপ'ৰ্ট নতুনকৈ নিৰ্মাণ কৰি উলিওৱা হৈছে, কেইদিনমান পূৰ্বে এই অনুষ্ঠানৰ প্ৰস্তুতিৰ বাবে যেতিয়া তালৈ গৈছিলোঁ তেতিয়া এয়াৰপ'ৰ্টটো দেখাৰ সুযোগ লাভ কৰিছিলোঁ । দেশৰ ভিতৰত এটা অন্যতম আকৰ্ষণীয় আৰু খুব ভাল এয়াৰপ'ৰ্ট আমি পাবলৈ গৈ আছোঁ ।"
মন্ত্ৰী পীযুষ হাজৰীকাই কয়, "২০ তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব । তেখেতে এয়াৰপ'ৰ্টটো আমাৰ কাৰণে উছৰ্গা কৰিব । তাৰ পিছতেই প্ৰায় ৭০ হাজাৰ মানুহৰ উপস্থিতিত তেখেতে এখন সভাত ভাষণ দিব । গোপীনাথ বৰদলৈৰ মূৰ্তি আমাৰ আগতে এয়াৰপ'ৰ্টত নাছিল, তেওঁৰ মূৰ্তি এটাও প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উন্মোচন কৰিব ।"

