অভাৱী-মেধাৱী শিক্ষাৰ্থীক সহায় কৰি জীৱনৰ ছন্দ বিচৰা এজন যুৱক
তেওঁ উচ্চশিক্ষাৰে শিক্ষিত । ধেমাজিৰ চিত্ৰশিল্পী ডঃ প্ৰণৱ দিহিঙীয়াৰ সপোনে লৈছে বাস্তৱ ৰূপ ।

Published : December 16, 2025 at 2:33 PM IST
ধেমাজি : এজন উচ্চশিক্ষাৰে শিক্ষিত যুৱক । এই যুৱকজনে উচ্চশিক্ষা লাভৰ পিছতো কোনো চৰকাৰী চাকৰিৰ পিছত দৌৰি ফুৰা নাই । ছবিৰেই আঁকিছে জীৱনৰ ছন্দ । এই ছন্দৰেই তেওঁ জীৱনটো আগুৱাই নিব খোজে । ধন ঘটা যন্ত্ৰ হোৱাৰ তেওঁৰ নাই কোনো হাবিয়াস । আছে মাথোঁ সমাজৰ দুখীয়াসকলৰ বাবে কাম কৰাৰ মন । সেইবাবে এই যুৱকজনে কৰিছে এই কাম ।
বিদ্যালয়ে বিদ্যালয়ে গৈ অভাৱী পৰিয়ালৰ শিক্ষাৰ্থীক সহায়ৰ হাত আগবঢ়োৱা এই যুৱকজন হৈছে ধেমাজিৰ চিত্ৰশিল্পী ডঃ প্ৰণৱ দিহিঙীয়া ৷ ধেমাজিৰ শিশু শিক্ষাৰ অগ্ৰণী অনুষ্ঠান মনালিছা আৰ্ট একাডেমীৰ অধ্যক্ষৰ লগতে এই একাডেমীয়ে স্বেচ্ছাসেৱী গোটৰ সচিৱ ডঃ প্ৰণৱ দিহিঙীয়াই একাডেমীৰ জন্মলগ্নৰে পৰাই বিভিন্ন চৰকাৰী-বেচৰকাৰী বিদ্যালয়ে বিদ্যালয়ে গৈ অভাৱী পৰিয়ালৰ মেধাসম্পন্ন আৰু বিভিন্ন দিশত পাৰদৰ্শী ছাত্ৰ-ছাত্ৰীসকলক বহী, কাগজ, কলম, ৰং, ইউনিফৰ্ম আদি আনুষংগিক সামগ্ৰী প্ৰদান কৰি আহিছে ৷
কেৱল শিক্ষাৰ্থীকে নহয় অভাৱগ্ৰস্ত বিভিন্নজনকো সামৰ্থ অনুসৰি সহায় কৰে ৷ উল্লেখ্য যে ২০০৪ চনৰে পৰা সামাজিক দায়বদ্ধতাৰে কাম কৰি অহা মনালিছা আৰ্ট একাডেমী স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে ইতিমধ্যে ধেমাজি জিলাত এশৰো অধিক শিক্ষাৰ্থীক সহায়ৰ হাত আগবঢ়াইছে ।
চৰকাৰী বিদ্যালয়ৰ শিক্ষাই ঢুকি নোপোৱা শিক্ষাৰ্থীক দিছে মঞ্চ :
ৰাজ্যত চৰকাৰে গুণগত শিক্ষা প্ৰদান কৰাৰ লগতে সকলোৰে বাবে শিক্ষা বাধ্যতামূলক কৰি অহাৰ সত্বেও এতিয়াও বহু অভাৱী পৰিয়ালৰ সন্তানে নিজৰ প্ৰতিভা বিকাশৰ পৰা বঞ্চিত হৈ আছে । এই প্ৰসংগত ডঃ প্ৰণৱ দিহিঙীয়াই কয়, "চৰকাৰী বিদ্যালয়সমূহত আমি গৈছো ছাত্ৰ-ছাত্ৰীসকলৰ অভাৱৰ কথা বুজ লৈছো ৷ তাতে ভাল ভাল প্ৰতিভাসম্পন্ন ছাত্ৰ-ছাত্ৰী আছে যদিও প্ৰতিভাসমূহ উলিয়াই অনাৰ সুযোগ লাভ কৰা নাই ৷ সেইবাবে মনালিছা স্বেচ্ছাসেৱী অনুষ্ঠানে সহায় কৰিবলৈ প্ৰয়াস কৰি আহিছে ৷ ধেমাজিত এতিয়ালৈকে এশখন বিদ্যালয়লৈ গৈ অভাৱী মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীক চিনাক্ত কৰি সহায় কৰিছে ৷"

কিয় সমাজৰ প্ৰতি আকৃষ্ট হ'ল ?
সমাজত বহু বিত্তবান লোক আছে যদিও আনক সহায় কৰা মানসিকতা বহুতৰে গঢ় লৈ নুঠে । এইক্ষেত্ৰত ডঃ প্ৰণৱ দিহিঙীয়াই কয়,“মই আচলতে যিটো পৰিৱেশত ডাঙৰ -দীঘল হ’লো খুব বেয়া বুলি কব পাৰি ৷ সেয়ে নিজেই জীয়াই থাকিলে নহয়, আনকো যদি জীয়াই থকাত প্ৰেৰণা যোগাব পাৰো সেইবাবে কামত লাগি আছো ।"
ডিগ্ৰী ল’লেই জীৱন সম্পূৰ্ণ নহয় :
উচ্চশিক্ষিত হৈয়ো ডঃ প্ৰণৱ দিহিঙীয়াই চৰকাৰী চাকৰিলৈ পিঠি দি নিজাকৈ এখন সৰু আৰ্টৰ স্কুল খুলি কণ কণ শিক্ষাৰ্থীক জ্ঞানৰ পোহৰ বিলাই অহাৰ লগতে উপাৰ্জন হোৱা সামান্য টকাৰে নিজৰ পৰিয়াল চলাইছে । লগতে অভাৱী পৰিয়ালৰ শিক্ষাৰ্থীক আৰু অভাৱগ্ৰস্তজনৰ বাবে সামৰ্থ্য অনুসৰি সহায় কৰি আহিছে ৷ এইক্ষেত্ৰত তেওঁ কয়, "ডিগ্ৰী ল’লেই জীৱনটো সম্পূৰ্ণ নহয় ৷ ডিগ্ৰী মোৰ কেইবাটাও আছে ৷ মানুহৰ দুখত দুখী হ’ব পাৰিলেহে মানৱ জীৱন ধন্য হয় ৷ মই শিক্ষিত হৈও এইখিনি কৰি স্বাৱলম্বী হৈছো বুলি ভাবিছো ।" তেওঁ নতুন প্ৰজন্মক শিক্ষিত হৈ চাকৰি কৰিলেও যাতে সমাজৰ দুখীয়াজনক অলপ হ’লেও সকাহ কৰে তাৰ বাবে আহ্বান জনাইছে ।

বঁটাৰ বাবে কাম কৰা নাই :
সমাজৰ আৰ্তজনক কিঞ্চিৎ ক্ষুদ্ৰ উপাৰ্জনেৰে ক্ষুদ্ৰ সহায় কৰি মনত প্ৰশান্তি পোৱা বাবেই যেন এটা দীঘলীয়া সময় নীৰৱে চিত্ৰশিল্পী, সামজকৰ্মী ডঃ প্ৰণৱ দিহিঙীয়াই নীৰৱে কাম কৰি আহিছে ৷ ইয়াৰ বাবে তেওঁ বিভিন্ন প্ৰতিষ্ঠানে বঁটা আৰু প্ৰশংসাৰে উপচাই দিছে যদিও এইবোৰৰ বাবে তেওঁ সমাজৰ কৰা নাই বুলি মন্তব্য কৰে । অৱশ্যে আগুৱাই যাবলৈ মনত শক্তিৰ ভাৱ উদয় হয় কয় ৷

কেৱল ধেমাজি জিলাতে সীমাবদ্ধ নাথাকি আন জিলাৰ শিক্ষাৰ্থীৰ ওচৰলৈও যোৱাৰ কথা ক'লে ডঃ প্ৰণৱ দিহিঙীয়াই । অলপতে ডিব্ৰুগড়, লখিমপুৰ আৰু মৰাণৰ কেইবাখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰিবলৈ সক্ষম হৈছে । এইক্ষেত্ৰত সকলোৰে পৰা সন্তোষজনক সহাঁৰি লাভ কৰিছে বুলি মন্তব্য কৰে ৷ লগতে মাতৃয়েও এনেদৰে সমাজৰ কাম কৰি যাবলৈ উৎসাহিত কৰি অহা বুলি কয় ৷

যি সময়ত সমাজত সৰু-বৰ সৰহ সৰহসংখ্যক চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষক-অধ্যক্ষই কেৱল নিজৰ পৰিয়ালৰ অভাৱ-অভিযোগক লৈয়ে ব্যস্ত থাকে তেনে সময়ত ধেমাজি মনালিছাৰ আৰ্ট একাডেমীৰ অধ্যক্ষ তথা স্বেচ্ছাসেৱী পৰিয়ালৰ সচিৱ ডঃ প্ৰণৱ দিহিঙীয়াৰ এই মহানুভৱতা নিঃসন্দেহে প্ৰশংসনীয় পদক্ষেপ ৷

