কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰে ৰাজ্যৰ উন্নয়ন আৰু কল্যাণমূলক পদক্ষেপৰ বিষয়ে আলোচনা মুখ্যমন্ত্ৰী শৰ্মাৰ
মুখ্যমন্ত্ৰী শৰ্মাই ভাৰতৰ উপ-ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰি অসমৰ ৰূপান্তৰ আৰু শেহতীয়া উন্নয়নৰ অগ্ৰগতিৰ সাক্ষী হ’বলৈ তেওঁক অসম ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায় ৷

By ANI
Published : December 16, 2025 at 12:09 PM IST
নতুন দিল্লী : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনক সাক্ষাৎ কৰি ৰাজ্যখনৰ উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণৰ সৈতে জড়িত মূল বিষয়সমূহৰ ওপৰত আলোচনা কৰে ৷ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, বৈঠকত অসমৰ অৰ্থনৈতিক উন্নয়ন, আন্তঃগাঁথনি উন্নয়ন, জনকল্যাণৰ সৈতে জড়িত কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰা হয় ৷
আলোচনাৰ কেন্দ্ৰবিন্দু আছিল অসমৰ উন্নয়ন আৰু অধিক ত্বৰান্বিত কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সহযোগিতা শক্তিশালী কৰা ৷ অসমৰ উন্নয়নৰ কাৰ্যসূচী আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে অবিৰত সহায় আৰু পথ প্ৰদৰ্শনৰ বাবে মুখ্যমন্ত্ৰীয়ে কৃতজ্ঞতা জ্ঞাপন কৰি ৰাজ্যবাসীৰ সামগ্ৰিক প্ৰগতি আৰু মংগলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে ৷
কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক সাক্ষাতৰ পাছত Xত (পূৰ্বৰ টুইটাৰ) মুখ্যমন্ত্ৰী শৰ্মাই কয়, "আজি মাননীয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী @nsitharaman jiক নতুন দিল্লীত সাক্ষাৎ কৰি সন্মানিত ৷ আমি অসমৰ উন্নয়ন আৰু আমাৰ জনসাধাৰণৰ কল্যাণৰ সৈতে জড়িত কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰিলোঁ ৷" মুখ্যমন্ত্ৰী শৰ্মাই কয়, "আমাৰ উন্নয়ন যাত্ৰাত মাননীয় মন্ত্ৰীগৰাকীয়ে তেওঁৰ অবিৰত সহায়ৰ বাবে মই কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ৷"
ইয়াৰ পূৰ্বে দেওবাৰে মুখ্যমন্ত্ৰী শৰ্মাই ৰাষ্ট্ৰীয় ৰাজধানীত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ সৈতে সৌজন্যমূলক সাক্ষাৎ কৰে ৷ উপ-ৰাষ্ট্ৰপতিৰ বাসগৃহত অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰী শৰ্মাই ব্যক্তিগতভাৱে ৰাধাকৃষ্ণণক ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি পোৱাৰ বাবে অভিনন্দন জনায় ৷ লগতে মুখ্যমন্ত্রীয়ে উপ-ৰাষ্ট্ৰপতিগৰাকীক অসম ভ্ৰমণ কৰি ৰাজ্যখনৰ ৰূপান্তৰ আৰু শেহতীয়া উন্নয়নৰ অগ্ৰগতিৰ সাক্ষী হ’বলৈ আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনায় ৷
ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে X ত পোষ্ট কৰি কয়, "আজি ভাৰতৰ সন্মানীয় উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণজীক নতুন দিল্লীত সাক্ষাৎ কৰি সন্মানিত হৈছো ৷ মই ব্যক্তিগতভাৱে তেওঁক @VPIndia ৰ সন্মানীয় পদবী গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনাইছো আৰু যোৱা কিছু বছৰত ৰাজ্যখনত যি পৰিৱৰ্তন হৈছে, সেই পৰিৱৰ্তন সাক্ষী হ'বলৈ তেওঁক অসম ভ্ৰমণলৈ আমন্ত্ৰণ জনাইছো ৷"

