বছৰটোৰ শেষৰটো দিনত ১৭ কোটি ৫০ লাখ টকাৰ ড্ৰাগছ দাহ কৰিলে নগাঁও আৰক্ষীয়ে
নগাঁৱত জ্বলিল ১৭ কোটি ৫০ লাখ টকাৰ ড্ৰাগছ । হেৰ’ইন, ভাং, গাঞ্জা আদি ধ্বংস কৰে নগাঁও আৰক্ষীয়ে ।

Published : December 31, 2025 at 5:52 PM IST
গুৱাহাটী: বছৰৰ অন্তিম দিনটোত নগাঁৱত জ্বলাই ধ্বংস কৰা হ’ল ১৭ কোটিৰো অধিক টকাৰ নিচাজাতীয় সামগ্রী । জিলাখনত গোপনে চলা ড্ৰাগছৰ বেহাৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে বিগত দুটা বছৰত জব্দ কৰা বুজন পৰিমাণৰ ড্ৰাগছ বছৰৰ অন্তিমটো দিনত বুধবাৰে জ্বলাই ধ্বংস কৰে নগাঁও আৰক্ষীয়ে । নগাঁও চহৰৰ নাতিদূৰৈৰ তেলীয়া বৰজহা গাঁৱৰ এটা ইটাভাটাত মজুত কৰি বুধবাৰে পুৱাই ড্ৰাগছসমূহ জ্বলাই ধ্বংস কৰে নগাঁও আৰক্ষীয়ে ।
বুধবাৰে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ উপস্থিতিত জিলা প্ৰশাসন আৰু জিলা আৰক্ষীৰ উদ্যোগত বুজন পৰিমাণৰ ড্ৰাগছ জ্বলাই ধ্বংস কৰে আৰক্ষীয়ে ।
দাহন কৰা নিচাজাতীয় সামগ্ৰীৰ ভিতৰত আছে-
- হেৰ’ইন- ৬ কেজি ৩৪৫ গ্ৰাম,
- গাঞ্জা- ২৪৮ কেজি ৮৯৫ গ্ৰাম,
- নিচাজাতীয় কফ চিৰাপ- ৩,৬২৩ টা,
- নিচাজাতীয় টেবলেট- ৬৪,১৩২ টা
ড্ৰাগছ দাহন কাৰ্যসূচীত উপস্থিত থাকি নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই নগাঁও জিলাত ড্ৰাগছৰ এক প্ৰত্যাহ্বান থকাৰ কথা উল্লেখ কৰি সংবাদ মাধ্যমৰ সন্মুখত কয়, "ড্ৰাগছৰ প্ৰত্যাহ্বান যিমানেই নাথাকক কিয়, আমি ইয়াৰ বিৰুদ্ধে শক্তিশালী ৰূপত যুঁজ অব্যাহত ৰাখিম । বিগত বছৰ তুলনাত ড্ৰাগছৰ বিৰুদ্ধে গোচৰৰ সংখ্যা বৃদ্ধি হৈছে । এইবছৰ ড্ৰাগছৰ বিৰুদ্ধে ৩৮৮ টা গোচৰ ৰুজু হৈছে । পূৰ্বে এই গোচৰৰ সংখ্যা আছিল ৩০৮ টা । লগতে ৫৩০ টা কৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে । ড্ৰাগছৰ জৰিয়তে যুৱ প্ৰজন্মক পংগু কৰাৰ কৌশল আমি ৰুধিবলৈ অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।"

বিগত বৰ্ষটোত নগাঁও আৰক্ষীয়ে অবৈধ ড্ৰাগছ ব্যৱসায়ী বিৰুদ্ধে তিনিশৰো অধিক গোচৰ ৰুজু কৰি পাঁচশৰো অধিক ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত লোকক কৰায়ত্ত কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা বুলি উল্লেখ কৰে নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই । লগতে কৰায়ত্ত কৰা ড্ৰাগছ ব্যৱসায়ীৰ পৰা জব্দ কৰা ড্ৰাগছৰ বজাৰ মূল্য ১৭ কোটি ৫০ লাখ ৭০ হাজাৰ ৯০০ টকাৰ ড্ৰাগছ আদালতৰ অনুমতি সাপেক্ষে দাহন কৰা বুলিও জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে ।

ড্ৰাগছ দাহন কৰি ড্ৰাগছ সৰবৰাহকাৰীক সকীয়াই দিয়ে নগাঁৱৰ আৰক্ষী অধীক্ষকগৰাকীয়ে । লগতে ড্ৰাগছৰ বিৰুদ্ধে ৰাইজৰো সহযোগিতা কামনা কৰে জিলা আয়ুক্তৰ লগতে নগাঁও আৰক্ষীয়ে ।

