ETV Bharat / state

এটা সপ্তাহত দুটা ঘটনাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ মান অৱনমিত কৰিলে: যুৱ ছাত্ৰ পৰিষদ

'অৰণ্য মানৱ'ৰ কাষত আছু-যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্ব ৷

Molai kathoni arson
যাদৱ পায়েঙক সাক্ষাৎ আছু আৰু এ জে ৱাই চি পিৰ নেতাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 31, 2025 at 11:19 AM IST

3 Min Read
Choose ETV Bharat

যোৰহাট : দেশৰ 'অৰণ্য মানৱ' খ্যাত পদ্মশ্ৰী যাদৱ পায়েং আৰু তেওঁৰ কন্যা মুনমুনী পায়েঙে গঢ়ি তোলা অৰণ্যত দুৰ্বৃত্তই অগ্নিসংযোগ কৰা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । যোৰহাট আৰু মাজুলীৰ মাজৰ ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰি অঞ্চলত পিতৃ-কন্যাই মোলাই কাঠনি ২.০ নামেৰে এখন অৰণ্য সৃষ্টি কৰা মানসেৰে দুটা বছৰত ৰোপণ কৰিছিল প্ৰায় ১০ লাখৰো অধিক গছপুলি । কিন্তু সেউজীয়া হ'বলৈ ধৰা অৰণ্যখনত দেওবাৰে কোনো লোকে অগ্নিসংযোগ কৰে । ফলত ৫ হাজাৰৰো অধিক গছপুলি নষ্ট হয় । এই ঘটনাই সমগ্ৰ ৰাজ্যৰ লগতে দেশত তীব্ৰ প্ৰতিক্ৰিয়া আৰু ক্ষোভৰ সৃষ্টি কৰিছে ।

বিভিন্ন দল-সংগঠনৰ নেতাই যাদৱ পায়েঙৰ কাষত থিয় দি সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী জনাইছে । তাৰ মাজতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আছুৰ নেতাসকলেও যাদৱ পায়েঙক সাক্ষাৎ কৰি ঘটনাৰ বুজ লয় । লগতে ঘটনাৰ উচিত তদন্তৰ দাবী জনায় ।

'অৰণ্য মানৱ'ৰ কাষত আছু-যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্ব (ETV Bharat Assam)

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী কৰা মতে যোৱা এসপ্তাহত অসমত দুটা ঘটনা সংঘটিত হৈছে । যি দুটা ঘটনাই বিশ্বৰ ওচৰত অসমৰ মান অৱনমিত কৰিছে । তাৰ ভিতৰত অন্যতম এই ঘটনা । যাদৱ পায়েঙক সাক্ষাৎ কৰি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি পলাশ চাংমায়ে কয়, "যোৱা এসপ্তাহত দুটা ঘটনাই সমগ্ৰ পৃথিৱীবাসীৰ ওচৰত অসমৰ মানুহৰ স্থান অৱনমিত কৰিলে অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ মান তললৈ নামিল । এটা হ'ল পদ্মশ্ৰী যাদৱ পায়েঙৰ যিখন মোলাই চাপৰি ২.০ত কোনো দুস্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰিছে । এই ঘটনাটোৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ স্থান তললৈ নিলে ।"

আন এক ঘটনাৰ উদাহৰণ দি নেতাজনে কয়, "বৰদিনৰ প্ৰাকক্ষণত নলবাৰীত কিছু সংখ্যক লোকে বৰদিনৰ সামগ্ৰী, ৰূপসজ্জা কৰা সামগ্ৰী জ্বলাই দিছিল । এই দুয়োটা ঘটনাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমক তললৈ নিছে । বৰ্তমান সময়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভূপেন হাজৰিকা, মৃত্যুৰ পিছত জুবিন গাৰ্গক চিনি পায় । তাৰ লগে লগে যিসকল লোকে পৃথিৱীৰ খা-খবৰ ৰাখে সেই মানুহ বিলাকে পদ্মশ্ৰী যাদৱ পায়েঙক চিনি পায় । গতিকে এজন ব্যক্তিৰ সেই প্ৰচেষ্টাক কোনো দুস্কৃতিকাৰীয়ে নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে হানি-বিঘিনি ঘটাব, সেই কথাটো নিশ্চিতভাৱে মানি ল'ব নোৱাৰি । এই ঘটনাৰ এক উচিত তদন্ত হ'ব লাগে । তাত কোনে কি উদ্দেশ্যত অগ্নিসংযোগ কৰিলে এই কথাবিলাক বিতংভাৱে ৰাজহুৱা হ'ব লাগে আৰু দোষীক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে ।"

আনহাতে মোলাই কাঠনিত পদ্মশ্ৰী যাদৱ পায়েঙক সাক্ষাৎ কৰে যোৰহাট আৰু মাজুলী জিলা আছুৰ এটা প্ৰতিনিধি দলে । যোৰহাট জিলা ছাত্র সন্থাৰ সভাপতি প্ৰীতম শইকীয়াই কয়, "সেউজীয়া বনভূমিত অগ্নিসংযোগৰ ঘটনা দুৰ্ভাগ্যজনক, পৰিৱেশ বনানীকৰণ কৰাৰ কাৰণে ব্ৰহ্মপুত্ৰৰ বুকুত তেওঁলোকে আঁচনি লৈছে আৰু ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা এটা চাপৰিত, যিটো পৰি আছিল বহু বছৰ ধৰি । সেই চাপৰিৰ সেউজীয়া ভূমিত অগ্নি সংযোগকাৰীসকলক বিচাৰি শাস্তি দিব লাগিব । অবৈধ বালিখননৰ বিৰুদ্ধে যাদৱ পায়েং আৰু যোৰহাট জিলা ছাত্র সন্থাই স্মাৰক পত্ৰ দিয়াৰ পিছতো কিন্তু যোৰহাটৰ বন বিষয়াই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ।"

লগতে পঢ়ক :বালিখননৰ বিৰুদ্ধে মাত মতাৰ ভয়ংকৰ পৰিণাম ! দুষ্কৃতিকাৰীয়ে জ্বলাই থৈ গ'ল 'অৰণ্য মানৱ'ৰ মোলাই কাঠনি