ETV Bharat / state

জুবিন গাৰ্গৰ আদৰ্শৰে সৰুপথাৰৰ ঘৰে ঘৰে নাহৰ পুলি ৰোপণ

সৰুপথাৰত জুবিন গাৰ্গৰ জন্মদিনৰ পৰা আৰম্ভ হোৱা নাহৰ পুলি ৰোপণ কাৰ্যসূচী অব্যাহত আছে । বছৰৰ অন্তিমটো দিনত বিভিন্নজনৰ বাসগৃহত ৰোপণ কৰা হ'ল নাহৰৰ পুলি ।

Nahor plantation in Sarupathar
সৰুপথাৰৰ ঘৰে ঘৰে নাহৰ পুলি ৰোপণ ধনশ্ৰী নিৰ্মাণ গোটৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 31, 2025 at 1:38 PM IST

4 Min Read
Choose ETV Bharat

সৰুপথাৰ : সমগ্ৰ অসমক শোকৰ সাগৰত পেলাই ২০২৫ বৰ্ষত অসমবাসীৰ মাজৰ পৰা হেৰাই গ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ । জুবিন গাৰ্গৰ স্মৃতিক জীয়াই ৰাখিবলৈ সৰুপথাৰ সমজিলাৰ সমাজসেৱক জীৱন চুতীয়াই গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ । জীৱন চুতীয়াৰ তত্বাৱধানত সৰুপথাৰ সমজিলাত জন্মলাভ কৰা ধনশ্ৰী নিৰ্মাণ গোটে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিক সজীৱ কৰি ৰাখিবলৈ তেওঁৰ জন্মদিন ১৮ নৱেম্বৰ পৰাই একেৰাহে সমষ্টিটোৰ ঘৰে ঘৰে নাহৰ পুলি ৰোপণ কৰাৰ পদক্ষেপ হাতত লৈ আহিছে ।

২০২৫ বৰ্ষৰ শেষৰ দিনটোতো সৰুপথাৰৰ বিভিন্ন প্ৰান্তত নাহৰ পুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰে ধনশ্ৰী নিৰ্মাণ গোটে । ধনশ্ৰী নিৰ্মাণ গোটৰ জন্মদাতা তথা গোটটোৰ সভাপতি জীৱন চুতীয়া আৰু তেওঁৰ সহযোগীসকলে হাতত নাহৰ পুলি লৈ শিক্ষয়িত্ৰী নৱমী চুতীয়া, সৰুপথাৰ মহাবিদ্যালৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক সত্যব্ৰত দত্ত, সমাজতত্ব বিভাগৰ মুৰব্বী অধ‍্যাপক প্ৰেমকান্ত বৰা, সহকাৰী অধ্যাপক প্ৰাঞ্জল দত্তৰ লগতে কেইবাগৰাকী লোকৰ বাসগৃহত ৰোপণ কৰে নাহৰৰ পুলি ।

সৰুপথাৰৰ ঘৰে ঘৰে নাহৰ পুলি ৰোপণ ধনশ্ৰী নিৰ্মাণ গোটৰ (ETV Bharat Assam)

সৰুপথাৰ সমষ্টিৰ বিভিন্ন ব্যক্তিৰ বাসগৃহত নাহৰ পুলি ৰোপণৰ কাম হাতত লোৱা সমাজকৰ্মী জীৱন চুতীয়াৰ এই মহান পদক্ষেপক সৰুপথাৰৰ ৰাইজে প্ৰশংসা কৰিছে । সকলোৱে একেমুখে কৈছে যে এই পদক্ষেপ অব্যাহত থাকে । ধনশ্ৰী নিৰ্মাণ গোটৰ সমান্তৰালভাৱে সকলো লোকে যাতে নিজে নিজে নাহৰ পুলি ৰোপণ কৰি অসমখনক নাহৰৰ দেশলৈ ৰূপান্তৰিত কৰাৰ লগতে জুবিন গাৰ্গৰ সপোনক বাস্তৱায়িত কৰে তাৰো আহ্বান জনাইছে ৰাইজে । বৰ্তমানলৈকে ধনশ্ৰী নিৰ্মাণ গোটে ৭০০ৰো অধিক লোকৰ বাসগৃহত নাহৰ পুলি ৰোপণ কৰিছে বুলি জানিব পৰা গৈছে ।

এই পদক্ষেপক প্ৰশংসা কৰি সৰুপথাৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক সত্যব্ৰত দত্তই কয়, "এক বৃক্ষ দশ পুত্ৰ সমান । ভাৰতীয় সংস্কৃতিয়ে সেই কথাকে কয় । এইটো এক আন্দোলন বুলিয়েই ক'ব লাগিব । বৰ্তমান সময়ত খুবেই প্ৰয়োজনীয় এই বৃক্ষৰোপণক ধনশ্ৰী নিৰ্মাণ গোটে ঘৰে ঘৰে লৈ আনিছে । এই আন্দোলন সমগ্ৰ অসমলৈকে বিয়পি পৰক । জুবিন গাৰ্গৰ আৱেগেৰে নাহৰ পুলি ৰোপণ সমগ্ৰ অসমতেই বিয়পি পৰক । গছেৰেই সমগ্ৰ পৃথিৱীখন সেউজীয়া কৰি তোলক ।"

ইফালে সমাজকৰ্মী জীৱন চুতীয়াই কয়, "জুবিন গাৰ্গৰ যি আদৰ্শ, জুবিন গাৰ্গে দি যোৱা মানৱতাবাদ, সমাজবাদ, তেখেতৰ অৱদান সঁচাকৈয়ে তুলনাবিহীন । তেখেতৰ আদৰ্শক সজীৱ কৰি ৰাখিবলৈ জুবিন গাৰ্গৰ জন্মদিন ১৮ নৱেম্বৰৰ পৰাই সৰুপথাৰ সমজিলাৰ মানুহৰ ঘৰে ঘৰে গৈ জুবিন গাৰ্গৰ নামত একোটোকৈ নাহৰ পুলি ৰোপণ কৰিছোঁ ।"

তেওঁ লগতে কয়, "সাম্প্ৰতিক সময়ত পৃথিৱী যি গোলকীয় উষ্ণতাৰ দিশে গতি কৰিছে, গছপুলি ৰোপণে ভাৰসাম্যতাৰ ক্ষেত্ৰত অৰিহণা যোগাব । গতিকে এনে পৰিপ্ৰেক্ষিতত ঘৰে ঘৰে একোটাকৈ নাহৰ পুলি ৰোপণ কৰি জুবিন গাৰ্গৰ আদৰ্শক সজীৱ কৰি তুলিব লাগিব । আমি য'লৈকে গৈছো, সভা-সমিতি, অনুষ্ঠান ইত্যাদিলৈ গ'লেই নাহৰ পুলি লৈ যাওঁ আৰু ৰোপণ কৰোঁ । প্ৰত্যেক দিনাই নাহৰ পুলি ৰোপণ কৰিছোঁ । যিমান দিন সম্ভৱ ৰোপণ কৰি যাম । শেহতীয়াকৈ ৭০০ টা পৰিয়ালৰ ঘৰত পুলি ৰোপণ কৰিলোঁ ।"

ইফালে অৰণ্য মানৱ যাদৱ পায়েঙে গঢ়ি তোলা মোলাই কাঠনিত দুৰ্বৃত্তই অগ্নিসংযোগ কৰা ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সমাজকৰ্মী জীৱন চুতীয়াই । তেওঁ কয়, "মোলাই কাঠনিত অগ্নিসংযোগৰ ঘটনা অতিকৈ গৰিহণাৰ যোগ্য, ধিক্কাৰৰ যোগ্য । যাদৱ পায়েং হৈছে সমগ্ৰ বিশ্বৰেই এজন আদৰ্শ ব্যক্তি । বিশ্বত তেখেতৰ আদৰ্শক অনুসৰণ কৰা হৈছে । বিভিন্ন দেশলৈ তেখেতক মাতি নিয়া হৈছে । সাম্প্ৰতিক সময়ত প্ৰকৃতিৰ ভাৰসাম্যতাৰ প্ৰতি লক্ষ্য ৰাখি কিয় গছ-গছনি ৰোপণ কৰিব লাগে সেই সম্পৰ্কে ছাত্ৰ-ছাত্ৰীক জ্ঞান দি ফুৰা মানুহজনৰ মোলাই কাঠনিত নিকৃষ্ট মানসিকতাৰ লোকে অগ্নিসংযোগ কৰিলে এই বিষয়ত গৰিহণা দিয়াৰ ভাষা নাই । তেওঁলোকক চিনাক্ত কৰি কঠোৰতকৈ কঠোৰতম শাস্তি বিহাৰ প্ৰয়োজন আছে ।"

লগতে পঢ়ক :বালিৰ পৰা চৰকাৰে এটকা ৰেভিনিউ পায়, ৰেঞ্জাৰ-ডি এফ অ'ই মিলি ন টকা পায়: আচল কথাটো কৈ দিলে ক্ষুব্ধ অৰণ্য মানৱে