ETV Bharat / state

ঐনিতমৰ সুৰত গুমৰাগ নাচিলে এখন মহাবিদ্যালয়ৰ শিক্ষাৰ্থী-শিক্ষক সমাজে

মাজুলীৰ এখন মহাবিদ্যালয়ৰ প্ৰশংসনীয় প্ৰদক্ষেপ ৷ পূব মাজুলী মহাবিদ্যালয়ত উলহ-মালহেৰে মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ ‘আলি-আয়ে-লৃগাং’ উদযাপন ৷

Mising festival Ali Aye Ligang celebrated by Pub Majuli College
মিচিং জনগোষ্ঠীৰ বাপতিসাহোন কৃষিভিত্তিক বসন্তোৎসৱ ‘আলি-আয়ে-লৃগাং’ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 5, 2026 at 5:57 PM IST

2 Min Read
Choose ETV Bharat

মাজুলী : ৰঙৰ উৎসৱ ফাকুৱাৰ মাজতে পূব মাজুলীৰ এখন বিশেষ মহাবিদ্যালয়ত বুধবাৰে অতি উলহ-মালহেৰে মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ ‘আলি-আয়ে-লৃগাং’ উদযাপন কৰা হয় । য’ত উপস্থাপন কৰা হয় মিচিং জনগোষ্ঠীৰ সকলো পৰম্পৰা তথা নিয়ম-নীতি ৷

জানিব পৰা মতে, পূব মাজুলী মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সমাজৰ উদ্যোগত এইবাৰ দ্বিতীয়বৰ্ষৰ বাবে এই উৎসৱটি উদযাপন কৰা হয় । এই উৎসৱ উপলক্ষে বুধবাৰে পুৱাৰে পৰা মিচিং পৰম্পৰাগত নৃত্য-গীতেৰে জীপাল হৈ পৰে মহাবিদ্যালয়ৰ চৌহদ । মিচিং জনগোষ্ঠীৰ শিক্ষাৰ্থীৰ লগতে মহাবিদ্যালয়খনৰ অন্য ছাত্ৰ-ছাত্ৰীয়েও ঐনিতমৰ সুৰত গুমৰাগ নচা দেখা গ’ল ৷

‘আলি-আয়ে-লৃগাং’ উদযাপন (ETV Bharat Assam)

উল্লেখ্য যে, মিচিং জনগোষ্ঠীৰ বাপতিসাহোন কৃষিভিত্তিক বসন্তোৎসৱ হৈছে ‘আলি-আয়ে-লৃগাং’ ৷ ফাগুনৰ প্ৰথমটো বুধবাৰে ৰাজ্যখনৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী মিচিংসকলে উদযাপন কৰে তেওঁলোকৰ জনজীৱনৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং ৷ বৃহত্তৰ অসমীয়া সংস্কৃতিৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰাৰ প্ৰয়াসেৰে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে মিলি বিগত প্ৰায় এসপ্তাহ ধৰি এই উৎসৱৰ বাবে প্ৰস্তুতি চলাই আছিল ।

Ali Aye Ligang
‘আলি-আয়ে-লৃগাং’ উদযাপন (ETV Bharat Assam)

মহাবিদ্যালয়খনত অধ্যয়নৰত মিচিং ছাত্ৰ-ছাত্ৰীসকলৰ লগতে আন আন ছাত্ৰ-ছাত্ৰীসকলেও একেলগে এই উৎসৱত অংশগ্ৰহণ কৰি সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে । সকলো ছাত্ৰ-ছাত্ৰীয়ে স্বতঃস্ফূৰ্ত এই উৎসৱত অংশগ্ৰহণ কৰাৰ আৰু পৰম্পৰাগত সাজ-পাৰৰ পৰিধান কৰাও দেখা যায় ৷

Ali Aye Ligang
মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ ‘আলি-আয়ে-লৃগাং’ উদযাপন (ETV Bharat Assam)

মহাবিদ্যালয়খনৰ অধ্যক্ষ দীপক বৰাই সংবাদ মাধ্যমৰ আগত কয়, ‘‘মিচিং জনগোষ্ঠীৰ লোকসকলৰ জাতীয় উৎসৱ আলি আই লৃগাং ৷ আমি এইবাৰ দ্বিতীয় বছৰৰ বাবে আমাৰ মহাবিদ্যালয়ত উদযাপন কৰিছো ।’’

তেওঁ আৰু কয়, ‘‘আমাৰ মহাবিদ্যালয়ত বহু মিচিং ছাত্র-ছাত্ৰী আছে ৷ তেওঁলোকক উৎসাহ যোগোৱাৰ উদ্দেশ্য আমাৰ মহাবিদ্যালয়তো এই উৎসৱ উদযাপন কৰি অহা হৈছে ।’’

লগতে পঢ়ক : মিচিং অধ্যুষিত গাঁওসমূহৰ ঘৰে ঘৰে এতিয়া 'লৃগাং চঃমান'

লগতে পঢ়ক : মাজুলীত ঐনিতমৰ সুৰত গুমৰাগ নাঁচিলে বিদেশী পৰ্যটকে