মিচিং অধ্যুষিত গাঁওসমূহৰ ঘৰে ঘৰে এতিয়া 'লৃগাং চঃমান'
মিচিং ক'-কনেং (ডেকা-গাভৰু)সকলৰ লত্তা চঃমান, গোমৰাগ, ঐনিতমৰ সুৰেৰে মতলীয়া হৈ পৰিছে মিচিং গাঁওসমূহ ।

Published : February 25, 2026 at 9:21 PM IST
জোনাই : ফাগুনৰ প্ৰথমটো বুধবাৰে অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলে পালন কৰে আলি-আঃয়ে-লৃগাং । মিচিং অধ্যুষিত বিভিন্ন গাঁৱত দিনজোৰা মাংগলিক কাৰ্যসূচীৰে অতীজৰে পৰা চলি অহা এই পৱিত্র উৎসৱ উদযাপন সম্পন্ন কৰাৰ পিছত অৰ্থাৎ তিনিদিনলৈ 'গেনা' কৰে মিচিং লোকসকলে । মিচিং সমাজত 'গেনা' (Gena) হৈছে এক ধৰ্মীয় আৰু সামাজিক পৰম্পৰা, যি পৱিত্ৰতা ৰক্ষা আৰু নীতি-নিয়ম মানি চলিবলৈ পালন কৰা হয় ।
ইয়াৰ মূল অৰ্থ হ'ল 'নিষিদ্ধ' বা 'বাৰণ', যাৰ জৰিয়তে কৃষি, উৎসৱ বা কোনো বিশেষ অনুষ্ঠানত অশুভ শক্তি দূৰ কৰা হয় । গেনাৰ সময়ত কোনো ধৰণৰ অশুভ কাম বা গছ-লতা কটা আদিৰ পৰা বিৰত থকা হয় । সমাজৰ মংগল, পৰিয়ালৰ সুৰক্ষা আৰু কৃষিৰ উৎপাদন বৃদ্ধিৰ বাবে এই পৰম্পৰা পালন কৰা হয় ।
এই পৰম্পৰা মিচিং সংস্কৃতিৰ এক অবিচ্ছেদ্য অংশ, যি তেওঁলোকৰ প্ৰকৃতি আৰু বিশ্বাসৰ লগত জড়িত । মিচিংসকলৰ প্ৰধান কৃষিভিত্তিক উৎসৱ 'আলি-আঃয়ে-লৃগাং'-ৰ সময়ত ইয়াৰ বিশেষ গুৰুত্ব আছে ।
ইয়াৰ পিছতে অৰ্থাৎ তিনিদিনৰ পিছত অসমৰ বিভিন্ন প্ৰান্তৰ মিচিং গাঁৱৰ ঘৰে ঘৰে এতিয়া লত্তা চঃমান, গোমৰাগ চঃমান ঐনিতমৰ সুৰেৰে জীপাল কৰিছে । এতিয়া মিচিং অধ্যুষিত গাঁওসমূহত লৃগাং উপলক্ষে সন্ধিয়াৰ পৰা ঘৰে ঘৰে জ্যেষ্ঠসকলকে ধৰি ডেকা-গাভৰুসকলৰ লৃগাং চঃমানত লঃললে, গোমৰাগ, ঐনিতম, লত্তা চঃমানেৰে মুখৰিত হৈ পৰিছে ।
এই দৃশ্য জোনাইৰ অসম-অৰুণাচল সীমান্তৱৰ্তী পুৰণা জেলম গাঁৱৰ । ঐনিতম গোমৰাগ নৃত্যত মতলীয়া হৈ পৰিছে মিছিং ক'-কঃনেং (ডেকা-গাভৰু)সকল । গাঁৱৰ ডেকা-গাভৰুসকলে মিলি পুৰণা জেলম গাঁওখনৰ প্ৰায় ১৪০ টা ঘৰ চোতালে চোতালে কৰিছে লৃগাং চঃমান । ইয়াৰ পিছতে গৃহস্থই শৰাই আগবঢ়ায়, মাননি (টকা-পইচা) দি লৃগাং চঃমান দলক সেৱা জনাই আশীৰ্বাদ লয় ।

কিমান দিনলৈ চলে লৃগাং চঃমান
প্ৰায় এসপ্তাহ ধৰি এই লৃগাং চঃমান চলে । অৰ্থাৎ গাঁওখনৰ যিমান ঘৰ আছে সকলোতে লৃগাং চঃমান কৰাৰ পিছতে সমাপ্ত কৰে বুলি জানিবলৈ দিয়ে স্থানীয় লোকে । লৃগাং চঃমানত পোৱা টকাসমূহ ঠাই সবিশেষে ডেকা-গাভৰুসকলে একেলগে এসাঁজ খাই কোনোবা গাঁৱৰ ৰাইজৰ প্ৰয়োজনীয় কামত ব্যৱহাৰ কৰে লৃগাং চঃমানত পোৱা মাননিৰ টকাসমূহ ।
লৃগাং চঃমান দল
গাঁৱৰ ডেকা-গাভৰুৱে ঘৰে ঘৰে গৈ লৃগাং চঃমান কৰে । গৃহস্থই শৰাই আগবঢ়াই, মাননি (টকা-পইচা) দি লৃগাং চঃমান দলক সেৱা জনাই আশীৰ্বাদ লয় । এই ৰীতি-নীতিসমূহে অসমীয়া সমাজৰ কৃষি আৰু পৰম্পৰাৰ প্ৰতি থকা শ্ৰদ্ধা প্ৰকাশ কৰে ।
আলি-আঃয়ে-লৃগাঙৰ অৰ্থ
মিচিং ভাষাত 'আলি' মানে শস্যৰ বীজ, 'আঃয়ে' মানে ফল আৰু 'লৃগাং' মানে উৎসৱ । আলি-আঃয়ে-লৃগাং মানেই ফাগুন, ফাগুন মানেই আলি-আঃয়ে-লৃগাং । এই লৃগাঙতে মিচিং গাঁওসমূহত বিৰাজ কৰে এক উৎসৱমুখৰ পৰিৱেশ । গোমৰাগ চঃমান আৰু ঐনিতমৰ ধ্বনিৰে হৈ মুখৰিত হৈ পৰিছে মিচিং অঞ্চলসমূহ ।
ফাগুনৰ প্ৰথম বুধবাৰ মিচিংসকলে শুভ দিন বুলি বিশ্বাস কৰি আলি-আঃয়ে-লৃগাং উৎসৱ পালন কৰে । মিচিংসকলে ফাগুনৰ প্ৰথমটো দিন অৰ্থাৎ লৃগাঙৰ দিনাখনৰ পৰা পথাৰত সিঁচা শস্যক পোক-পৰুৱাই যাতে খাই নষ্ট নকৰে তাৰ বাবে দঃঞি পঃল কাৰ্চিং কাৰ্তাকক পৰম্পৰা, ৰীতি-নীতিৰে প্ৰৰ্থনা জনাই পথাৰত বীজ ৰোপণৰ কাৰ্য আৰম্ভ কৰে । মাংগলিক কাৰ্যৰ পিছতে মুৰংঘৰত একেলগে বহি পুৰাং আপিন, পোৰা গাহৰি মাংস, আদা-নহৰু, শুকান মাছৰ চাটনিৰ লগত পঃৰ আপঙৰ জুতি লয় বুঢ়া-বুঢ়ী, ডেকা-গাভৰু, বোৱাৰী সকলোৱে ৷

