ETV Bharat / state

ৰোগীৰ জীৱনক লৈ ল’ৰা ধেমালি! মৰাণত নাৰ্ছিংহোমৰ অস্ত্ৰোপচাৰ কক্ষত ওলমিল তলা

ভুক্তভোগীৰ অভিযোগ আৰু দল সংগঠনৰ প্ৰতিবাদত নাৰ্ছিংহোমৰ বিৰুদ্ধে ব্য়ৱস্থা গ্ৰহণ স্বাস্থ্য বিভাগৰ ।

Nursing home's operation theater sealed in Moran
স্বাস্থ্য বিভাগে ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোমৰ অস্ত্ৰোপচাৰ কক্ষ ছীল কৰিলে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 29, 2026 at 9:00 AM IST

3 Min Read
Choose ETV Bharat

মৰাণ: ৰোগীৰ জীৱনক লৈ হেতালি খেলা নাৰ্ছিংহোমৰ অস্ত্ৰোপচাৰ কক্ষ ছীল কৰিলে ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগে । মৰাণ নগৰত নতুনকৈ নিৰ্মাণ কৰা এই নাৰ্ছিংহোমখনৰ বিৰুদ্ধে উত্থাপিত গুৰুতৰ অভিযোগৰ পিচতে স্বাস্থ্য় বিভাগে গ্ৰহণ কৰিলে এই কঠোৰ পদক্ষেপ । ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোমৰ অস্ত্ৰোপচাৰ কক্ষ ছীল কৰিলে স্বাস্থ্য বিভাগে ।

বহু ভুক্তভোগীৰ অভিযোগ আৰু দল সংগঠনৰ প্ৰতিবাদৰ পাছত ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগে নাৰ্ছিংহোমখনৰ অস্ত্ৰোপচাৰ কক্ষ ছীল কৰিলে । ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ তৃষ্ণা বৰা, জিলাৰ মুখ্য স্বাস্থ্য বিষয়া ডাঃ সৌমেন্দ্ৰ ভাগৱতী, মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অংকন জ্যোতি ফুকনৰ উপস্থিতিত ছীল কৰা হয় অস্ত্ৰোপচাৰ কক্ষটো ।

স্বাস্থ্য বিভাগে ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোমৰ অস্ত্ৰোপচাৰ কক্ষ ছীল কৰিলে (ETV Bharat Assam)

উল্লেখ্য় যে যোৱা ২০ এপ্ৰিলত মৰাণৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোম বন্ধ কৰা আৰু প্ৰসূতি বিভাগৰ চিকিৎসক ডাঃ দেৱজিৎ চাহুৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল গোৰ্খা ছাত্ৰ সন্থাই । যোৱা ৫ মাৰ্চত ডাঃ দেৱজিৎ চাহুৰ নেতৃত্বত অস্ত্ৰোপচাৰ কৰা কবিতা লিম্বু নামৰ প্ৰসূতিগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটি ১৮ মাৰ্চত ডিব্ৰুগড়ৰ এএমচিএইচত মৃত্যু হৈছিল । ইয়াৰ পাছতে প্ৰসূতিগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত জিলা স্বাস্থ্য বিভাগে তদন্ত আৰম্ভ কৰে ।

Nursing home's operation theater sealed in Moran
স্বাস্থ্য বিভাগে ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোমৰ অস্ত্ৰোপচাৰ কক্ষ ছীল কৰিলে (ETV Bharat Assam)

ইয়াৰ পূৰ্বেও ২০২৫ বৰ্ষত ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোমখনত অস্ত্ৰোপচাৰৰ পিছত সোণালী দিহিঙীয়া নামৰ আন এগৰাকী প্ৰসূতিৰ ভুল চিকিৎসাত মৃত্যু হোৱাৰ অভিযোগ উঠিছিল । লগতে ৱাৰ্ড বয়ে এক্স-ৰে’ কৰা ঘটনা পোহৰলৈ আহিছিল । অৱশেষত তদন্তকাৰী দলটোৱে ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোমৰ অস্ত্ৰোপচাৰ কক্ষৰ লগতে চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ প্ৰমাণ পোৱাৰ পাছতে 'ক্লিনিকেল এষ্টাব্লিষ্টমেন্ট এক্ট'ৰ অধীনত বুধবাৰে অস্ত্ৰোপচাৰ কক্ষ ছীল কৰে । তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব বুলি ।

Nursing home's operation theater sealed in Moran
স্বাস্থ্য বিভাগে ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোমৰ অস্ত্ৰোপচাৰ কক্ষ ছীল কৰিলে (ETV Bharat Assam)

এই সমগ্ৰ বিষয়টোক লৈ জিলাৰ মুখ্য স্বাস্থ্য বিষয়া ডাঃ সৌমেন্দ্ৰ ভাগৱতীয়ে কয়, "মৰাণৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোমৰ বিৰুদ্ধে যে অভিযোগ উত্থাপিত হৈছে সেই সন্দৰ্ভত আমি তদন্তৰ বাবে আহিছোঁ । দুগৰাকী প্ৰসূতিৰ মৃত্যু হোৱাৰ লগতে আন কেইবাটাও ঘটনাৰ অভিযোগ পোৱা গৈছিল । এই অভিযোগৰ পাছতে জিলা আয়ুক্তই তদন্ত ঘোষণা কৰিছিল । তদন্তত চিকিৎসালয়ৰ অস্ত্ৰোপচাৰ কক্ষ আৰু লগতে চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ প্ৰমাণ পোৱা গৈছে । সেয়ে অস্ত্ৰোপচাৰ কক্ষ ছীল কৰা হৈছে । চিকিৎসালয় কৰ্তৃপক্ষই যেতিয়ালৈকে নিজৰ গাফিলতিসমূহ ঠিক নকৰে তেতিয়ালৈকে অস্ত্ৰোপচাৰ কক্ষ বন্ধ থাকিব । চিকিৎসালয়খনৰ বিৰুদ্ধে থকা আন সমূহ অভিযোগৰ ওপৰত তদন্ত কৰা হ'ব ।"

লগতে পঢ়ক:ডিমৌত জন্মদাত্ৰী মাতৃৰ হাতত প্ৰাণ গ'ল কণমানি সন্তানৰ; মাতৃৰো আত্মহত্যাৰ চেষ্টা

অভি-নীল হত্যাকাণ্ড : ২০ জন হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড