অভি-নীল হত্যাকাণ্ড : ২০ জন হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড
৮ বছৰৰ অপেক্ষাৰ অন্তত অভি-নীল হত্যাকাণ্ড গোচৰৰ চূড়ান্ত ৰায় প্ৰদান ।

Published : April 24, 2026 at 5:30 PM IST
|Updated : April 24, 2026 at 7:26 PM IST
নগাঁও : অৱশেষত নগাঁও আদালতে অভি-নীল হত্যাকাণ্ডৰ গোচৰত ২০ জনক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহিলে । ৮ বছৰৰ অপেক্ষাৰ অন্তত শুকুৰবাৰে নগাঁৱৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে দিলে এই ৰায় । ২০ জন হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতে । আদালতে আটাইকেইজনকে ২০ হাজাৰ টকাকৈ জৰিমনা বিহিছে ।
উল্লেখ্য় যে যোৱা ১৩ মাৰ্চত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্তিম শুনানি হৈছিল । ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ডটো । গুৱাহাটীৰ দুই যুৱক অভিজিৎ নাথ আৰু নিলোৎপল দাসক মৰিয়াই মৰিয়াই হত্যা কৰিছিল এদল উদণ্ড লোকে । এই ঘটনাৰ অভিযুক্ত আছিল ৪৮ জন আছিল যদিও ইয়াৰে তিনিজনক আদালতে জুভেইনাল ঘোষণা কৰে । আনহাতে ২৫ জনক দোষমুক্ত ঘোষণা কৰিছিল আদালতে ।
শাস্তি প্ৰদান কৰা ২০ হত্যাকাৰী:
২০ এপ্ৰিলত দোষী সাব্যস্ত হোৱাৰ পাছত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হোৱা ২০ জনকৈ হত্যাকাৰী হৈছে- বিশ্বৰাম স্বৰ্গীয়ৰী, পংঠেং বসুমতাৰী, অলফাজুজ তিমুং, ইনচেন ইংতি, ৰাইকম তিমুং, ৰত্নেশ্বৰ তেৰাং, ফুকন লেকতে, আনছ তিমুং, প্ৰেছ তিমুং, ৰূপছিং ক্ৰ’, ধন’ মেছ, বাবু সিং ক্ৰ’, বিক্ৰম হানছে, চিকাৰী ৰংপি, বাবু ৰংপি, বিদ্যাছিং ৰংপি, মেনছিং ক্ৰ’, দ্বীপজ্যোতি বসুমতাৰী, ৱাৰেছ ৰংপি আৰু অনদা মেছ ।
ভুক্তভোগী পক্ষৰ অধিবক্তাৰ মন্তব্য:
শুকুৰবাৰে নগাঁও জিলা ও সত্ৰ ন্যায়ধীশ আদালতে অভিজিৎ নিলোৎপলক হত্যা কৰাৰ অপৰাধত কাৰাদণ্ডৰে দণ্ডিত কৰা ৰায়ক লৈ অসন্তুষ্টি প্ৰকাশ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা গোচৰটোৰ লোক অধিবক্তা জিয়াউল কামাৰে কয়, “গোচৰটোত ৰেয়াৰ অৱ দ্য ৰেয়াৰ গোচৰ হিচাপে দুই এজনক মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰিব লাগিছিল যদিও কোনো এজন লোকক মৃত্যুদণ্ড দিয়া নাই । আজিৰ পৰা গোচৰটোৰ পৰা মোৰ দায়িত্ব সমাপ্ত হৈছে ।”
ৰায়ক লৈ অসন্তুষ্ট অভি নীলৰ দুই পিতৃ:
২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ সদৰ ডকমকাত নৃশংসভাৱে হত্যা কৰা গুৱাহাটীৰ দুই যুৱক অভিজিৎ নাথ আৰু নিলোৎপল দাসৰ হত্যাকাৰীক যাবজ্জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদানক লৈ অসন্তুষ্টি প্ৰকাশ কৰিলে দুই দুৰ্ভগীয়া পিতৃয়ে । ৰায়ক লৈ অভিজিৎ নাথৰ পিতৃ অজিত নাথে কয়, “গোচৰটোৰ ৩০২ ধাৰাত দুটাই শাস্তি আছিল, এটা হ’ল যাৱজ্জীৱন কাৰাদণ্ড আৰু আনটো মৃত্যুদণ্ড । আমাৰ অধিবক্তাই আদালতত দুজনৰ মৃত্যুদণ্ড বিচাৰিছিল; কিন্তু ন্যায়ালয়ে গ্ৰাহ্য নকৰিলে । অলফাজুজ তিমুং আৰু ৰূপছিং ক্ৰৰ মৃত্যুদণ্ড হোৱাটো আমিও বিচাৰিছিলো । ইয়াৰে অলফাজুজ তিমুঙে সমগ্ৰ ঘটনা অৰ্থাৎ হত্যাকাণ্ড সংঘটিত কৰাৰ বাবে সকলোকে সংঘবদ্ধ কৰিছিল আৰু ৰূপছিং ক্ৰ’ই প্ৰকাণ্ড পাথৰেৰে আঘাত কৰি অহা অভি -নীলক হত্যা কৰিছিল । হত্যাৰ নৃশংসতাৰ ওপৰত ভিত্তি কৰি এই দুজনক মৃত্যুদণ্ড দিব লাগিছিল । তথাপি ২০ জনক কাৰাদণ্ডৰ ৰায়ে দুখৰ মাজত সুখৰ ৰেঙনি আহিছে ।”
অভি নীলৰ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিছিল বুলি উল্লেখ কৰি নিলোৎপল দাসৰ পিতৃ গোপাল চন্দ্ৰ দাসে কয়, “২০ জন দোষী আটাইকেইজনকে একেধৰণৰ শাস্তি প্ৰদান কৰিলে । সমগ্ৰ ঘটনাৰ ষড়যন্ত্ৰ কৰা দুই চাৰিজনক অন্তত মৃত্যুদণ্ড আমি আশা কৰিছিলো । মৃত্যুদণ্ডৰ ৰায় হ'লেহে দৃষ্টান্তমূলক শাস্তি বুলি আমি ক’ব পাৰিলো হয় । যাৱজ্জীৱন কাৰাদণ্ডৰ দৃষ্টান্তমূলক শাস্তি বুলি ক’ব নোৱাৰি । অন্তত যি কেইজনৰ ষড়যন্ত্ৰৰ বাবে সমগ্ৰ ঘটনাটো সংঘটিত হ’ল সেইকেইজনৰ ফাঁচী হোৱাটো প্ৰয়োজন আছিল । আদালতে কিয় গোচৰটো ৰেয়াৰ অৱ দ্য ৰেয়াৰ গোচৰ বুলি গণ্য নকৰিলে সেইটোহে বুজি নাপালো । বিচাৰ প্ৰক্ৰিয়াত পলম হৈছে যদিও উচিত বিচাৰ পোৱা বুলি আমি ভাৱিব নোৱাৰো ।”
অভি- নীলৰ বন্ধুৰ প্ৰতিক্ৰিয়া:
অভি নীলৰ হত্যাকাৰীৰ শাস্তি ঘোষণাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অভি নীলৰ এগৰাকী ঘনিষ্ঠ বন্ধুয়ে কয়, “সেই অভিশপ্ত দিনটোত অভি- নীলৰ সৈতে কাৰ্বি আংলঙলৈ মইও যোৱাৰ কথা আছিল, মই যোৱা হ'লে আজি মইও জীয়াই নাথাকিলো হয় । এই ঘটনাৰ দোষীক মৃত্যুদণ্ড দিলেও হয়তো আমি সুখী নহলো হয় । কাৰণ এই ঘটনাৰ কোনো শাস্তিয়ে পৰ্যাপ্ত নহয় ।”
২০ জনকৈ দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দানক লৈ অসন্তুষ্টি প্ৰকাশ কৰি বিপক্ষৰ অধিবক্তা মানস শৰণীয়াই কয়, “২০ জন অভিযুক্তৰ ১৩ জনৰ বিৰুদ্ধে হত্যাত জড়িত থকাৰ কোনো সাক্ষ্য প্ৰমাণ নাই । আন ৭ জন ঘটনাৰ সময়ত উপস্থিত আছিল যদিও হত্যাকাণ্ড সংঘটিত কৰাৰ প্ৰমাণ নাই । এনে ক্ষেত্ৰত নগাঁও আদালতে প্ৰদান কৰা ৰায়ক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ কাষ চাপিব লাগিব । দহ-বাৰ দিনৰ ভিতৰতে উচ্চ ন্যায়ালয়ত আবেদন জনোৱা হ’ব ।”
লগতে পঢ়ক:অভি-নীলৰ হত্যাকাৰীক ফাঁচি দিব নোৱাৰে, ৰায়দানক লৈ অসন্তুষ্ট বিপক্ষৰ অধিবক্তা
অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত : ২৪ এপ্ৰিলত হ'ব শাস্তি ঘোষণা

