ETV Bharat / state

বিপ্লৱ শৰ্মা সমিতিৰ পৰামৰ্শৱলী কাৰ্যকৰীকৰণ; চৰকাৰৰ সৈতে আছুৰ তৃতীয়লানি আলোচনাৰ ফলাফল কি ?

পৰামৰ্শ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত ৰাজ্যিক কেবিনেটে ৬৭টা বিষয় চিনাক্ত কৰিছে । তাৰে ৪০টা বিষয় ৰাজ্য চৰকাৰৰ, ১৫টা কেন্দ্রীয় চৰকাৰৰ আৰু ১২টা উভয় চৰকাৰৰ আওতাত পৰে ।

Biplab Sharma Committee
শ্বহীদ ন্যাসত আছুৰ সংবাদমেল সম্বোধনৰ মুহূৰ্তত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 24, 2025 at 8:16 PM IST

11 Min Read
Choose ETV Bharat

গুৱাহাটী : "অসম চুক্তিৰ ৬নং দফাৰ আধাৰত কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শ্রীবিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্রতিবেদন কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত ৰাজ্যিক কেবিনেটে বিপ্লব কুমাৰ শৰ্মা প্রতিবেদনত ৬৭ টা বিষয় চিনাক্ত কৰিছে । তাৰে ৪০ টা বিষয় পোনপটীয়াকৈ ৰাজ্য চৰকাৰৰ আওতাত, ১৫ টা বিষয় পোনপটীয়াকৈ কেন্দ্রীয় চৰকাৰৰ আওতাত আৰু ১২ টা বিষয় উভয় চৰকাৰৰ আওতাত পৰে ।" সোমবাৰে বিপ্লৱ শৰ্মা প্ৰতিবেদন কাৰ্যকৰীকৰণত চৰকাৰৰ পদক্ষেপ আৰু আছুৰ ভূমিকা সন্দৰ্ভত ব্যাখ্যা কৰি এক সংবাদমেলত এই কথা কয় আছুৰ সভাপতি উৎপল শৰ্মাই ।

তেওঁ লগতে কয়, "অসম চৰকাৰৰ আওতাত পৰা বিষয়সমূহ কাৰ্যকৰী কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত তৃতীয়লানি আলোচনা অনুষ্ঠিত হয় । এই আলোচনাত অসম চৰকাৰৰ আওতাত পৰা আৰু উভয় চৰকাৰৰ আওতাত পৰা পৰামৰ্শসমূহৰ অসম চৰকাৰৰ কৰণীয়খিনি ধৰি মুঠ ৫২ টা বিষয় কাৰ্যকৰীকৰণৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হয় ।"

বিপ্লৱ শৰ্মা সমিতিৰ পৰামৰ্শৱলী কাৰ্যকৰীকৰণ; চৰকাৰৰ সৈতে আছুৰ তৃতীয়লানি আলোচনাৰ ফলাফল কি ? (ETV Bharat Assam)

পৰামৰ্শ কাৰ্যকৰীকৰণ সন্দৰ্ভত উৎপল শৰ্মাই কয়, "প্রথম আৰু দ্বিতীয়লানি আলোচনাত গ্রহণ কৰা সিদ্ধান্তসমূহ ২০২৫-২৬ বৰ্ষৰ অসম চৰকাৰৰ ৰাজ্যিক বাজেটত উল্লেখ কৰা হৈছে । এই সিদ্ধান্তসমূহ কাৰ্যকৰীকৰণৰ অগ্রগতি সম্পৰ্কতো অসম চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহে ব্যাখ্যা দাঙি ধৰে । প্ৰথম আৰু দ্বিতীয়লানি আলোচনাত গ্রহণ কৰা সিদ্ধান্তসমূহ কাৰ্যকৰীকৰণৰ সন্দৰ্ভত ছাত্ৰ সন্থাৰ তৰফৰ পৰা নিৰ্দিষ্টকৈ লিখিত পৰামৰ্শ আগবঢ়োৱা হয় ।"

শ্বহীদ ন্যাসত সংবাদমেল সম্বোধন কৰি আছুৰ সভাপতি উৎপল শৰ্মাই কয়, "অসম চৰকাৰৰ আওতাত পৰা কেতবোৰ মূল পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । তাৰ ভিতৰত অসমৰ জনজাতীয় বেল্ট-ব্লকসমূহ আছে । ইয়াৰ উপৰি ৰাজ্যৰ আন অঞ্চলসমূহৰ ৰাজহচক্ৰত মাটিৰ অধিকাৰ আৰু মাটিৰ কিনা-বেচা কেৱল অসমীয়া মানুহৰ মাজত সীমাবদ্ধ থাকিব । এই পৰামৰ্শ কাৰ্যকৰীকৰণৰ বাবে অসম ভূমি আৰু ৰাজহ নিয়ন্ত্রণ আইন, ১৮৮৬ যাৱতীয় সংশোধন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে । সংশোধনৰ খচৰা প্ৰস্তুত কৰি থকা হৈছে ।

তেওঁ লগতে কয়, "আনহাতে, ৰাজ্যভাষা আইন নিখুঁতভাৱে কাৰ্যকৰী কৰা হ'ব । অসম চৰকাৰৰ সকলো নির্দেশনা অসমীয়া ভাষাত বাধ্যতামূলকভাৱে প্ৰকাশ পাব । ইংৰাজী ভাষাতো থাকিব । কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰৰ সকলো আইন, অধিসূচনা, নিয়মাৱলী, নির্দেশাৱলী অসমীয়া ভাষাত প্ৰকাশৰ ব্যৱস্থা কৰা হ'ব । যোৱা ১৪ এপ্রিলৰ পৰাই এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ কথা আছিল যদিও কাৰ্যকৰী হোৱা নাই ।"

সিদ্ধান্ত কাৰ্যকৰীকৰণ সন্দৰ্ভত আছুৰ দাবী প্ৰসংগত তেওঁ কয়, "ছাত্র সন্থাই আলোচনাকালত এই সম্পর্কে আপত্তি দর্শাইছে আৰু শীঘ্রেই কাৰ্যকৰী কৰিবলৈ দাবী জনাইছে । মুখ্যমন্ত্রীয়ে মুখ্য সচিবক অনতিপলমে এই ক্ষেত্রত কাৰ্যকৰী ব্যৱস্থা ল'বলৈ নির্দেশ দিছে ।"

সত্ৰ প্ৰসংগত তেওঁ কয়, "ইপিনে অসমৰ সত্ৰসমূহৰ সৰ্বাংগীণ উন্নয়নৰ বাবে আৰু সত্র সম্পর্কে যিকোনো বিষয়ে সিদ্ধান্ত গ্রহণ কৰিবলৈ এখন শক্তিশালী বোৰ্ড গঠন কৰা হ'ব । এই বোর্ড স্বায়ত্তশাসিত হ'ব । তিনিমাহৰ ভিতৰত এই সম্পর্কীয় বিধেয়ক প্রস্তুত কৰা হ'ব । সত্ৰ, নামঘৰ, আন খিলঞ্জীয়া ধর্মীয় অনুষ্ঠানক বিধিগত সুৰক্ষা প্ৰদান কৰা হ'ব । এই পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ 'অসম সত্ৰ সংৰক্ষণ আৰু বিকাশ আয়োগ' গঠন হ'ব । এই সম্পর্কে প্রয়োজনীয় আইন প্ৰস্তুত কৰি থকা হৈছে ।"

আছুৰ সভাপতিগৰাকীয়ে লগতে কয়, "এক বিশেষ জৰীপৰ জৰিয়তে অসমৰ মূল কৃষিভূমি (PRIME AGRICULTURAL LAND) বাছনি কৰি উলিওৱা হ'ব । চৰকাৰৰ অনুমতি অবিহনে অনাকৃষি কাৰ্যত এই ভূমি ব্যৱহাৰ কৰিব নোৱাৰিব । কৃষি অনুপযোগী ভূমিৰ জৰীপ কৰা হ'ব । এই ভূমিক ঔদ্যোগিক ভূমি হিচাপে ঘোষণা কৰা হ'ব আদিকে ধৰি ৰাজ্য চৰকাৰৰ অধীনৰ ৫২ টা পৰামৰ্শ ৰূপায়ণৰ সিদ্ধান্ত লৈছে ।"

আনহাতে, আছু-অসম চৰকাৰৰ তৃতীয়খন বৈঠক সন্দৰ্ভত আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, "অসম চুক্তিৰ ৬নং দফাৰ আধাৰত কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধীনত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন কাৰ্যকৰীকৰণ সন্দৰ্ভত ২২ তাৰিখে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত আছুৰ তৃতীয়লানি বৈঠক অনুষ্ঠিত হয় ৷ বিপ্লৱ কুমাৰ শৰ্মা কমিটীয়ে দিয়া প্ৰতিবেদনত অসম চৰকাৰৰ আওতাত থকা বিষয়সমূহ কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লোৱা হৈছে । বিপ্লৱ কুমাৰ শৰ্মা প্ৰতিবেদনত ৬৭ টা বিষয় চিনাক্ত কৰা হৈছে ।"

চৰকাৰৰ সৈতে হোৱা আলোচনা সন্দৰ্ভত তেওঁ লগতে কয়, "চৰকাৰৰে হোৱা তৃতীয়লানি বৈঠকত ৰাজ্য চৰকাৰৰ আওতাত পৰা ৫২টা বিষয় কাৰ্যকৰীকৰণৰ সিদ্ধান্ত লোৱা হৈছে ৷ মাটিৰ অধিকাৰ অসমৰ খিলঞ্জীয়াসকলৰ হাতত থাকিব লাগিব । আজোককাৰ দিনৰ মাটিটুকুৰা সুৰক্ষিত হ’ব লাগিব । ৪৬ বছৰ নিজৰ ভাষা, সাহিত্য, সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত সকলোৱে কৈ আহিছে ৷ আজিৰ ছাত্ৰ-ছাত্ৰীসকলে অসম আন্দোলন দেখা নাছিল, কিন্তু তেওঁলোকৰ পিতৃ-মাতৃয়ে এই আন্দোলন কৰিছিল ৷ সমস্যাৰ সমাধান হ’বলৈ হ’লে অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰিব লাগিব । অসম আন্দোলনৰ সময়তকৈ এতিয়াৰ সময় অধিক ভয়াৱহ ।"

তেওঁ লগতে কয়, "এতিয়াৰে পৰা বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত সকলো ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া বাধ্যতামূলক হ’ব ৷ বি টি আৰ এলেকাত বড়ো আৰু অসমীয়া বিষয় বাধ্যতামূলক হ’ব । ২০২৬ শিক্ষাবৰ্ষৰ পৰা অষ্টম শ্ৰেণীলৈকে অসম বুৰঞ্জী আৰু ভূগোল বাধ্যতামূলক হ’ব । আনহাতে, প্ৰতিখন জিলাৰ সদৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱন নামেৰে অত্যাধুনিক বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰা হ’ব । প্ৰাৰম্ভিক পৰ্যায়ত ১২ খন জিলাৰ বাবে ২৪০ কোটিৰ আৱণ্টন দিছে ।"

আছুৰ উপদেষ্টাগৰাকীয়ে কয়, "অসম চুক্তিমৰ্মে স্থাপিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰলৈ অসম চৰকাৰে ১০০ কোটিৰ বিশেষ পুঁজি আৱণ্টনৰ সিদ্ধান্ত লৈছে ৷ এই পুঁজি ব্যয়ৰ বিষয়ত সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে আলোচনা কৰিব লাগিব ৷ প্ৰথম পৰ্যায়ত এই পুঁজিৰ ২০২৫-২৬ বৰ্ষৰ বাজেটত ৫০ কোটি আৱণ্টন কৰা হৈছে ৷ ইপিনে নতুনকৈ প্ৰস্তুত কৰা হ’ব জ্যোতি চিত্ৰবনৰ ৰূপৰেখা ৷ ইয়াৰ বাবে তিনিজন বিশিষ্ট সংস্কৃতিবিদ আৰু আছুৰ তিনিজন প্ৰতিনিধিক লৈ ছয়জনীয়া সমিতি গঠন কৰা হ’ব ৷"

জ্যোতি চিত্ৰবন প্ৰসংগত তেওঁ লগতে কয়, "জ্যোতি চিত্ৰবনৰ কৰ্মচাৰীসকল এতিয়াৰে পৰা অসম চৰকাৰৰ অধীনলৈ আহিব ৷ ইয়াৰ উপৰি পশ্চিমবংগৰ কোচবিহাৰস্থিত মধুপুৰ সত্ৰ সংৰক্ষণ আৰু বিকাশৰ বাবে অসম চৰকাৰে ৫০ কোটিৰ পুঁজি আৱণ্টন কৰিব । চন্দ্ৰপুৰত অসম ঐতিহ্য আৰু সাংস্কৃতিক প্ৰকল্প স্থাপন কৰা হ’ব । অসম পৰ্যটন উন্নয়ন নিগমৰ অধীনত হ’ব এই প্ৰকল্প ৷ ইয়াৰ বাবে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ ১০২ কোটি টকা অনুমোদনৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰিছে ।"

বিপ্লৱ শৰ্মা সমিতিৰ প্ৰতিবেদন সন্দৰ্ভত তেওঁ লগতে কয়, "বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ যিসমূহ পৰামৰ্শৱলী কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰে সেইসমূহ বিষয় কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ ল'ব লাগিব । সদৌ অসম ছাত্ৰ সন্থাই এই বিষয়সমূহৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সৈতে ডিচেম্বৰ-জানুৱাৰীত আলোচনাৰ পোষকতা কৰিছে । এই আলোচনাৰ বাবে পদক্ষেপ ল'বলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছো ।

অসম চুক্তিৰ সকলো দফা ৰূপায়ণ

উল্লেখ্য যে অসম চুক্তিৰ প্রতিটো দফা ৰূপায়ণৰ বাবে অসম চৰকাৰে গঠন কৰা উপ-সমিতিয়ে বিস্তৃত প্রতিবেদন ২২ নৱেম্বৰত অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত দাখিল কৰা হৈছে । সংবাদমেলত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাই কয়, অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম চৰকাৰ আৰু সদৌ অসম ছাত্র সন্থাৰ মাজত কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাৰ সভাকক্ষত অসম চুক্তি ৰূপায়ণৰ সন্দর্ভত আলোচনা অনুষ্ঠিত হৈছিল ।

এই আলোচনাত অসম চুক্তিৰ প্রতিটো দফা ৰূপায়ণ, অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ (উচ্চস্তৰীয় সমিতিৰ প্রতিবেদন), অসম চুক্তিৰ ৭নং দফা (অর্থনৈতিক ৰক্ষাকৱচ), ৯নং দফা (সীমান্ত সুৰক্ষা); ১০নং দফা (চৰকাৰী ভূমি, জনজাতীয় বেল্ট-ব্লক সংৰক্ষণ), ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ, অসমৰ বান-খহনীয়া সমস্যাৰ স্থায়ী সমাধান, অসম আন্দোলনৰ শ্বহীদৰ পৰিয়াল আৰু নির্যাতিত ব্যক্তিক সংস্থাপন, অসমৰ সামগ্রিক অর্থনৈতিক উন্নয়নৰ লগতে অসমৰ জনসাধাৰণৰ বাবে এই উপ-সমিতি গঠন কৰা হৈছিল ।

বিভিন্ন সমস্যা সমাধানৰ ৰূপৰেখা প্রস্তুত কৰিবলৈ অসম চুক্তি ৰূপায়ণ মন্ত্রী অতুল বৰাৰ অধ্যক্ষতাত কেবিনেট মন্ত্রী পীযুষ হাজৰীকা, অজন্তা নেওগ, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন, মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচার্যক লৈ এই উপ-সমিতি গঠন কৰা হৈছিল ।

প্রতিবেদনত অসম চুক্তিৰ প্রতিটো দফা ৰূপায়ণেৰে অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধানৰ বিস্তৃত পৰামৰ্শ দিয়া হৈছে । বিদেশী নাগৰিকৰ সমস্যাৰ সমাধানৰ উপৰি আন আন দফা ৰূপায়ণৰ পৰামৰ্শ আগবঢ়োৱা হৈছে । ভাৰত-বাংলাদেশ সীমান্ত ছীল, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত কৰা, অসম চুক্তিৰ ৭নং দফাৰ আধাৰত অর্থনৈতিক ৰক্ষাকৱচ প্রদান কৰা; চৰকাৰী ভূমি, জনজাতীয় বেল্ট আৰু ব্লক সুৰক্ষিত কৰা; অসমৰ অর্থনৈতিক ভেটি ভাঙি চূৰমাৰ কৰি পেলোৱা অসমৰ বান, খহনীয়া সমস্যাৰ স্থায়ী সমাধান, অসমৰ সামগ্রিক অর্থনৈতিক উন্নয়নৰ বাবে বিভিন্ন পৰামৰ্শাৱলী প্রতিবেদনত সন্নিবিষ্ট কৰা হৈছে ।

অসম আন্দোলনৰ শ্বহীদৰ পৰিয়াল আৰু নির্যাতিত ব্যক্তিক সংস্থাপনৰ বিষয়টোত বিশেষ পদক্ষেপ ল'বলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে । অসম চুক্তিৰ ৭নং দফা অনুসৰি শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰৰ বাবে অসমত কেইবাখনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠান স্থাপনৰ পৰামৰ্শ আগবঢ়োৱা হৈছে । সমস্যাৰ স্থায়ী সমাধানৰ বিভিন্ন পৰামৰ্শ আগবঢ়োৱা হৈছে । এতিয়া প্রতিবেদনৰ সকলো পৰামৰ্শ নির্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰাৰ দায়িত্ব চৰকাৰৰ ।

'কা'ৰ বিষয়টোত ছাত্র সন্থা আৰু অসম চৰকাৰৰ প্রতিনিধি সহমতত উপনীত হ'ব নোৱাৰিলে । নাগৰিকত্ব সংশোধনী আইনক বাদ দি আন বিষয়সমূহত উপ-সমিতি সহমতত উপনীত হৈছে ।

তিৱাৰী আয়োগৰ প্ৰতিবেদন বিধানসভাত উত্থাপন

১৯৮৩ চন অসমৰ খিলঞ্জীয়া মানুহে পাহৰিব নোৱৰা সময় । অন্যায়ভাৱে আমাৰ ওপৰত অবৈধ নিৰ্বাচন জাপি দিয়া হৈছিল । সংবিধানিক দায়বদ্ধতাৰ নামত অসমৰ ৰাইজৰ প্ৰতি অন্যায় কৰা হ'ল, অবিচাৰ কৰা হ'ল । সেইটোক লৈ তিৱাৰী আয়োগ গঠন কৰা হৈছিল । ৰাইজৰ মত নোলোৱাকৈ একপক্ষীয়ভাৱে এক প্ৰতিবেদন প্ৰস্তুত কৰিছিল । প্ৰতিবেদন বিধানসভাত দাখিল কৰিব । সেয়েহে সেই সময়ত অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনে গঠন কৰা মেহতা আয়োগৰ প্ৰতিবেদন দাখিল কৰিবলৈ দাবী জনাইছে নিৰপেক্ষতাৰ স্বাৰ্থত ।

মেহতা আয়োগৰ প্ৰতিবেদনত ৰাইজে সেই সময়ত কি পৰিস্থিতিৰ সন্মুখীন হৈছিল, কেনেধৰণে নিৰ্যাতন চলোৱা হৈছিল এই সকলোবোৰ বিষয় প্ৰতিফলন হৈছিল ।

তিৱাৰী আয়োগৰ প্ৰতিবেদন বিধানসভাৰ মজিয়াত দাখিল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছু সভাপতি উৎপল শৰ্মাই কয়, "এই প্ৰতিবেদন একপক্ষীয় ৷ আন্দোলন কৰাসকলৰ মন্তব্য গ্ৰহণ কৰা নাছিল আয়োগে ৷ সেয়েহে মেহতা আয়োগৰ প্ৰতিবেদনো আমি বিধানসভাৰ মজিয়াত দাখিল কৰাটো বিচাৰিছোঁ । ১৯৮৩ৰ নিৰ্বাচন জনসাধাৰণৰ ওপৰত জোৰকৈ জাপি দিয়া এটা নিৰ্বাচন । তিৱাৰী আয়োগৰ প্ৰতিবেদন বিধানসভাৰ মজিয়াত দাখিল কৰিবলগা হ’লে মেহতা আয়োগৰ প্ৰতিবেদনো দাখিল কৰিব লাগিব । দুয়োখন আয়োগৰ প্ৰতিবেদন সন্দৰ্ভত ৰাইজে জানিব লাগিব ।"

ইপিনে এন আৰ চি সন্দৰ্ভত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, "এন আৰ চিৰ পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ত খুব সোনকালে আবেদন দাখিল কৰিম । আমি অকলে কৰিলে নহ'ব, ৰাজ্য চৰকাৰেও কৰক আৰু কেন্দ্ৰীয় চৰকাৰেও আবেদন কৰক । ৰাজ্য চৰকাৰে এন আৰ চিৰ ত্ৰুটিৰ কথা সভা, সংবাদমেলত কৈ আছে, কৈ থাকিলে নহ'ব, পুনৰীক্ষণৰ বাবে আবেদন কৰিব লাগিব । উচ্চতম ন্যায়ালয়ৰ তদাৰকত পুনৰীক্ষণ কৰি আমি বাংলাদেশীমুক্ত এখন শুদ্ধ এন আৰ চি পাব পাৰিম ।"

লগতে পঢ়ক :সহস্ৰাধিক যুৱকে হেংদাং লৈ শোভাযাত্ৰা কৰি লাচিত দিৱসত গঢ়িলে অভিলেখ
লগতে পঢ়ক :সাংবাদিকক মৃত্য়ুৰ ভাবুকি; এন আৰ চিৰ প্ৰাক্তন সমন্বয়কৰ বাসগৃহত আৰক্ষী