ETV Bharat / state

বিশ্বৰ ৮০০ কোটি মানুহে প্ৰকৃতিক ভাল পালেই সকলো সমস্যা নাইকিয়া হ'ব: যাদৱ পায়েং

প্ৰকৃতি ধ্বংসৰ ফলত উত্তৰ পূৰ্বাঞ্চলত পানী নাইকিয়া হৈ যাব । সকীয়ালে অৰণ্য় মানৱে ।

Forest Man Jadav Payeng
অৰণ্য় মানৱ যাদৱ পায়েং (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 3, 2026 at 4:53 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট : ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পাইছে । তদুপৰি প্ৰকৃতি ধ্বংসৰ ফলত উত্তৰ-পূৰ্বাঞ্চলত পানী নাইকিয়া হৈ যাব । সাগৰপৃষ্ঠ বৃদ্ধি আৰু এণ্টাৰ্কটিকা, সুমেৰু আৰু হিমালয়ত বৰফ গলাৰ প্ৰভাৱ যে পৰোক্ষভাৱে উত্তৰ-পূৰ্বাঞ্চলতো পৰিব তাৰেই ইংগিত দিলে 'অৰণ্য় মানৱ' যাদৱ পায়েঙে ।

শনিবাৰে যোৰহাটত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহাৰ সময়ত অৰণ্য মানৱ, পদ্মশ্ৰী যাদৱ পায়েঙে এই সন্দৰ্ভত কয়, "গোলকীয় উষ্ণতা আৰু গছ-গছনি কাটি ধ্বংস কৰা বাবে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পাইছে । এণ্টাৰ্কটিকা, সুমেৰু, হিমালয়ত বৰফ গলি আধা গ'লেই । সাগৰপৃষ্ঠ ৯ ইঞ্চি বাঢ়িছে । এইদৰে যদি গলি থাকে তেতিয়াহ'লে সাগৰৰ কাষত থকা দেশবোৰ ডুব যাব আৰু উত্তৰ-পূৰ্বাঞ্চলত পানী নাইকিয়া হৈ পৰিব ।"

যোৰহাটৰ জয়া ভৱন প্ৰাংগনত ফুলৰ উৎসৱ (ETV Bharat Assam)

আনহাতে ২০২৬ বৰ্ষত কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "মই গছ পুলি ৰোৱা মানুহ, মোক যি দেশলৈ মাতে সেই স্থানলৈ যাম । পৃথিৱী এখন আৰু পৰিয়াল এটাই । য'ত যাম তাতেই গছ ৰুব লাগিব আৰু নতুন প্ৰজন্মক শিকোৱাটো মোৰ কাম । গছপুলিটো ৰুলে নহ'ব, ইয়াক প্ৰতিপালন কৰি ইয়াৰ গুণাগুণ জানিব লাগিব আৰু পৃথিবীক ভাল পোৱা শিক্ষা দিয়াটো মোৰ দায়িত্ব । বিশ্বৰ ৮০০ কোটি মানুহে একো কৰিব নালাগে, প্ৰকৃতিক ভাল পালেই সকলো সমস্যা নাইকিয়া হৈ যাব ।"

Jorhat Flower Festival
যোৰহাটৰ জয়া ভৱন প্ৰাংগনত ফুলৰ উৎসৱ (ETV Bharat Assam)
Jorhat Flower Festival
যোৰহাটৰ জয়া ভৱন প্ৰাংগনত ফুলৰ উৎসৱ (ETV Bharat Assam)

ফুলৰ জৰিয়তে কিদৰে স্বাৱলম্বী হ'ব পাৰি আৰু নৱপ্ৰজন্মক ফুলৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবে যোৰহাট ফ্লাৱাৰ ছ'চাইটিৰ উদ্যোগত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে যোৰহাটৰ জয়া ভৱন প্ৰাংগনত ফুলৰ উৎসৱ আৰম্ভ হৈছে । ফুলৰ উৎসৱত অংশগ্ৰহণ কৰি অৰণ্য় মানৱে কয়, "ফুল ছিঙি আনি কোনেও যাতে সজায় নথয় । ফুলৰ পুলি আনি নতুন প্ৰজন্মক ফুল কেনেকৈ ৰুব লাগে,পুলিটো ৰোপণ কৰি দেখুৱাব লাগে । ফুলৰ পুলি টাবত ৰুলেও ছাত্ৰ-ছাত্ৰীয়ে বুজিব । ফুলৰ ডাল কাটি আনি দেখুওৱাব নালাগে ।"

লগতে পঢ়ক:ব্ৰহ্মপুত্ৰৰ বুকুত অবাধ খননক লৈ চিন্তিত যাদৱ পায়েং: শীঘ্ৰে বন্ধৰ দাবী অৰণ্য মানৱৰ

সকলো সমস্যাৰ মূলতে হ'ল জলবায়ু পৰিৱৰ্তন : যাদৱ পায়েং