ETV Bharat / state

সকলো সমস্যাৰ মূলতে হ'ল জলবায়ু পৰিৱৰ্তন : যাদৱ পায়েং

গোলকীয় উষ্ণতা বৃদ্ধি সন্দৰ্ভত পুনৰ এবাৰ উদ্বেগ প্ৰকাশ কৰিলে অৰণ্য মানৱ যাদৱ পায়েঙে ।

Jadav Payeng on Global warming
যোৰহাটত বিশেষ কৰ্মশালাত অংশগ্ৰহণ যাদৱ পায়েঙৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 12, 2025 at 6:28 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট : সমগ্ৰ বিশ্বতে জলবায়ু পৰিৱৰ্তনে মানৱ সমাজক বাৰুকৈ প্ৰভাৱিত কৰিছে । এই জলবায়ু পৰিৱৰ্তনৰ বাবে সম্পূৰ্ণৰূপে জগৰীয়া মানৱ সমাজ ! শনিবাৰে যোৰহাট জিলাত 'আজু'য়ে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি শীৰ্ষক এক কৰ্মশালা অনুষ্ঠিত কৰি প্ৰকৃতি সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আৰু সজাগতা সৃষ্টি কৰা প্ৰয়াস কৰে ।

উক্ত কৰ্মশালাত অংশগ্ৰহণ কৰি 'অৰণ্য মানৱ' পদ্মশ্ৰী যাদৱ পায়েঙে কয়, "আজি বিশ্ব বা দেশত হোৱা সকলো সমস্যাৰ মূল কাৰণটোৱে হ'ল জলবায়ু পৰিৱৰ্তন । বিশ্বৰ ৮০০ কোটি মানুহক জলবায়ু পৰিৱৰ্তনে দুৰ্যোগ নমাই আনিছে আৰু বিশ্ববাসীৰ আগত দেখা দিয়া জলবায়ু পৰিৱৰ্তনৰ নিৰাময় কৰাৰ একমাত্ৰ উপায়টোৱে হ'ল গছপুলি ৰোপণ । গছৰ বাহিৰে অন্য কোনো বিকল্প নাই ।"

গোলকীয় উষ্ণতা সম্পৰ্কত বিশ্ববাসীক বিশেষ আহ্বান যাদৱ পায়েঙৰ (ETV Bharat)

অৰণ্য মানৱ যাদৱ পায়েঙে লগতে বিশ্ববাসীক আহ্বান জনাই, "আপোনালোকে কেক কাটি জন্মদিন পালন কৰাৰ পৰিৱৰ্তে এজোপাকৈ গছপুলি ৰোপণ কৰি জন্মদিন পালন কৰক আৰু ৰোপণ কৰা গছপুলিটো প্ৰতিপালন কৰি ডাঙৰ-দীঘল কৰক । ৰোপণ কৰা গছপুলিটোৰ নাম জানক আৰু ইয়াৰ গুণাগুণৰ বিষয়ে বুজি লওঁক । সকলোৱে গছপুলি ৰোপণৰ বাবে আগবাঢ়ি আহিলে আমি এখন সেউজ ভাৰত আৰু সেউজ বিশ্ব গঢ়ি তুলিব পাৰিম...।"

আনহাতে গোলকীয় উষ্ণতা বৃদ্ধি সন্দৰ্ভত যাদৱ পায়েঙে কয়, "বৰ্তমান পৃথিৱীৰ পানীলগা জ্বৰ হৈছে, পৃথিৱীৰ যেতিয়া সম্পূৰ্ণ জ্বৰ হ'ব তেতিয়াই আমি পৃথিৱীৰ পৰা বিদায় ল'ব লাগিব আৰু সকলোৱে প্ৰকৃতিক ভাল পাবলৈ শিকক ।"

এনে পৰিস্থিতিত বিদ্যালয়ৰ মাহজোৰা গৰমৰ বন্ধৰো বিৰোধিতা কৰে যাদৱ পায়েঙে । তাপমাত্ৰা বৃদ্ধি হ'লে বা বতৰৰ আগজাননী পালেহে বিদ্যালয়ত গৰমৰ বন্ধ দিবলৈ তেওঁ চৰকাৰক আহ্বান জনায় । তেওঁ লগতে কয় যে গোলকীয় উষ্ণতা বৃদ্ধি তথা জলবায়ু পৰিৱৰ্তনে কেৱল চাহৰ উৎপাদনতে বিৰূপ প্ৰভাৱ পেলোৱা নাই ধান উৎপাদন আৰু গছৰ গুটি বা ফল ধৰাৰ ক্ষেত্ৰতো বিৰূপ প্ৰভাৱ পেলাইছে‌ ।

লগতে পঢ়ক :পক্ষীপ্ৰেমৰ বিৰল দৃষ্টান্ত এটা পৰিয়ালৰ: ডেৰ দশক ধৰি আশ্ৰয় দি আহিছে বিভিন্ন প্ৰজাতিৰ চৰাইক - BIRD LOVER FAMILY