নীটত সুখ্যাতিৰে উত্তীৰ্ণ কলগাছিয়াৰ পাঁচ ছাত্ৰক সম্বৰ্ধনা
আদৰ্শ চিকিৎসক হিচাপে সমাজ সেৱা কৰাৰ লক্ষ্য় ।

Published : July 31, 2026 at 2:57 PM IST
জনীয়া: কলগাছিয়াৰ ৰেডিয়েঞ্চ একাডেমীৰ পৰা নীটত সুখ্যাতিৰে উত্তীৰ্ণ পাঁচগৰাকী ছাত্ৰক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত বক্তব্য আগবঢ়াই কৃতী ছাত্ৰসকলে ভৱিষ্যতে এজন আদৰ্শ চিকিৎসক হিচাপে সমাজ সেৱা কৰাৰ ইচ্ছা ব্যক্ত কৰে ।
উল্লেখ্য যে, যোৱা ১৬ জুলাইত ঘোষিত নীট পৰীক্ষাত ৰেডিয়েঞ্চ একাডেমীৰ পৰা পাঁচগৰাকী ছাত্ৰ সুখ্যাতিৰে উত্তীৰ্ণ হয় । এই শিক্ষাৰ্থীসকল হৈছে জিয়াউৰ ৰহমান শ্বাহিন, আৰিফুল ইছলাম, ছানিদুল ইছলাম, ইয়াচিন আলী আৰু মতিয়াৰ ৰহমান । প্ৰাপ্ত নম্বৰ অনুসৰি জিয়াউৰ ৰহমান শ্বাহিনে ৫৫৬, আৰিফুল ইছলামে ৫৪৯, ছানিদুল ইছলামে ৫৪২, ইয়াচিন আলীয়ে ৫১৯ আৰু মতিয়াৰ ৰহমানে ৫১৫ নম্বৰ লাভ কৰিছে ।
বিদ্যালয় প্ৰাংগণত আয়োজন কৰা এই সম্বৰ্ধনা অনুষ্ঠানত কৃতী ছাত্ৰসকলক জাপি, ফুলাম গামোচা আৰু ফুলৰ থোপা প্ৰদান কৰা হয় । এই অনুষ্ঠানটোত বক্তব্য আগবঢ়াই কৃতী ছাত্ৰসকলে ভৱিষ্যতে সমাজ সেৱা কৰাৰ ইচ্ছা ব্যক্ত কৰাৰ লগতে নীট পৰীক্ষাত সফল হোৱাত ৰেডিয়েঞ্চ একাডেমীৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু বিদ্যালয় কৰ্তৃপক্ষৰ সহায়-সহযোগিতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে । বিদ্যালয়খনত গুণগত শিক্ষা আৰু নিয়মীয়া পাঠদানৰ ফলতেই এই সফলতা সম্ভৱ হৈছে বুলিও তেওঁলোকে মন্তব্য কৰে ।
বিদ্যালয়খনৰ এগৰাকী শিক্ষাৰ্থীয়ে কয়, "গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চিকিৎসা শিক্ষাৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰাৰ ক্ষেত্ৰত একাডেমীয়ে আগন্তুক দিনতো অধিক দায়িত্বশীলভাৱে কাম কৰিব । বৰ্তমান বিদ্যালয়খনত কৃতী ছাত্ৰসকলৰ এই সফলতাক লৈ এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে । অভিভাৱক, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী সকলোৱে এই সফলতাক কলগাছিয়া অঞ্চলৰ বাবে এক গৌৰৱৰ বিষয় হিচাপে অভিহিত কৰিছে ।"
লগতে পঢ়ক:প্ৰশ্নকাকত ফাদিল বিৰোধী বিধেয়কে পৰীক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰিব: প্ৰধানমন্ত্ৰী
লোকসভাত গৃহীত ৰাজহুৱা পৰীক্ষা সংশোধনী বিধেয়ক, কঠোৰ হ’ব শাস্তি প্ৰণালী

