গোৱালপাৰাত পুনৰ চলিছে উচ্ছেদ, কঠোৰ জিলা প্ৰশাসন
ছয় শতাধিক বেদখলকাৰীক উচ্ছেদ চলাইছে গোৱালপাৰা প্ৰশাসন আৰু বনবিভাগে । মুখ্যমন্ত্ৰীক ৰাৱণ, ৰাক্ষস আখ্যা বিধায়ক এ কে ৰশিদ আলমৰ ।

Published : November 9, 2025 at 9:18 AM IST
গোৱালপাৰা: গোৱালপাৰাত আজিৰে পৰা পুনৰ চলিছে বন বিভাগৰ বুলডজাৰ । ইতিমধ্যে পুৱাৰে পৰা জিলা প্ৰশাসন আৰু বন বিভাগে চলাইছে অভিযান । জিলাখনৰ দহিকটা সংৰক্ষিত বনাঞ্চলৰ বেদখলকাৰীক উচ্ছেদৰ বাবে চলোৱা হৈছে এই অভিযান । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি আজি অৰ্থাৎ ৯ আৰু ১০ নৱেম্বৰত চলিব বৃহৎ উচ্ছেদ অভিযান ।
জিলা বন বিষয়া তেজছ মৰিস্বামীয়ে জানিব দিয়া মতে, "১৬৮৫ হেক্টৰ মাটিকালিৰে আৱৰা দহিকটা সংৰক্ষিত বনাঞ্চলৰ ১৫৩ হেক্টৰ ভূমি বেদখলকাৰীৰ কৱলত পৰিছে । ইতিমধ্যে বনাঞ্চলৰ ভূমিত বসবাস কৰা ছয় শতাধিক পৰিয়ালক উচ্ছেদৰ জাননী জাৰী কৰা হৈছিল । উচ্ছেদৰ জাননী লাভ কৰিয়ে দহিকটা সংৰক্ষিত বনাঞ্চলৰ অবৈধ ভাৱে বসবাস কৰি থকা লোসকলে স্বইচ্ছাই ঘৰ-বাৰী ভাঙি আঁতৰি গৈ আছে । যিসকল লোকে বনবিভাগৰ জাননী লাভ কৰাৰ পিছতো ঘৰ-দুৱাৰ ভাঙি আঁতৰি যোৱা নাই তেওঁলোকক উচ্ছেদ চলোৱা হ'ব ।"
উল্লেখ্য যে, গোৱালপাৰা জিলাৰ ডুবাপাৰা লুপ্তচৰ, পাখিউৰা, বেহাৰফুলি, দাৰোগাৰ আলগা, ১২৬ নং উজিৰৰ চৰত বসবাস কৰা লোক কিছুমানে জলজলী নদীৰ গৰাখহনীয়াৰ কৱলত পৰি সৰ্বোচ্চ হেৰুৱাই ঐতিহ্যমণ্ডিত শ্রীসূর্য পাহাৰৰ উত্তৰ-পশ্চিম দিশত তথা ৪৬ নং ৰাজ্যিক ঘাইপথৰ দক্ষিণ দিশত অৱস্থিত দহিকটা সংৰক্ষিত বনাঞ্চলৰ ভূমিত বিগত প্রায়-২৫-৩০ বছৰ ধৰি বসবাস কৰি আহিছিল ।
ইফালে ডুবাপাৰা বন উদ্যানৰ পূব দিশত ভাটিয়াপাৰা ৰাজহ গাঁৱৰ কিছু অংশৰ লগতে উদ্যানটোৰ পশ্চিম দিশ আৰু উত্তৰ-পশ্চিম দিশত কিছু অংশ দহিকটা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত হৈ আছে । উচ্ছেদৰ বাবে বন বিভাগ আৰু প্রশাসনে যাবতীয় প্রস্তুতি সম্পূর্ণ কৰি তুলিছে । ইফালে উচ্ছেদৰ সময় চাপি অহাৰ লগে লগে স্বেচ্ছাই ঘৰ দুৱাৰ ভাঙি অধিকাংশ লোকে ইতিমধ্যে বনাঞ্চল ত্যাগ কৰিবলৈ আৰম্ভ কৰিছে ।
উচ্ছেদৰ জাননী পোৱাৰ পিছত একাংশ লোকে-গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু ন্যায়ালয়ে পট্টা-মাটিৰ লগতে চৰকাৰী আবণ্টিত ভূমিত উচ্ছেদ অভিযান বন্ধ ৰখাৰ নিৰ্দেশ দিছে । কিন্তু বন বিভাগ তথা প্রশাসনে পট্টা মাটিত বসবাসকাৰীসকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান সাময়িকভাৱে স্থগিত ৰাখিছে যদিও চৰকাৰী আবন্টিত ভূমিত উচ্ছেদ অভিযান চলোৱাৰ সিদ্ধান্তত অটল হৈ আছে ।
আবন্টন পোৱাসকলৰ একাংশই কয় যে ইমানদিনে তেওঁলোকে বসবাস কৰা ঠাইখিনি দহিকটা সংৰক্ষিত বনাঞ্চলৰ অন্তর্গত বুলি জনা নাছিল । যদি ভূমিখিনি সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত আছিল তেন্তে ৰাজহ বিভাগে কিয় তেওঁলোকক পাট্টা আবণ্টন দিলে তাকলৈও প্রশ্ন উত্থাপন কৰিছে ।
এই সন্দৰ্ভত আজি গোৱালপাৰা পূৱ সমষ্টিৰ বিধায়ক এ কে ৰশিদ আলমে শনিবাৰে উচ্ছেদস্থলীত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কয়,"মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈছে ৰাৱণ, ৰাক্ষস । মুখ্যমন্ত্ৰীয়ে এতিয়া মানুহৰ ৰক্ত খাব । মুখ্যমন্ত্ৰী এতিয়া পাগল হৈ গৈছে । মুখ্যমন্ত্ৰীক পাগল কুকুৰে কামুৰিছে । ক'ৰ পৰা কি কৰিব দিকবিদিক হেৰুৱাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে । উচ্ছেদৰ কৱলত পৰা এগৰাকী জনজাতীয় সম্প্ৰদায়ৰ মহিলাই বিগত ৪০ বছৰ ধৰি বসবাস কৰি থকাৰ পাছতো উচ্ছেদ কৰিবলৈ ওলাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ।"
বিধায়কগৰাকীয়ে পুনৰ কয়,"এইগৰাকী জনজাতীয় মহিলা তেখেতটো মিঞা নহয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী থকা অৱস্থাত মিঞাক হাৰাশাস্তি কৰিব বুলি প্রকাশ্যে কোৱাৰ পিছত মিঞাৰ নামত জনজাতীয় লোকক হাৰাশাস্তি কৰি থকা হৈছে ।"
জনজাতী লোকসকল মিঞা নেকি বুলি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে বিধায়ক একে ৰশিদে । তেওঁ লগতে কয়,"মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদস্থলীত এগৰাকী ভাৰতীয়া বন-বিষয়াক নিয়োগ কৰিছে । ভাৰতীয়া তথা অৱসৰপ্ৰাপ্ত উচ্চ পদস্থ বন-বিষয়া নিয়োগ কৰি জিলা খনৰ জধে-মধে বনাঞ্চলৰ ভূমি বুলি কৈ ৰাজহ ভূমিত উচ্ছেদ চলাই আছে এইখন চৰকাৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পাপে চুব । মুখ্যমন্ত্ৰী কোৱাৰ দৰে 'পাপ কৰিলে কেঞ্চাৰ হয়, মুখ্যমন্ত্ৰী তুমি উচ্ছেদৰ নামত পাপ কৰি আছা তোমাৰ কেন্সাৰ অনিবাৰ্য হ'ব । এই গৰাকী ৬০ ঊৰ্ধৰ মহিলা গৰাকীৰ চকুলোৰ হিচাপ দিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।"
উচ্ছেদ সন্দৰ্ভত স্থানীয় ৰাইজে প্রতিক্রিয়া প্রকাশ কৰি কয় যে তেওঁলোক উচ্ছেদৰ বিৰোধী নহয় । কিন্তু প্রকৃত ভূমিহীন পৰিয়ালসমূহক চৰকাৰে পুনৰসংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ।

