ETV Bharat / state

জুবিন গাৰ্গে বেয়া পোৱা পাইৰেচী হৈছে 'ৰৈ ৰৈ বিনালে' ছবিখনকলৈ: ক্ষোভিত নিৰ্মাতাগোষ্ঠীৰ সংবাদমেল

অসমীয়াৰ আবেগ জড়িত হিয়াৰ আমঠু জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ সম্প্ৰতি পাইৰেচী কৰি বিভিন্ন প্লেটফৰ্মত আপলোড কৰা হৈছে ৷

ROI ROI BINALE PIRACY
ৰৈ ৰৈ বিনালে নিৰ্মাতাগোষ্ঠীৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 9, 2025 at 7:47 AM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ১৯ বছৰীয়া পৰিকল্পনাৰ শেষৰখন ছবি ‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেচীকলৈ ক্ষোভিত হৈ পৰিছে নিৰ্মাতাগোষ্ঠী ৷ বিভিন্ন সামাজিক মাধ্যমত চিনেমাখনৰ পাইৰেচী কৰাক লৈ ক্ষোভিত নিৰ্মাতা গোষ্ঠীয়ে শনিবাৰে এখন সংবাদমেল সম্বোধন কৰি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ একাংশ দুষ্টচক্ৰই চিনেমাখন পাইৰেচী কৰি বিভিন্ন প্লেটফৰ্মত আপলোড কৰিছে ৷ এই সন্দৰ্ভত গুৱাহাটীৰ হাতীগড় চাৰিআলিস্থিত জেল ক্ৰিয়েচনৰ কাৰ্যালয়ত ছবিখনৰ পৰিচালক ৰাজেশ ভূঞা আৰু প্ৰযোজক শ্যামন্তক গৌতমে এখন সংবাদমেল সম্বোধন কৰে ৷

সংবাদমেলত ৰাজেশ ভূঞাই কয়, "জুবিন গাৰ্গে আটাইতকৈ বেয়া পোৱা বস্তুটো আছিল পাইৰেচী ৷ ৩১ অক্টোবৰত ছবিখন মুক্তি দিয়া হৈছিল ৷ ৯ দিনতে পাইৰেচীয়ে এনেকুৱা এটা পৰ্যায় পালেগৈ যে তাত আমাৰ ক্ষোভ আৰু দুখ প্ৰকাশ কৰাৰ বাহিৰে অন্য একো উপাই নাই ৷ ১৯ ছেপ্টেম্বৰৰ পৰা আমি বহুত দেখিলো ৷ প্ৰত্যেকে কান্দা দেখিলো ৷ বহু অভিলেখ দেখিলো ৷ ২৩ তাৰিখে জুবিনক্ষেত্রত অসম্ভৱ জনসমূদ্ৰ দেখিলো ৷ ৩১ অক্টোবৰত ৰৈ ৰৈ বিনালে ছবিখন মুক্তি দিয়া হ'ল ৷ ৰাইজৰ সমাগম দেখিলো ৷ কিন্তু সমানে পাইৰেচীৰ ৰেকৰ্ড দেখিলো ৷ সেইটো আমি দেখিব নালাগিছিল ৷"

ৰৈ ৰৈ বিনালে নিৰ্মাতাগোষ্ঠীৰ সংবাদমেল (ETV Bharat Assam)

তেওঁ কয়, "যিসকল দুষ্কৃতিকাৰীয়ে এই দুষ্কাৰ্যত লিপ্ত হৈছে তেওঁলোকে অতি শীঘ্ৰে এই পাইৰেচী বন্ধ কৰক ৷ ৯ দিনত কাটি কাটিকৈ সৰু সৰুকৈ দেখুৱালে ৷ বিগত তিনি-চাৰি দিনত গোটেই চিনেমাখনকে দেখুৱাইছে ৷ এনে হ'লে জুবিন গাৰ্গে দেখা সপোন কেতিয়াও সাৰ্থক নহ'ব ৷ অসমীয়া ছবি জগতক লৈ সপোন দেখিছিল জুবিন গাৰ্গে ৷ এনে হ'লো ছবি প্ৰয়োজনা কৰাৰ বাবে কোনেও সাহস নকৰিব ৷ এটাই অনুৰোধ যে পাইৰেচী কৰা সকলে শাস্তি পাওক ৷ যিবোৰ ক্লিপ আপলোড কৰিছে সেইবোৰ ডিলিট কৰক ৷"

তেওঁ লগতে কয়, "মাজতে আমাৰ বহুত দুৰ্দিন গৈছে ৷ মুনীন বৰুৱাৰ বিধাতা ছবিখনো এনে কাৰণতে ব্যৱসায়ীকভাৱে সফল হ'ব নোৱাৰিলে ৷ ভিচিডিৰ সময়টো পাইৰেচীৰ বাবে সাংস্কৃতিক কৰ্মীসকল বহি গ'ল ৷ এতিয়াও তেনেকুৱা পৰিৱেশলৈ লৈ গৈ আছে ৷ আমাৰ সাংস্কৃতিক কৰ্মীখিনি হৈছে ফুটবল ৷ ভাল পালেও লঠিয়াব আৰু মৰম কৰিলেও লঠিয়াব ৷ যেন ফুটবল ৷ আমি কিমানলৈ সহ্য কৰিম ৷ ৯ দিনত যদি কাৰোবাৰ এটা সন্তানক কাটি-কুটি টুকুৰা-টুকুৰলৈ বজাৰত বিক্ৰী কৰা হয় তেন্তে সেইটো কোনোবাই সহ্য কৰিব পাৰিব নেকি ৷ পাইৰেচী কৰা সকলৰ মানসিকতা নাই নেকি ৷ কাৰ সৃষ্টিৰ ওপৰত হাত দিছে ৷ অসমৰ ৰাইজে তেওঁক মহাপুৰুষৰ শাৰীত বহুৱাইছে ৷ তেওঁ বেয়া পোৱা পাইৰেচী আমি কৰি আছো ৷ দাবী কৰিছো নকৰিব ৷ আমি আইনী ব্যৱস্থা লৈছো ৷ আমি এজাহাৰ দিছো ৷ ব্যাপক হাৰত হৈছে পাইৰেচী ৷"

সংবাদমেলত ছবিখনৰ প্ৰযোজক শ্যামন্তক গৌতমে কয়, "দুটা ধৰণৰ বস্তু দেখা পোৱা গৈছে ৷ বিভিন্ন ধৰণৰ ৰেকৰ্ড হ'ল ৷ পাইৰেচীৰ ৰেকৰ্ড এতিয়া বেলেগ লেভেললৈ গৈছে এতিয়া ৷ আমাৰ তিনি হাজাৰৰো অধিক জুবিন ফেনক্লাবৰ অনুৰাগী এণ্টী পাইৰেচীৰ বাবে অবিৰতভাৱে লাগি আছে ৷ এতিয়া গোটেই চিনেমাখন ইউটিউবত দি দিছে ৷ ৰক্ৰবীজ ধৰণৰ কথা হৈছে ৷ ফেক নাম দি কৰা হৈছে ৷ বিভিন্ন নামত আহে ৷ বেলেগ বেলেগ একাউণ্ট দি কৰা হৈছে ৷ সৰু ক্লিপত আপত্তি নাছিল ৷ কিন্তু এতিয়া গোটেই চিনেমাখন দিয়া হৈছে ৷"

শ্যামন্তক গৌতমে আৰু কয়, "জুবিনৰ প্ৰতি সন্মান জনাই সকলোৱে এই পাইৰেচীৰ বিৰুদ্ধে কাম কৰাৰ বাবে আমি আহ্বান জনাইছো ৷ এইটো কৰা নহ'লে আমাৰ চিনেমা উদ্যোগটোৰ বাবে ক্ষতি হ'ব ৷ বাহিৰতো পাইৰেচী হৈছে ৷ য'ত অসমীয়া মানুহে চাইছে ৷ এইক্ষেত্রত সকলোৰে সহযোগ লাগিব ৷" সংবাদমেলত ছবিখনৰ লগত জড়িত কেইবাজনো ব্যক্তি উপস্থিত আছিল ৷

লগতে পঢ়ক : ‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেটেড সংস্কৰণ চাই থানা পালেগৈ মহিলা

'ৰৈ ৰৈ বিনালে' আৰু 'আধা দলং': জুবিন গাৰ্গৰে কি সম্পৰ্ক আছে বৰগাঙৰ এই বিশেষ দলংখনৰ ?

কলকাতাতো একেই আবেগৰ ঢল, ৰৈ ৰৈ বিনালে উপভোগ কৰিলে শতাধিক লোকে