ETV Bharat / state

কাৰ ছত্ৰছায়াত বন বিভাগৰ নাকৰ তলেদি সৰবৰাহ উৰিয়ামঘাটৰ তামোল ?

উচ্ছেদৰ পিছত এতিয়া ৰেংমা সংৰক্ষিত বনাঞ্চলৰ সম্পদসমূহ ঢাকন নোহোৱা চৰুত পৰিণত হৈছে । দুৰ্বৃত্তই ছিঙি শেষ কৰিলে তামোলবাৰীৰ তামোল । সৰ্বত্ৰে প্ৰতিক্ৰিয়া ।

rengma reserve forests
কাৰ ছত্ৰছায়াত বন বিভাগৰ নাকৰ তলেদি সৰবৰাহ উৰিয়ামঘাটৰ তামোল ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 20, 2025 at 2:14 PM IST

4 Min Read
Choose ETV Bharat

সৰুপথাৰ : অসমৰ ভিতৰতে সৰ্ববৃহৎ উচ্ছেদ অভিযান চলা উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ পাছত ৰৈ যোৱা সম্পত্তিসমূহ ঢাকোন নোহোৱা চৰুত পৰিণত হৈছে । উচ্ছেদৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমযোগে ড্ৰোণ ভিডিঅ'ত দেখুৱাইছিল তামোলৰ বাৰীসমূহ । হাজাৰ হাজাৰ বিঘা তামোল বাগানক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰীয়ে কৈছিল, বনাঞ্চলত তামোল থকাৰ প্ৰশ্ন নাহে, তামোল কাটি গছ ৰোপণ কৰা হ'ব ।

কিন্তু বৰ্তমান ৰেংমা বনাঞ্চলত তাৰ বিপৰীত দৃশ‍্য দেখিবলৈ পোৱা গৈছে । উচ্ছেদিত ভূমিত থকা তামোলবাৰীসমূহৰ তামোল পূৰঠ হোৱাৰ পূৰ্বেই যিয়ে যেনেকৈ পাৰে নিতৌ শ শ লোকে পাৰি-ছিঙি শেষ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ সাম্প্ৰতিক সময়ত দেখা গৈছে তামোলৰ বাগানসমূহত কিদৰে মুকলিকৈ বিক্ৰী কৰিছে একাংশই । ৰেংমা সংৰক্ষিত বনাঞ্চলৰ হাজাৰ হাজাৰ বিঘা ভূমিত থকা তামোলবাৰীৰ ওপৰত নিয়ন্ত্রণ নাই এতিয়া বন বিভাগৰ ।

কাৰ ছত্ৰছায়াত বন বিভাগৰ নাকৰ তলেদি সৰবৰাহ উৰিয়ামঘাটৰ তামোল ? (ETV Bharat Assam)

উৰিয়ামঘাট আৰক্ষী থানাৰ সন্মুখেদিয়েই পাৰ হৈছে শ শ তামোলভৰ্তি বাহন । বন বিভাগ আৰু আৰক্ষীৰ নাকৰ তলেৰে তামোলভৰ্তি গাড়ী পাৰ হোৱাৰ পিছতো দুয়োটা বিভাগৰ মৌনতাই অধিক ৰহস্যময় কৰি তুলিছে বিষয়টো ।

অসম জাতীয় পৰিষদৰ লগতে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

এই সন্দৰ্ভত অসম জাতীয় পৰিষদৰ নেতা ৰাজু ফুকনে কয়, "গোলাঘাট জিলাৰ উৰিয়াঘাটত উচ্ছেদ হ'ল । যিসকল লোকক অবৈধ বেদখলকাৰী বুলি উচ্ছেদ কৰিলে তাৰ পিছত সেই মাটিত নগাই অধিগ্ৰহণ কৰা আৰম্ভ কৰিলে । আৰু এতিয়া ভূতৰ ওপৰত দানহ পৰাদি কিছুমান ব্যক্তি বা দুৰ্বৃত্তই তামোল পাৰি হোৰাহোৰে বিক্ৰী কৰিছে ।"

rengma reserve forests
কাৰ ছত্ৰছায়াত বন বিভাগৰ নাকৰ তলেদি সৰবৰাহ উৰিয়ামঘাটৰ তামোল ? (ETV Bharat Assam)

আনহাতে, বন বিভাগৰ ভূমিকা সন্দৰ্ভত তেওঁৰ প্ৰশ্ন, এটা বিয়াগোম বিভাগ আছে বন বিভাগ । বন বিভাগৰ নাকৰ তলেদি কাৰ ছত্ৰছায়াত এই কাৰ্য চলিছে ? এই কথাবোৰ ৰাইজে সুধিছে, ৰাইজে গম পাব বিচাৰিছে । কোনে এই কাম কৰিছে তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগে, গ্ৰেপ্তাৰ কৰিব লাগে । মুখ্যমন্ত্ৰীয়ে কৈছিল যে তাত থলুৱা খিলঞ্জীয়া মানুহক সংস্থাপিত কৰা হ'ব । সেইটো পিছৰেই কথা, যিসমূহ সম্পদ আছে এতিয়া চুৰিকাৰ্যলৈ পৰিণত হৈছে ।"

rengma reserve forests
কাৰ ছত্ৰছায়াত বন বিভাগৰ নাকৰ তলেদি সৰবৰাহ উৰিয়ামঘাটৰ তামোল ? (ETV Bharat Assam)

আনহাতে, সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ সভাপতি মিণ্টু গগৈয়ে কয়, "অসম চৰকাৰৰ নেতৃত্বত অসম-নাগালেণ্ড সীমান্তৰ উৰিয়াঘাটত যি উচ্ছেদ চলাইছিল, সেই সময়ত এখন তামোলবাৰীয়ে ব্যাপক চৰ্চা লাভ কৰিছিল । মুখ্যমন্ত্ৰীয়েও সেই তামোলবাৰীসমূহৰ কথা সংবাদমেলযোগে অসমৰ ৰাইজক অৱগত কৰিছিল । উচ্ছেদৰ পিছতেই শেহতীয়াকৈ সেই তামোলৰ বাৰীসমূহত বন বিভাগ আৰু সৰুপথাৰ সমজিলা প্ৰশাসনৰ চকুত ধূলি দি বিভিন্ন দুৰ্বৃত্তই তামোল সৰবৰাহ কৰা পৰিলক্ষিত হৈছে । অসম চৰকাৰ তথা প্ৰশাসনৰ কোনোধৰণৰ দায়িত্বহীন কাণ্ডৰ বাবেই দুৰ্বৃত্তই তামোল সৰবৰাহ কৰি থাকিব পাৰিছে বুলি আমি ছাত্ৰ সন্থাই অনুভৱ কৰিছোঁ ।"

বন বিভাগৰ নাকৰ তলেদিয়েই সৰবৰাহ তামোল

ছাত্ৰ সন্থাৰ নেতা মিণ্টু গগৈয়ে পুনৰ কয়, "বন বিভাগ তথা অসম চৰকাৰৰ নাকৰ তলেদিয়েই যে এই কাৰ্যটো সংঘটিত হৈ আহিছে, তাত বন বিভাগৰ কোনোবা লোক জড়িত হৈ আছে নেকি বা বন বিভাগৰ লোকে তেওঁলোকক তামোল পাৰিবলৈ উচটাই দিছে নেকি এই কথাটো ৰাইজে প্ৰশ্ন কৰাটো উচিত । বন বিভাগ থকা সত্ত্বেও যিসকলে তামোল সৰবৰাহ কৰিছে তেওঁলোকক চিনাক্ত কৰি উচিত শাস্তি প্ৰদান কৰক ।"

ইফালে তামোল ব্যৱসায়ৰ লগত জড়িত স্থানীয় লোকে কয়, "আমি আনি আনি ইয়াত দিছোঁ । ইয়াৰ পৰাই বেপাৰীসকলে নিয়ে, ইয়াতেই আনি দিওঁ । সকলোৱে বিক্ৰী কৰিছে, আমিও বিকিছোঁ । মেইন মেইন তামোল ছিঙি লৈয়েই গ'ল, এতিয়া থাকি যোৱা তালোমখিনি বেপাৰীক বিক্ৰী কৰিছোঁ ।"

তামোল পাৰি থকা এজন লোকে ঘটনাস্থলীত কয়, "কাৰ বাৰী মই নাজানো । সকলোৱে পাৰিছে, আমিও পাৰিছোঁ । মালিক আহিব এতিয়া কথা পাতিব পাৰিব ।"

লগতে পঢ়ক : কাতি বিহু চৰাই গণনাত ১৪৬ টা প্ৰজাতি নথিভুক্ত
লগতে পঢ়ক : বন্য়হস্তীৰ আক্ৰমণত মহিলাই প্ৰাণ হেৰুওৱাক লৈ কলিয়াবৰত উত্তপ্ত পৰিস্থিতি