ETV Bharat / state

বন্য়হস্তীৰ আক্ৰমণত মহিলাই প্ৰাণ হেৰুওৱাক লৈ কলিয়াবৰত উত্তপ্ত পৰিস্থিতি

চোতালত পৰিয়ালৰ আন সদস্যৰ সৈতে কথা পাতি থকা অৱস্থাত অতৰ্কিতে আক্ৰমণ বন্য়হস্তীৰ।

Representative photo
ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : October 20, 2025 at 11:56 AM IST

2 Min Read
Choose ETV Bharat

কলিয়াবৰ: ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত । ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত বনাঞ্চলৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পোৱাত জনাঞ্চলত বিচৰণ কৰিবলৈ ধৰিছে গজৰাজে ৷ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা হাতী-মানুহৰ সংঘাত প্ৰতিৰোধৰ বাবে বহুতেই পদক্ষেপ গ্ৰহণ কৰিছে যদিও হাতী-মানুহৰ সংঘাত এতিয়াও আঁতৰা নাই । ইয়াৰ মাজতেই বন্য়হস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই ।

এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে নগাঁও জিলাৰ কলিয়াবৰত । কলিয়াবৰৰ জখলাবন্ধাৰ সমীপবৰ্তী সৰুভগীয়াত দেওবাৰে নিশা প্ৰায় ৭-৩০ বজাত বন্যহস্তীৰ আক্ৰমণত এগৰাকী বৃদ্ধা নিহত হয় ৷ জানিব পৰা মতে, দিনত শাকমুঠীয়া পথাৰৰ পৰা সৰুভগীয়া গাঁৱৰ পিছফালে পোৱালিসহ এজনী হাতীয়ে বাঁহবাৰীত আশ্ৰয় লৈ আছিল । ডিম্বেশ্বৰী বৰা (৭০) নামৰ মহিলাগৰাকী ঘৰৰ চোতালত পৰিয়ালৰ আন সদস্যৰ সৈতে কথা পাতি থকা অৱস্থাত অতৰ্কিতে আক্ৰমণ চলাই গচকি গুৰুতৰভাৱে আহত কৰে ৷ বন্যহস্তীৰ আক্ৰমণত কিংকৰ্তব্যবিমূঢ় হৈ পৰিয়ালৰ আন-আন সদস্য সকল যেনি তেনি পলাই প্ৰাণ ৰক্ষা কৰে ৷

বন্য়হস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে মহিলাই (ETV Bharat)

ইপিনে, সংকটজনক অৱস্থাত মহিলা গৰাকীক ততাতৈয়াকৈ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰে । এই ঘটনাৰ পিছতেই বন বিভাগৰ গাফিলতিৰ অভিযোগ তুলি পৰিস্থিতি উত্তপ্ত কৰে একাংশ লোকে । পিচত কলিয়াবৰ সমজিলা আয়ুক্ত ৰাজ বৰুৱা আৰু দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।

Woman Killed by Wild Elephant at Kaliabor
বন্য়হস্তীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা মহিলাগৰাকী (ETV Bharat)

এই সন্দৰ্ভত স্থানীয় লোক এজনে কয়, "তিনিটা হাতী আছিল । তাৰে পোৱালি হাতীটো ঘৰৰ ফালে আহি যোৱা বাবে পৰিয়ালৰ আন সদস্য় সকলে পলাই যাবলৈ সক্ষম হ'ল যদিও বয়সস্থ মহিলাগৰাকীয়ে প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে । মহিলাগৰাকীক আক্ৰমণ কৰিয়েই হাতীটো সেই স্থানৰ পৰা আঁতৰি যায় । পৰিৱৰ্তী সময়ত এই হাতীটোৱে মাধতাৰী গাঁৱত বিচৰণ কৰাৰ দৃশ্য চিচিটিভি ফুটেজতো বন্দী হৈছে ।

লগতে পঢ়ক:বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলালে দুখনকৈ ৰিজ’ৰ্টত, বিস্তৰ ক্ষতি

গিবন অভয়াৰণ্যৰ পৰা ওলাই অহা হাতীৰ জাকে নিদ্ৰা হৰিছে গঞাৰ: বিদ্যুৎস্পৃষ্ট হৈ গজৰাজৰ মৃত্য়ু