ETV Bharat / state

কাতি বিহু চৰাই গণনাত ১৪৬ টা প্ৰজাতি নথিভুক্ত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কাতি বিহু চৰাই গণনা ২০২৫ সম্পন্ন ৷ ১৪৬ টা প্ৰজাতিৰ চৰাইৰ তথ্য নথিভুক্ত ৷

Kaziranga bird survey
কাতি বিহু চৰাই গণনাত ১৪৬ টা প্ৰজাতি নথিভুক্ত (Kaziranga National Park and Tiger Reserve FB Page)
author img

By ETV Bharat Assamese Team

Published : October 20, 2025 at 12:50 PM IST

3 Min Read
Choose ETV Bharat

কাজিৰঙা : বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ শেহতীয়া চৰাইৰ জৰীপত মুঠ ১৪৬টা চৰাই প্ৰজাতিৰ আৰু ১৯১৯টা ব্যক্তিগত চৰাইৰ তথ্য পোৱা গৈছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড° সোণালী ঘোষে এক বিবৃতিৰ জৰিয়তে এই কথা সদৰী কৰে ৷

উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পাঁচটা মূল স্থানত চৰাইৰ জৰীপেৰে সম্পন্ন হয় ‘কাতি বিহু চৰাই গণনা ২০২৫ ৷’ এই জৰীপৰ পাছতেই ড° সোণালী ঘোষে এক বিবৃতিত কাতি বিহুৰ দিনাই চৰাই নিৰীক্ষণক প্ৰসাৰ কৰা, সংৰক্ষণ সজাগতা বৃদ্ধি কৰা, স্থানীয় জনগোষ্ঠীসমূহৰ মাজত অংশগ্ৰহণক উৎসাহিত কৰা, মহিলা বনকৰ্মী আৰু নৱ প্ৰজন্মক জড়িত কৰাৰ লক্ষ্যৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষ আৰু অসম চৰাই নিৰীক্ষণ নেটৱৰ্ক (এ বি এম এন)ৰ উদ্যোগত ‘কাতি বিহু চৰাই গণনা ২০২৫’ সফলতাৰে অনুষ্ঠিত হয় বুলি জানিব দিয়ে ৷

Kaziranga bird survey
কাতি বিহু চৰাই গণনাত ১৪৬ টা প্ৰজাতি নথিভুক্ত (Etv Bharat Assam)

ডা° ঘোষে লগতে কয়, "চৰাই অনুৰাগী, ছাত্ৰ-ছাত্ৰী, গৱেষক, বন বিষয়াকে ধৰি মুঠ ৬৩ গৰাকীয়ে অংশগ্ৰহণ কৰা এই গণনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পাঁচটা মূল স্থানত কৰা হয় ৷ সেই অনুসৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বোকাখাত বনাঞ্চলৰ অন্তৰ্গত পানবাৰী সংৰক্ষিত বনাঞ্চলত ৰফিকুল ইছলাম, লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত সমৰজিৎ ওজা আৰু নীৰজ বৰা, বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত পানপুৰত ড° ৰঞ্জিত কাকতি, গমিৰি বনাঞ্চলত ৰাহুল শৰ্মা আৰু অগৰাতলি বনাঞ্চলত দাদুল গগৈৰ তত্বাৱধানত এই পক্ষী গণনা কৰা হয় ৷"

Kaziranga bird survey
কাতি বিহু চৰাই গণনাত ১৪৬ টা প্ৰজাতি নথিভুক্ত (Etv Bharat Assam)

সঞ্চালকগৰাকীয়ে লগতে কয়, "এইবাৰৰ পক্ষী গণনাৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হ’ল লাওখোৱা আৰু পানবাৰীৰ মহিলা বনকৰ্মীসকলৰ সক্ৰিয় অংশগ্ৰহণ ৷ যিটো এ বি এম এন আৰু কাজিৰঙাই বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত মহিলাসকলক জড়িত হোৱাৰ ক্ষেত্ৰত প্ৰথম যৌথ পদক্ষেপ হিচাপে গ্ৰহণ কৰে ৷"

Kaziranga bird survey
কাতি বিহু চৰাই গণনাত ১৪৬ টা প্ৰজাতি নথিভুক্ত (Etv Bharat Assam)

ইফালে, পক্ষী গণনাত সামূহিক সমীক্ষা মতে মুঠ ১৪৬ টা চৰাই প্ৰজাতি আৰু ১৯১৯টা অন্যান্য চৰাইৰ তথ্য পোৱা গৈছে ৷ এই গণনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলিত ৮৯ টা প্ৰজাতিৰে সৰ্বাধিক বৈচিত্ৰ্যৰ তথ্য পোৱা গৈছে ৷ আনহাতে, গমিৰি আৰু পানবাৰীত ৫৯ টাকৈ প্ৰজাতি, পানপুৰত ৫৫ টা আৰু লাওখোৱাত ৩৭ টা প্ৰজাতিৰ চৰাই পোৱা গৈছে ৷

Kaziranga bird survey
কাতি বিহু চৰাই গণনাত ১৪৬ টা প্ৰজাতি নথিভুক্ত (Etv Bharat Assam)

লিপিবদ্ধ কৰা প্ৰজাতিসমূহৰ ভিতৰত দুটা বিপন্ন প্ৰজাতি (শ্বোৱাম্প গ্ৰাছ বেবলাৰ আৰু পেলাছ’ৰ মাছ ঈগল), ছটা অসুৰক্ষিত প্ৰজাতি (ৰিভাৰ টাৰ্ণ, গ্ৰেটাৰ স্পটেড ঈগল, স্লেণ্ডাৰ-বিল্ড বেবলাৰ, লেছাৰ এডজুটেণ্ট, গ্ৰেট হৰ্ণবিল আৰু শ্বোৱাম্প ফ্ৰাংকলিন), ছটা বিপন্ন হোৱাৰ দিশে যোৱা প্ৰজাতি (উলি-নেকড ষ্টৰ্ক, নৰ্দাৰ্ণ লেপউইং, ব্ল’ছম-হেডেড পেৰাকিট, গ্ৰে-হেডেড ফিচ ঈগল, স্পট-বিল্ড পেলিকান আৰু ৰিভাৰ লেপউইং) ৷ বিপৰীতে নথিভুক্ত আন ১৩২টা প্ৰজাতিৰ পক্ষী বিপদ সংকুলতাৰ বাহিৰত অৱস্থান কৰা বুলি উদ্যান কৰ্তৃপক্ষই সংবাদ বাৰ্তাযোগে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : কাজিৰঙাত পৰ্যটকেও প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হৈ জ্বলালে চাকি

উত্তৰ-পূবৰ ৮ বিশেষ আকৰ্ষণ আৰু গুৰুত্বপূৰ্ণ পৰ্যটন ক্ষেত্ৰ চিনাক্ত ড'নাৰ মন্ত্ৰণালয়ৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৮৩ টা প্ৰজাতিৰ কীট-পতংগ, মকৰা আৱিস্কাৰ