অসমীয়াক কোনেও দুৰ্বল বুলি ভাবিব নালাগে : কিয় ক'লে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ?
কেবিনেট বৈঠকৰ অন্তত দুৰ্নীতি বিৰোধী অভিযান, অবৈধ বাংলাদেশী, উচ্ছেদ, সুৰাৰ মূল্যবৃদ্ধিকে ধৰি কেইবাটাও বিষয়ত অসমৰ মুখ্যমন্ত্ৰীৰ সংবাদমেল ।

Published : June 14, 2026 at 1:20 PM IST
গুৱাহাটী : "যেতিয়ালৈকে চন্দ্ৰ-সূৰ্য থাকিব তেতিয়ালৈকে অসমত অসমীয়া ভাষা থাকিব ।" এই মন্তব্য মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । শনিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্রীয়ে এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে এইদৰে কয় । চৰ-চাপৰি সাহিত্য পৰিষদে লোকপিয়লত অসমীয়া ভাষা লিখাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "লিখক-নিলিখক মোৰ একো কথা নাই । চৰ-চাপৰিৰ ওপৰত অসমীয়া জীয়াই থাকিব নেকি ? লোকপিয়লত তেওঁলোকে অসমীয়া লিখিলে লিখক, নিলিখেলে নাই । কিন্তু ঘৰত যদি অসমীয়া নকয়, লিখিলে কি হ'ব । ভাষাটো কোনোবাই কৃত্রিমভাৱে ধৰি ৰাখি কোনো লাভ নাই । ঘৰত নোকোৱাকৈ কেৱল লোকপিয়লত লিখি আমি বিদেশী নহয় বুলি ক'লে নহ'ব নহয় । সাহিত্য সভাৰ সভাপতিৰ কথাৰ লগত মোৰ বিৰোধিতা আছে । যদি অসমীয়া ঘৰত নোকোৱাকৈ লিখি কি লাভ হ'ব ? অসমীয়া ভাষা কিবা শতাংশত জীয়াই থকাৰ কথাটো পুৰণি পলিচি আছিল । যেতিয়ালৈকে চন্দ্ৰ-সূৰ্য থাকিব তেতিয়ালৈকে অসমত অসমীয়া ভাষা থাকিব । ইয়াত শতাংশৰ কোনো কথা নাই । এনেকুৱা কোনো আইন আছে বুলি মই শুনা নাই ।"
মুখ্যমন্ত্রীয়ে লগতে কয়, "অসমীয়া চৰকাৰী ভাষা । ২০ শতাংশ মানুহে অসমীয়া ক'লেও অসমত অসমীয়া থাকিব । কোনোবাই বাংলাদেশৰ পৰা আহি ভাষাটো সলনি কৰি দিব পাৰে নেকি ? বৰাকত বঙালী, বিটিচিত বড়ো, অসমত অসমীয়া আৰু লগতে জনজাতীয় ভাষা । সকলো অসমত এখন বাগিচাৰ দৰে ফুল ফুলি থাকিব । ক'ৰ পৰা এই হিচাপ আহিলে মই নাজানো । লোকপিয়লত নকলে আমাৰ একো নাযায় । এইবোৰ তুষ্টিকৰণৰ একো একোটা ৰাস্তা । মই ভাল পাম যদি অসমীয়া ভাষাটো লিখক আৰু ঘৰতো কওক । এনে লিখি দিলে কি লাভ হ'ল । এইটো ভুল হৈ গ'ল । আমাক দুৰ্বল ভাবি এইটো এটা ব্লেকমেইলিঙৰ ৰাস্তা লোৱা হয় । আমি ইমান দুৰ্বল নহয় । অসমীয়া লিখিলে বুলি বাংলাদেশী নক'ব বুলি ভাবিলে কেনেকৈ হ'ব ? সেইবোৰ পুৰণি চিষ্টেম । মই এটা কথা জানো যে চন্দ্ৰ-সূৰ্য থকালৈকে অসমত অসমীয়া ভাষা আৰু আন জনগোষ্ঠীয় ভাষা থাকিব । চৰ চাপৰি পৰিষদে আমাক জনাব কিয় লাগে, লিখিলেই হ'ল । তাৰ বাবে মই ধন্যবাদ নিদিও । কথা হ'ল যে অসমীয়াক কোনেও দুৰ্বল বুলি ভাবিব নালাগে । আমাৰ ইছ্যু লাভ জেহাদ । অসমীয়া ভাষা কম বুলি ক'লেই নহ'ব । লগত ক'ব লাগিব লাভ জেহাদ বন্ধ হ'ব, বাল্য বিবাহ বন্ধ হ'ব, দুটাৰ বেছি সন্তান জন্ম নহ'ব । বহুত দীঘলীয়া লিষ্টখন । দহ-বাৰটা পইণ্ট আছে ।"
দুৰ্নীতি বিৰোধী অভিযান :
ৰাজ্যত চলা দুৰ্নীতি বিৰোধী অভিযান সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "অলপতে মই আইএএছ বিষয়াসকলক মাতিছিলোঁ । দুই-এদিনতে এচিএছ বিষয়াসকলকো মাতিম । বিগত ৫ বছৰত কেইবাজনো এচিএছ বিষয়াৰ ঘৰৰ পৰা বহুত টকা জব্দ কৰা হৈছে । ইয়াৰ ফলত চৰকাৰী বিষয়াৰ ওপৰত মানুহৰ মনত প্ৰশ্নবোধক চিন আনিছে । যাৰ বাবে আইএএছ বিষয়াসকলক বুজাইছিলোঁ যে কিদৰে ৰাইজৰ লগত চলিব লাগে । এজন বিষয়া ধৰা পৰি জে'লত যোৱা মানে আমাৰ ২০ বছৰৰ তেওঁৰ ওপৰত বিনিয়োগ একেদিনাই নোহোৱা হৈ যায় । এই বিষয়াসকল দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ পৰা অহা । তেওঁলোকৰ পৰা এইটো কোনেও আশা নকৰে । সেইকাৰণে আমি বহুত চিষ্টেম সলনি কৰি আছো । বাজেটৰ পাছত বহুত নতুন কথা শুনিবলৈ পাব । আমি দুৰ্নীতি নোহোৱা শব্দটো ক'ব নোৱাৰোঁ যদিও বহুত কমাব লাগিব । নহ'লে মানুহে চৰকাৰৰ পৰা সুবিধা নাপাব ।"
অবৈধ বাংলাদেশী বিতাড়নৰ প্ৰসংগ :
আনহাতে অবৈধ বাংলাদেশী বিতাড়ন সন্দৰ্ভত মুখ্যমন্ত্ৰী কয়, "অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অসম চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে । অবৈধ বাংলাদেশীক অসমৰ পৰা বিতাড়িত কৰাৰ ক্ষেত্ৰত এখোজো পিছুৱাই নাহে । শেহতীয়াকৈ পশ্চিমবংগত ভাৰত-বাংলাদেশ সীমান্তত কাঁটা তাঁৰ দিয়াৰ কাম ক্ষিপ্ৰতাৰে আৰম্ভ হৈছে । ইয়াৰ বাবে আমাৰ ভাল হৈছে । পুচবেক সদায় চলি থাকে । বাংলাদেশৰ পৰা অহা নতুন মানুহক আমি সীমান্ত পাৰ হ'ব নিদিও । আমি পুচবেক কৰি দিও । আনহাতে ভিতৰত থকা মানুহ যেতিয়া ডিচিয়ে পুচবেক কৰিব লাগে বুলি অৰ্ডাৰ দিয়ে তেতিয়া পুচবেক কৰোঁ ।"
जनगणना के बहाने कुछ घुसपैठिए अपनी पहचान बदलने की कोशिश करेंगे। इनके modus operandi पर हमारी पैनी नज़र है। pic.twitter.com/vv1B955tqc
— Himanta Biswa Sarma (@himantabiswa) June 13, 2026
উচ্ছেদ প্ৰক্ৰিয়া চলি থাকিব :
উচ্ছেদৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "উচ্ছেদ এতিয়াও চলি আছে । পলাশবাৰীৰ ট্ৰাইবেল বেল্ট-ব্লকত জাননী জাৰি কৰা হৈছে । এইটো এটা অবিৰত প্ৰক্ৰিয়া, চলি থাকিব । উচ্চ ন্যায়ালয়ে এটা ডাঙৰ অৰ্ডাৰ দিলে । গোলাঘাটতো দুই-এদিনতে এটা উচ্ছেদ অভিযান আছে । গতিকে এইটো চলি থাকিব । ইয়াত নতুন চৰকাৰ আৰু পুৰণি চৰকাৰ বুলি কথা নাই ।"
বিধায়ক অখিল গগৈৰ নিৰাপত্তাৰ প্ৰসংগ :
বিধায়ক অখিল গগৈৰ নিৰাপত্তা বৃদ্ধি কৰাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "নিৰ্বাচনৰ ভোটগণনাৰ দিনা অখিল গগৈৰ লগতে কুশল দুৱৰীকো নিৰাপত্তাৰক্ষী দিয়া হৈছিল । পিছত নিৰাপত্তাৰক্ষী উঠাই লোৱা হ'ল । কিন্তু অখিল গগৈয়ে তেওঁৰ নিৰাপত্তাৰক্ষী ৰাখিব লাগে বুলি আৰক্ষীক জনাইছিল । মই গম পোৱা নাছিলোঁ । যেতিয়া মোক আইজিপিয়ে ক'লে তেতিয়া নিৰাপত্তাৰক্ষী দি দিয়া হৈছে । কাৰণ তেওঁলোকৰ মনত কিবা থাকিব পাৰে । নহ'লে কিবা এটা হ'লে মোৰ গাতে বদনাম হ'ব । আমাৰ ওচৰত কোনো তথ্য নাই । তেওঁ এজন বিধায়ক আৰু তেওঁ বন্দুক লৈ ঘূৰি থকাৰ কথা কৈছে । গতিকে বিধায়কজনৰ কথা আমি অস্বীকাৰ কৰিব নোৱাৰোঁ । সেইকাৰণে আমি নিৰাপত্তাৰক্ষী বঢ়াই দিছো । তেওঁ এজন সন্মানীয় বিধায়ক আৰু আমাৰ বাবে তেওঁৰ জীৱনৰ মূল্য আছে । গতিকে এইটো এটা নিয়মীয়া প্ৰক্ৰিয়া । ইমান পুলিচ থাকিলে বেয়াই লাগে । কেইদিনমান পাছত তেওঁ নিজেই ক'ব আঁতৰাই দিয়াৰ বাবে । পুলিচ বেছি থাকিলে ব্যক্তিগত বোলা বস্তুটো নোহোৱা হৈ যায় ।"
গছ পৰি ছাত্রীৰ মৃত্যুৰ প্ৰসংগ :
গুৱাহাটীৰ ভূতনাথৰ কালীপুৰত এগৰাকী ছাত্রীৰ ওপৰত শুকান গছ পৰি মৃত্যু হোৱা ঘটনা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "গছবোৰ বুঢ়া হ'লে কাটিব দিব লাগে বুলি মই কৈ থাকো । এনেকুৱা পৰিৱেশ কৰি দিলে যে একো চুব নোৱাৰা হৈ গ'লো । যিয়ে গছ কটাৰ বিৰুদ্ধে আন্দোলন কৰে তেওঁলোকে আজি ফেচবুকত কৈ আছে গছবোৰ ভালদৰে ৰখা নাই । এইটো এটা প্ৰক্ৰিয়া যে যেতিয়া কোনো গছ বিপদজনক অৱস্থালৈ আহে তেতিয়া আমি গছজোপা কাটিব লাগিব । কাটিলে বাধা দিবলৈ মানুহ কিছুমান ওলাই আহে । দীঘলীপুখুৰীত যিবোৰ গছকলৈ আন্দোলন কৰিলে সেই গছবোৰ ১০ বছৰ বাগৰি পৰিব । গছৰো এটা জীৱনকাল আছে । সেইকাৰণে বন বিভাগে আয়ুস চাই গছডাল কাটি তাত নতুনকৈ ৰোপণ কৰে । কিন্তু কেতিয়াবা বহুত হুলস্থূল হৈ যায় । কালি চাবুৱাৰ ছোৱালীগৰাকীৰ মৃত্যু হৈছে, দুখজনক । সেই গছডাল আগতে কাটিব লাগিছিল । কিন্তু কটাৰ কাৰণে পৰিৱেশটো নাই নহয় । বিপদজনক অৱস্থাত থকা গছ কাটিব লাগে বুলি ক'লে মই কাটি দিম । নহ'লে কাটিব ল'লে আকৌ সিফালৰ পৰা আহি কিয় কাটিলে বুলি প্ৰশ্ন আহিব ।"
প্ৰসংগ থলুৱা সুৰা আৰু সুৰাৰ মূল্য :
থলুৱা সুৰাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "আমাৰ জনজাতীয় লোকৰ থলুৱা সুৰা কিছুমান ব্যৱসায়ীয়ে বিক্ৰী কৰা আৰম্ভ কৰিছে । কিন্তু আমি কৈছোঁ যে জনগোষ্ঠীয় সুৰাৰ ব্যৱসায় সেই নিৰ্দিষ্ট জনগোষ্ঠীৰ লোকেহে কৰিব পাৰিব । উদাহৰণ স্বৰূপে সাজপানীৰ ব্যৱসায় আহোম পৰিয়াল এটাই কৰিলে ভাল । সেইদৰে ৰহিৰ দোকান দিলে মিচিং পৰিয়ালে দিলে হ'ল । লাওপানীৰ ব্যৱসায় বড়ো মানুহ এজনে কৰিলে ভাল হয় । সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ যে বেলেগ জনগোষ্ঠীৰ সুৰাৰ ব্যৱসায় বেলেগ জনগোষ্ঠীয়ে কৰিব নোৱাৰে । অন্যই কৰিলে ইয়াৰ গুণাগুণ বেয়া কৰি দিব । যাৰ বাবে কালি প্ৰকাশ পোৱা আবকাৰী নীতিত কোৱা হৈছে যে জনগোষ্ঠীয় সুৰাৰ ব্যৱসায় সেই জনগোষ্ঠীটোৱেহে কৰিব পাৰিব । অন্যই কৰিব নোৱাৰিব । যাতে পৰম্পৰাগত পানীয়ৰ গুণাগুণ বেয়া হৈ নাযায় ।"
আনহাতে সুৰাৰ মূল্যবৃদ্ধিৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "পশ্চিমবংগৰ তুলনাত অসমত মদৰ দাম বহুত কম । কাৰণ অৰুণাচল আৰু মেঘালয়ত কম । পশ্চিমবংগৰ দৰে মূল্য কৰিব পাৰিলে অসমত মদৰ দাম বৃদ্ধি হ'ব আৰু দাম বাঢ়িলে মদ খোৱা মানুহৰ সংখ্যা কমিব । চৰকাৰৰ ৰাজহটো বিকল্প । কিন্তু আমি দাম বঢ়াব নোৱাৰো কাৰণ দাম বঢ়ালে অৰুণাচল আৰু মেঘালয়ৰ সুৰা অসমত আহি যায় । আমি দাম বঢ়াব লাগে । আমাৰ ইয়াত এটা হুইস্কিৰ বটলৰ দাম আঢ়ৈশ টকা আৰু পশ্চিমবংগত ৫০০ টকা ।"
লগতে পঢ়ক :
গুৱাহাটীৰ আৰ্য নগৰৰ ঘটনাৰ আঁৰত কি আছিল : ক'লে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই
অসমত বন্ধ হৈ পৰিব আধাৰ কাৰ্ড প্ৰদানৰ প্ৰক্ৰিয়া? কি ক'লে মুখ্য়মন্ত্ৰীয়ে

