ETV Bharat / state

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্রীগোটৰ প্ৰতিবেদনত সংশোধনী : মন্ত্রী ডাঃ ৰণোজ পেগু

মন্ত্রীগোটৰ প্ৰতিবেদন সন্দৰ্ভত মন্ত্রী ডাঃ ৰণোজ পেগুৰ এই মন্তব্য ।

minister ranoj pegu
মন্ত্রী ডাঃ ৰণোজ পেগু (@ranojpeguassam X)
author img

By ETV Bharat Assamese Team

Published : December 7, 2025 at 10:48 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্রীগোটে দিয়া প্ৰতিবেদন সংশোধন হ'ব । সংশোধনৰ পাছতেহে প্ৰতিবেদন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব । মন্ত্রীগোটৰ প্ৰতিবেদনত মটক জনগোষ্ঠীয়ে বিশেষ সংশোধন বিচাৰিছে । এই কথা জানিবলৈ দিয়ে মন্ত্রী ডাঃ ৰণোজ পেগুৱে ।

দেওবাৰে গুৱাহাটীত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "মন্ত্রীগোটৰ প্ৰতিবেদনখনৰ ওপৰত মটক জনগোষ্ঠীৰ সংগঠনসমূহৰ পৰা এটা সংশোধনী আহিছে । এই সংশোধনী আমি গ্ৰহণ কৰিছো । সেই সংশোধনীটো সন্নিবিষ্ট হোৱাৰ পিছত মুখ্যমন্ত্রী বা কেবিনেটৰ নিৰ্দেশনা মৰ্মে আমি প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ কৰিম ।"

মন্ত্রীগোটৰ প্ৰতিবেদনখনক যোগাত্মক আখ্যা দি তেওঁ কয়, "দাবী সকলোৱে উত্থাপন কৰে আৰু বহুতে সমৰ্থনো কৰি থাকে । কিন্তু দাবীটোৰ ৰূপায়ণ কি দৰে হ'ব তাৰ ৰূপৰেখা আজিলৈকে নাছিল । প্ৰথমবাৰৰ বাবে আমি সকলো পক্ষক বিশ্বাসতলৈ এটা ৰূপৰেখা দিছো । আগতে আমি কেৱল দাবী লৈ দিল্লীলৈ যাওঁ । বিধানসভাত প্ৰস্তাৱ আছিল যদিও ৰূপৰেখা নাছিল । এতিয়া এই প্ৰতিবেদনৰ ফলস্বৰূপে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ আমি এটা ৰূপৰেখা প্ৰদান কৰিছো । এই ৰূপৰেখা তথা ফ্ৰেমৱৰ্কটো আমি দিল্লীত দাখিল কৰিম ।"

মটক জনগোষ্ঠীয়ে অনা সংশোধনী সন্দৰ্ভত তেওঁ কয়, "সৰ্বানন্দ সিংহ তেওঁলোকৰ ৰজা আছিল আৰু তেওঁলোকে বেংমাৰা ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিল । তেওঁলোকৰ যিখিনি ঐতিহ্য আছিল, সেইখিনি উল্লেখ নাছিল । গতিকে সেইখিনি আমি প্ৰতিবেদনত উল্লেখ কৰিছো ।"

বৰ্তমানৰ জনজাতিসকলৰ শংকা সন্দৰ্ভত তেওঁ কয়, "জনজাতি সংগঠনসমূহক সকলোখিনি কথা বহলাই ব্যাখ্যা কৰি দিয়া হৈছে । এতিয়া তালিকাভুক্ত হৈ থকা জনজাতিসকলৰ অধিকাৰ আৰু সুবিধাখিনি সুৰক্ষিত কৰি ৰখাটোৰ বাবে চৰকাৰ দায়বদ্ধ । আমি তেওঁলোকক দেখুৱাই দিছো যে প্ৰতিবেদনত সেই কথাখিনি কেনেদৰে লিখা হৈছে । তেওঁলোকে জনাইছে যে তেওঁলোকৰ বিশেষজ্ঞসকলক লৈ এখন কমিটী গঠন কৰিব আৰু তেওঁলোকে অধ্যয়ন কৰি এমাহৰ পাছত কথাখিনি আমাক জনাব । মই ভাবো যে তেওঁলোক আশ্বস্ত হৈছে । ভাল কথা যে তেওঁলোকে বিষয়টো চৰ্চা কৰক । আমাৰ ফ্ৰেমৱৰ্কটো অধ্যয়ন কৰি তেওঁলোকে আমাক জনাব ।"

লগতে পঢ়ক : বৰাকৰ ১৩খন আসনৰ ভিতৰত ১০খন লাভ কৰিব বিজেপি মিত্ৰজোঁটে : মুখ্য়মন্ত্ৰী

লগতে পঢ়ক : কংগ্ৰেছ ত্যাগ কৰি পীযুষ হাজৰীকাৰ পিছতে পবিত্র মাৰ্ঘেৰিটাক সাক্ষাৎ প্ৰফুল্ল কুমাৰ দাসৰ