কংগ্ৰেছ ত্যাগ কৰি পীযুষ হাজৰীকাৰ পিছতে পবিত্র মাৰ্ঘেৰিটাক সাক্ষাৎ প্ৰফুল্ল কুমাৰ দাসৰ
বিজেপিত যোগদান কৰিব নেকি সদ্য কংগ্ৰেছ ত্যাগী প্ৰফুল্ল কুমাৰ দাসে ? পীযুষ হাজৰীকাৰ পাচত এইবাৰ তেওঁ সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্রী পবিত্র মাৰ্ঘেৰিটাক ।

Published : December 7, 2025 at 5:55 PM IST
গুৱাহাটী : প্ৰথমে মন্ত্রী পীযুষ হাজৰীকা আৰু তাৰ পাছত কেন্দ্ৰীয় মন্ত্রী পবিত্র মাৰ্ঘেৰিটা, শনিবাৰে প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ পদকে ধৰি প্ৰাথমিক সদস্য পদ ত্যাগ কৰাৰ পিছতে প্ৰফুল্ল কুমাৰ দাসে দিছপুৰত সাক্ষাৎ কৰিছিল মন্ত্রী পীযুষ হাজৰীকাক ।
তাৰ পিছত আজি, দেওবাৰে সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্রী পবিত্র মাৰ্ঘেৰিটাক । কংগ্ৰেছ ত্যাগ কৰাৰ পিছতে বিজেপিৰ মন্ত্রীক সাক্ষাৎ কৰাৰ পৰা এইটো কথা স্পষ্ট হৈ পৰিছে যে প্ৰফুল্ল কুমাৰ দাসে বিজেপিত যোগদান কৰিব । কিহৰ বাবে কংগ্ৰেছ ত্যাগ কৰিলে প্ৰফুল্ল কুমাৰ দাসে, এই কথা তেওঁ প্ৰত্যক্ষভাৱে নকলেও কেন্দ্ৰীয় মন্ত্রী পীযুষ হাজৰীকাই আজি সামাজিক মাধ্যমযোগে ব্যক্ত কৰিছে ।
সামাজিক মাধ্যমযোগে কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে প্ৰফুল্ল কুমাৰ দাস আৰু বিজেপি নেতা কমল কুমাৰ মেধিৰ সৈতে দুখন ফটো আপলোড কৰি ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া । কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে কয়, "সাংবাদিকতা আৰু ৰাজনীতি উভয় ক্ষেত্ৰতে সমৰ্পিতভাৱে আগুৱাই যোৱা সদ্যপ্ৰাক্তন কংগ্ৰেছ নেতা প্ৰফুল্ল কুমাৰ দাসে আজি মোক ব্ৰহ্মপুত্ৰ অতিথিশালাত সৌজন্যমূলক সাক্ষাৎ কৰে । কথা প্ৰসংগত ভাতৃ প্ৰফুল্লক সুধিলো, ''কংগ্ৰেছ দলৰ বাবে ইমান ত্যাগ কৰি কৰি হঠাতে কিয় পদত্যাগ কৰিলা ?''

তেওঁ ক’লে, ''মই দলৰ সামাজিক মাধ্যমৰ মুৰব্বী আছিলো, কিন্তু দলৰ মিঞাপ্ৰেম ইমানেই তুংগত উঠিছে যে আচল ষ্ট্ৰেটেজী আৰু প্ৰপাগেণ্ডাবোৰ গম পালে কোনো স্বাভিমানী অসমীয়া দলটোত থাকিব নোৱাৰে । দলৰ মূল নেতাই উচ্ছেদৰ বিপক্ষে নেৰেটিভ সৃষ্টি কৰিবলৈ, আবেগ সৃষ্টি কৰিবলৈ যেতিয়া অৰ্ডাৰ দিয়ে, ইয়াতকৈ ভয়ংকৰ আৰু কি হ’ব পাৰে ।"
উল্লেখ্য যে, শনিবাৰে কংগ্ৰেছ দল ত্যাগ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সামাজিক মাধ্যম আৰু তথ্য-প্ৰযুক্তি বিভাগৰ অধ্যক্ষ প্ৰফুল্ল কুমাৰ দাসে । সাংসদ গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই সামাজিক মাধ্যম আৰু তথ্য-প্ৰযুক্তি বিভাগৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হৈছিল প্ৰফুল্ল কুমাৰ দাসক ।
সামাজিক মাধ্যম আৰু তথ্য-প্ৰযুক্তি বিভাগত দাসৰ সহযোগী হিচাপে দায়িত্ব পালন কৰিছিল সাংসদ প্ৰদ্যুত বৰদলৈৰ পুত্ৰই । নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ অত্যন্ত গুৰুত্বপূৰ্ণ পদপীত থকাৰ পাছতো শনিবাৰে প্ৰফুল্ল কুমাৰ দাসে হঠাতে পদত্যাগ কৰে । তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈলৈ পদত্যাগ পত্র প্ৰেৰণ কৰে ।

মাত্ৰ এটা শাৰীৰ পদত্যাগ পত্ৰখনত প্ৰফুল্ল কুমাৰ দাসে গৌৰৱ গগৈক উদ্দেশ্য কৰি লিখিছে, "এই পত্ৰৰ জৰিয়তে অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সামাজিক মাধ্যম আৰু তথ্য-প্রযুক্তি বিভাগৰ অধ্যক্ষ পদৰ লগতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিলো ।”
লক্ষণীয় বিষয় যে প্ৰফুল্ল কুমাৰ দাস কংগ্ৰেছত 'টীম গৌৰৱ গগৈ’ৰ প্ৰথমটো শাৰীৰ এগৰাকী যুৱনেতা আছিল । কিন্তু হঠাতে তেওঁ কংগ্ৰেছ ত্যাগ কৰিলে । যাক লৈ কংগ্ৰেছৰ ভিতৰচ'ৰাত যথেষ্ট চৰ্চা হৈছে ।
ইফালে প্ৰফুল্ল কুমাৰ দাসে কংগ্ৰেছ ত্যাগ কৰাৰ পিছত কোন দলত যোগদান কৰিব তাকলৈয়ো চৰ্চা হৈছে । অৱশ্যে কংগ্ৰেছ ত্যাগ কৰাৰ পাছতে মন্ত্রী পীযুষ হাজৰীকা আৰু আজি কেন্দ্ৰীয় মন্ত্রী পবিত্র মাৰ্ঘেৰিটাক সাক্ষাৎ কৰা বিষয়টোৱে সকলো কথা স্পষ্ট কৰিছে ।

