ETV Bharat / state

অসমৰ ঐতিহ্য বহনকাৰী চাহ উদ্যোগলৈ এই বানে আনিছে ভয়ংকৰ বিপদ: আটছাৰ সভাপতি

টীয়ক চাহ বাগিচাত উপস্থিত হৈ কেন্দ্ৰীয় সভাপতিসহ আটছাৰ এটা সঁজাতী দলে বাগিচাৰ শ্ৰমিকসকলৰ প্ৰলয়ংকৰী বানত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয় ।

AATSA leader visited teok
টীয়ক চাহ বাগিচাৰ বানাক্ৰান্তৰ কাষত আটছাৰ প্ৰতিনিধি দল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 5, 2026 at 6:49 PM IST

2 Min Read
Choose ETV Bharat

টীয়ক : প্ৰলয়ংকাৰী বানৰ কৱলত অসমৰ ঐতিহাসিক চাহ উদ্যোগ । ইয়াক লৈ এতিয়া চিন্তিত হৈ পৰিছে আটছাৰ নেতৃবৃন্দ । সেয়ে টীয়ক বাগান অঞ্চলৰ বানাক্ৰান্তৰ বুজ ল'বলৈ বুধবাৰে আটছাৰ কেন্দ্ৰীয় সভাপতি জগদীশ বৰাইকসহ এটা সঁজাতী দল উপস্থিত হৈ চৰকাৰৰ ওচৰত কেতবোৰ দাবী উত্থাপন কৰে ।

তেওঁ কয়, "উজনিৰ চাৰিখন জিলাত হোৱা বানে চাহ উদ্যোগৰ লগতে চাহ বাগান অঞ্চলসমূহৰ শ্ৰমিক পৰিয়ালসমূহক এক প্ৰকাৰ তচনচ কৰি গৈছে । সাধাৰণতে চাহ বাগান ওখ ঠাইত থাকে যদিও এই প্ৰলংকৰী বানে কিন্তু চাহ বাগানসমূহো একপ্ৰকাৰ ধ্বংস কৰি দিছে । অন্যান্য অঞ্চলসমূহৰ লগতে চাহ বাগানৰ দিন হাজিৰা কৰা লোকসকলৰ সকলোখিনি বানৰ কৱলত পৰাত তেওঁলোকৰ জীৱন-যাপনত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে । এইসকল লোকে বিগত ২০ দিন ধৰি কৰ্মত নিয়োজিত হ'ব পৰা নাই, যাৰ বাবে তেওঁলোকে মজুৰিও লাভ কৰা নাই । গতিকে এই চাহ বাগানৰ দৈনিক হাজিৰা কৰি চলা ব্যক্তিসকলক মজুৰি প্ৰদান কৰাৰ এক সু-ব্যৱস্থা চৰকাৰৰ লগতে বাগান কৰ্তৃপক্ষই কৰিব লাগে ।"

টীয়ক চাহ বাগিচাৰ বানাক্ৰান্তৰ কাষত আটছাৰ প্ৰতিনিধি দল (ETV Bharat Assam)

তেওঁ লগতে কয়, "চিকিৎসাৰ ক্ষেত্ৰতো অন্যান্য অঞ্চলৰ লগতে বহু সময়ত বাগানৰ শ্ৰমিকসকলে পৰ্যাপ্ত সুবিধা নাপায় । বৰ্তমান সময়ো বেয়া, বানৰ কৱলত পৰা চাহ বাগান অঞ্চলসমূহৰ বহু শ্ৰমিক এতিয়া ৰোগগ্ৰস্ত । গতিকে চিকিৎসা বিভাগে বাগান অঞ্চলত শ্ৰমিকৰ সুবিধা হোৱাকৈ পৰ্যাপ্ত চিকিৎসা সেৱা প্ৰদান কৰিব লাগে, যাতে চিকিৎসাৰ অভাৱত আৰু কোনো বানাক্ৰান্তৰ মৃত্যু নহয় ।"

ইপিনে ঐতিহ্য বহন কৰা অসমৰ চাহ উদ্যোগৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত সভাপতিগৰাকীয়ে কয়, "চৰকাৰে এই বানৰ সমস্যা স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে । বৰ্তমান নদীৰ মথাউৰিসমূহৰ অৱস্থা ভাল নহয় । পানী নিষ্কাশনৰ কোনো সু-পৰিকল্পিত ব্যৱস্থা নাই । গতিকে চৰকাৰী বিভাগবোৰে এই বিষয়বোৰত গুৰুত্ব প্ৰদান কৰি এই বান সমস্যা সম্পূৰ্ণভাৱে নিৰ্মূল কৰিবলৈ আমি দাবী জনাইছোঁ ।"

লগতে পঢ়ক :'বৰুণ'ক বচাবলৈ গৈ প্ৰাণ হেৰুওৱা 'ৰিদীপ'ৰ দুৰ্ভগীয়া পিতৃ-মাতৃৰ সমুখত চকুলো নিগৰিল মুখ্যমন্ত্ৰীৰ
লগতে পঢ়ক :নোৱা নৈৰ সোঁতে ছিঙিলে মথাউৰি, মঙলদৈত প্লাৱিত ১০ খনৰো অধিক গাঁও