ETV Bharat / sports

সূৰ্য যুগৰ অৱসান: শ্ৰেয়সৰ কান্ধ্ত ভাৰতীয় টি-২০ দলৰ অধিনায়কত্বৰ ভাৰ

ইংলেণ্ড আৰু আয়াৰলেণ্ড শৃংখলা আৰু ২০২৬ বৰ্ষৰ এছিয়ান গেমছৰ বাবে শনিবাৰে ঘোষণা কৰা দলত বৈভৱ সূৰ্যবংশী আৰু প্ৰিন্স যাদৱেও স্থান লাভ কৰিছে ।

Shreyas Iyer
শ্ৰেয়স আয়াৰৰ কান্ধ্ত ভাৰতীয় টি-২০ দলৰ অধিনায়কত্বৰ ভাৰ (IANS)
author img

By ETV Bharat Assamese Team

Published : June 6, 2026 at 2:12 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: অনুমান কৰা মতেই সলনি হ'ল ভাৰতীয় টি-২০ দলৰ অধিনায়ক । সদ্যসমাপ্ত আইপিএলত অধিনায়ক সূৰ্যকুমাৰৰ ফৰ্মক লৈ ব্যাপক জল্পনা-কল্পনা চলিছিল যে এইবাৰ হয়তো অধিনায়কত্ব নাথাকিব সূৰ্যৰ হাতত ।

অজিত আগৰকাৰৰ নেতৃত্বত গঠিত বাছনি সমিতিয়ে ইংলেণ্ড আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে শনিবাৰে ভাৰতীয় ১৬ জনীয়া দলটো ঘোষণা কৰে । লগতে শ্ৰেয়স আয়াৰক ৰাষ্ট্ৰীয় টি-২০ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়ে । লগে লগে ভাৰতীয় টি-২০ দলত সূৰ্যকুমাৰ যাদৱৰ যুগৰ অৱসান ঘটে । কেৱল সেয়াই নহয়, আইপিএল ছিজনত দুৰ্বল প্ৰদৰ্শনৰ বাবে তেওঁক দলৰ পৰাও বাদ দিয়া হৈছে ।

ইয়াৰ উপৰি এইবছৰ জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছৰ বাবেও দলটো ঘোষণা কৰে । তাতো নেতৃত্ব সলনি কৰি শ্ৰেয়স আয়াৰক ভাৰতীয় দলৰ 'হোৱাইট বল' শৃংখলাৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে ।

২০২৬ চনৰ টি-২০ বিশ্বকাপত ভাৰতীয় দলটোক খিতাপ দখল কৰাৰ পিছত সদ্যসমাপ্ত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আইপিএল) সংস্কৰণত বেটৰ খৰাঙত ভোগে সূৰ্যকুমাৰ । তেওঁ ফৰ্মৰ বাবেও যুঁজিবলগীয়া হয় । তাৰ মাজতে দলৰ নতুন নিৰ্বাচনে হয়তো এই ইংগিত বহন কৰিব পাৰে যে সূৰ্যকুমাৰ এতিয়া টি-২০ দলৰ বাবে বিবেচনাৰ বাহিৰত ।

উল্লেখ্য যে আয়াৰলেণ্ড আৰু ইংলেণ্ড শৃংখলাৰ পৰা ঈশান কিষাণ বাদ পৰিলেও এছিয়ান গেমছৰ দলত তেওঁক অন্তৰ্ভুক্ত কৰা হৈছে ।

শ্ৰেয়স আয়াৰক নতুন অধিনায়ক হিচাপে নিযুক্তি

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আইপিএল) বিগত দুটা ছিজনত অধিনায়কত্বৰে সবল নেতৃত্বৰ ভূমিকা প্ৰদৰ্শন কৰা শ্ৰেয়স আয়াৰক অৰ্পণ কৰা হৈছে ভাৰতীয় দলৰ দায়িত্ব । ২০২৫ চনৰ সংস্কৰণত তেওঁ নিজৰ দলটোক ফাইনেললৈ লৈ যোৱাৰ বিপৰীতে ২০২৬ চনত তেওঁৰ বেটত গৰ্জন উঠিছিল । এইবাৰ তেওঁ ৫৫.১৩ গড়েৰে ৪৯৮ ৰাণ সংগ্ৰহ কৰে । আনহাতে, মুম্বাই ইণ্ডিয়ানছৰ এক অতি দুৰ্বল ছিজনৰ ফলত অধিনায়কত্বৰ লগতে দলতো স্থান হেৰুৱাইছে সূৰ্যকুকমাৰ যাদৱে । সূৰ্যকুমাৰে এইবাৰ ১৩ খন মেচত গড়ে ২০.৭৭ ৰাণেৰে মাত্ৰ ২৭০ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

বৈভৱ সূৰ্যবংশী, প্ৰিন্স যাদৱৰ প্ৰথবাৰৰ বাবে ভাৰতীয় দলত স্থান লাভ

আনহাতে, আইপিএল, ২০২৬ সংস্কৰণৰ মধ্যমণি ৰাজস্থান ৰয়েলছৰ যুৱ বেটাৰ বৈভৱ সূৰ্যবংশীয়ে প্ৰথমবাৰৰ বাবে ভাৰতীয় দললৈ আমন্ত্ৰণ লাভ কৰিছে । তেওঁ ১৬টা ইনিংছত ২৩৭.৩০ দমনীয় ষ্ট্ৰাইক ৰেটেৰে ৭৭৬ ৰাণ সংগ্ৰহ কৰে । বাঁওহতীয়া বেটছমেনগৰাকীয়ে নিজৰ বিস্ফোৰক বেটিং শৈলী আৰু ধাৰাবাহিকতাৰ বাবে প্ৰতিযোগিতাখনত শিৰোনাম দখল কৰিছিল ।

আনহাতে, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হৈ খেলা যুৱ বলাৰ প্ৰিন্স যাদৱেও ভাৰতীয় টি-২০ দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে । প্ৰিন্স যাদৱে এইবাৰৰ আইপিএলত ৮.৮২ ইকন'মিৰে ১৪ খন মেচত ১৬টা উইকেট দখল কৰে ।

লগতে পঢ়ক :টীম ইণ্ডিয়াৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান, এদিনীয়া শৃংখলাৰ পৰা বাহিৰ হ’ল বিৰাট কোহলী
লগতে পঢ়ক :নৰৱে দবা খিতাপ জয় কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত প্ৰজ্ঞানন্দ