টীম ইণ্ডিয়াৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান, এদিনীয়া শৃংখলাৰ পৰা বাহিৰ হ’ল বিৰাট কোহলী
আইপিএল ২০২৬ৰ ফাইনেলৰ সময়তে আঘাত পাইছিল বিৰাট কোহলীয়ে ৷

By PTI
Published : June 4, 2026 at 2:11 PM IST
নতুন দিল্লী : আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলা আৰম্ভ হোৱাৰ পূর্বে এটা ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে টীম ইণ্ডিয়া ৷ সংবাদ সংস্থা PTI-এ প্ৰকাশ কৰা অনুসৰি, তাৰকা বেটছমেন বিৰাট কোহলীয়ে শৰীৰত আঘাত পোৱাৰ বাবে তিনিখন মেচৰ শৃংখলাৰ পৰা তেওঁ বাদ দিয়া হৈছে । অৱশ্যে BCCI-এ এই কথা এতিয়াও নিশ্চয়তা প্ৰকাশ কৰা নাই ।
- কেতিয়া আঘাতৰ সন্মুখীন হ’ল কোহলী ?
আইপিএল ২০২৬ৰ ফাইনেলৰ সময়ত কোহলীয়ে এই আঘাতৰ সন্মুখীন হৈছিল ৷ এই মেচত তেওঁ ৭৫ ৰাণৰ এক উজ্জ্বল অপৰাজিত ইনিংছ খেলিছিল, য’ত RCB-এ (ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু) গুজৰাট টাইটানছক ১৫৬ ৰাণৰ লক্ষ্য বান্ধি দিছিল ৷ এই খেলখনৰ সময়ত কোহলীয়ে ৰাণ সংগ্ৰহৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হৈছিল, যাৰ বাবে তেওঁ কেইবাবাৰো চিকিৎসকৰ সহায় ল’বলগীয়া হয় ।
Virat Kohli ruled out of ODI series against Afghanistan due to a hamstring injury: BCCI source. pic.twitter.com/NuoKOtyJ2v
— Press Trust of India (@PTI_News) June 4, 2026
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, আফগানিস্তানে ভাৰত ভ্ৰমণ কৰি এখন টেষ্ট আৰু তিনিখন এদিনীয়া খেলিছে । এই টেষ্ট মেচখন ৬-১০ জুনলৈ নিউ ছণ্ডীগড়ত অনুষ্ঠিত হ’ব ৷ আনহাতে ১৩ জুনৰ পৰা ২০ জুনলৈ অনুষ্ঠিত হ’ব তিনিখন এদিনীয়া মেচ । ইয়াৰ পাছত টিম ইণ্ডিয়াই ইংলেণ্ডলৈ যাব, য’ত ১৪ জুলাইৰ পৰা ১৯ জুলাইৰ ভিতৰত তিনিখন এদিনীয়া মেচ খেলিব ।
- কোহলীৰ আঘাত
তাৰকা বেটছমেন বিৰাট কোহলীয়ে বৰ বেয়া সময়ত এই আঘাত পায় । টি-২০ আন্তঃৰাষ্ট্ৰীয় আৰু টেষ্টৰ পৰা অৱসৰ লোৱাৰ পাছত বিৰাট কোহলীয়ে কেৱল এদিনীয়া ফৰ্মেটতহে খেলি আছে আৰু বৰ্তমান তেওঁ এই ফৰ্মেটত শ্ৰেষ্ঠ ৰূপত গতি কৰি আছে । ২০২৫ চনত কোহলীয়ে এই ফৰ্মেটত ভাৰতৰ সৰ্বোচ্চ ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছিল, য’ত তেওঁ তিনিটা শতক আৰু চাৰিটা অৰ্ধশতককে ধৰি ১৩খন খেলত ৬৫১ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল । ২০২৬ চনত তেওঁ এই ফৰ্ম অব্যাহত ৰাখি নিউজীলেণ্ডৰ বিৰুদ্ধে তিনিখন মেচৰ শৃংখলাত ২৪০ ৰাণ সংগ্ৰহ কৰিছিল, য’ত এটা শতক আৰু এটা অৰ্ধ শতক আছিল ।
- বিৰাট কোহলীৰ অনুৰাগীৰ বাবে এক ডাঙৰ আঘাত
বিৰাট কোহলীৰ লাখ লাখ অনুৰাগীয়ে বিচাৰিছিল যে তাৰকা বেটছমেনগৰাকীয়ে ২০২৭ চনৰ এদিনীয়া বিশ্বকাপত খেলিব আৰু শতক অৰ্জন কৰিব ৷ কোহলীয়ে টেষ্টত ৩০টা, এদিনীয়াত ৫৪টা, টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত এটা শতক অৰ্জন কৰিছে । এদিনীয়া মেচত যদি কোহলীয়ে নিজৰ আকৰ্ষণীয় ফৰ্ম অটুট ৰাখিব পাৰে, তেন্তে তেওঁ শচীন টেণ্ডুলকাৰৰ সৰ্বাধিক শতকৰ অভিলেখ ভংগ কৰিব পাৰে ।
- আফগানিস্তান শৃংখলাৰ বাবে টীম ইণ্ডিয়াৰ এদিনীয়া দল :
শুভমন গিল (অধিনায়ক), ৰোহিত শৰ্মা, শ্ৰেয়াছ আয়াৰ (উপ অধিনায়ক), কে এল ৰাহুল (উইকেটকীপাৰ), ঈশান কিষাণ (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, অৰ্শদ্বীপ সিং, প্ৰসিধ কৃষ্ণ, প্ৰিন্স যাদৱ, গুৰনুৰ ব্ৰাৰ, হৰ্ষ ডুবে ।
ৰোহিত শৰ্মা আৰু হাৰ্দিক পাণ্ডিয়াক "ছাবজেক্ট টু ফিটনেছ" শাখাত স্থান দিয়া হৈছে ৷ অৰ্থাৎ ছিৰিজ আৰম্ভ হোৱাৰ পূৰ্বে দুয়োগৰাকী তাৰকা খেলুৱৈয়ে নিজৰ ফিটনেছ প্ৰমাণ কৰিব লাগিব ।

