ETV Bharat / snippets

প্ৰচণ্ড গৰম: নলবাৰীৰ বিদ্যালয়লৈ প্ৰশাসনৰ বিশেষ নিৰ্দেশনা

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 5:40 PM IST

SCHOOL TIMING ASSAM
নলবাৰীৰ বিদ্যালয়লৈ প্ৰশাসনৰ বিশেষ নিৰ্দেশনা (Getty Images)

নলবাৰী, ২৬ মে’: পূৰ্বৰ অভিলেখ ভংগ কৰি ৰাজ্যত ৪০ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছে গৰমে ৷ প্ৰচণ্ড গৰমৰ প্ৰতি লক্ষ্য ৰাখি নলবাৰীৰ শিক্ষানুষ্ঠানসমূহলৈ এক পত্ৰযোগে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে নলবাৰী জিলা প্ৰশাসনে ৷

সেই অনুসৰি সোমবাৰৰ পৰা ৰাজ্যৰ আন প্ৰান্তৰ দৰে নলবাৰী জিলাতো বিদ্যালয়ৰ পাঠদানৰ সময়সীমা সলনি কৰা হৈছে ৷ প্ৰতিখন শিক্ষানুষ্ঠানত পুৱা ৭:৩০ বজাৰ পৰা ১১:৩০ বজালৈ প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ লগতে পুৱা ৭:৩০ বজাৰ পৰা ১২ বজালৈ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পাঠদান আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদান হ’ব ১২:৩০ বজালৈকে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.