বিধায়ক হোৱাৰ সপোন দেখি বাৰে বাৰে থমকিছে প্ৰাক্তন ছাত্ৰ নেতা শংকৰজ্যোতি বৰুৱা
ৰাজনৈতিক দলত যোগদান কৰা খবৰৰ পাছতে ৰহস্যজনক ফেচবুক পোষ্ট ।

Published : January 11, 2026 at 11:20 AM IST
ডিব্ৰুগড়: অসমৰ সংবাদ মাধ্যমত শনিবাৰে বিয়লিৰ পৰা ডাঙৰ খবৰ হিচাপে বিবেচিত হৈ পৰিছিল উজনিৰ শক্তিশালী প্ৰাক্তন ছাত্ৰ নেতা শংকৰজ্যোতি বৰুৱা । খবৰ ওলাইছিল কংগ্ৰেছ দলত যোগদান কৰিব নেতাগৰাকীয়ে । ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ গৃহৰ পৰা গৈ গুৱাহাটীত বাহৰ পাতি থকা নেতাজনে কংগ্ৰেছ দলত যোগদান কৰিব বুলি খবৰ ওলোৱাৰ পাছতেই ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হৈছিল ।
কিয়নো নাৰী কেলংকাৰী বিতৰ্কত নাম সাঙোৰ খোৱাৰ পাছত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছিল সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই । গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছু গোটৰ এগৰাকী সক্ৰিয় সদস্যাই শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে উত্থাপন কৰিছিল কেইবাটাও গুৰুতৰ অভিযোগ । যি ঘটনাক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ ভিতৰচ'ৰাৰ লগতে ৰাজ্যৰ সচেতন মহলৰ মাজতো প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল ।
যুৱতীগৰাকীয়ে এজাহাৰ দাখিল কৰা পাছত শংকৰজ্যোতিয়ে আদালতত জামিন লৈ নিজকে ৰঙাঘৰলৈ যোৱাৰ পৰা ৰক্ষা কৰিছিল । ইয়াৰ পাছতে শংকৰজ্যোতিয়ে ২০২৪ চনৰ ১২ ছেপ্টেম্বৰত আছুৰ পৰা অব্যাহতি গ্ৰহণ কৰি দুলীয়াজানৰ গৃহত থাকি আৰম্ভ কৰিছিল সামাজিক কাম । দেখা গৈছিল দুলীয়াজানত পূজা, বিহু অনুষ্ঠিত কৰাত মুখ্য ভুমিকা লোৱাৰ লগতে সামাজিকভাৱে নিজক জড়িত কৰি ৰাখিছিল ।
চৰ্চা চলিছিল ২০২৬ ৰ বিধানসভা নিৰ্বাচনত দুলীয়াজান সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব । খবৰ ওলাই আছিল বিজেপিত যোগদান কৰি দুলীয়াজানৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব । কিন্তু এই চৰ্চাৰ মাজতে শনিবাৰে হঠাৎ খবৰ ওলাল বিজেপি দলত নহয় কংগ্ৰেছ দলতহে যোগান কৰিব প্ৰাক্তন আছু নেতাগৰাকীয়ে । কিন্তু সমগ্ৰ বিষয়টো সংবাদ মাধ্যমত সৰৱ চৰ্চা চলা পাছতে নিজৰ ফেচবুকত তেওঁ লিখে, "আজি ৰাজনৈতিক দলত যোগদানৰ কোনো সিদ্ধান্ত নাই । যেতিয়া থাকিব এদিন আগত মই নিজে জনাম ।"
উল্লেখযোগ্য যে বিধায়ক হোৱাৰ সপোন লৈ ৰাজনৈতিক পথাৰত খোজ দিবলৈ গৈ বাৰে বাৰে থমকি ৰৈছে উজনি প্ৰাক্তন ছাত্ৰ নেতা শংকৰজ্যোতি বৰুৱাই । বিশেষ সূত্ৰৰ খবৰ অনুসৰি দুলীয়াজানৰ পৰা সমাগত বিধানসভা নিৰ্বাচনৰ টিকট দিলে বিজেপিত যোগদান কৰিম বুলি অপেক্ষাত থকা শংকৰজ্যোতি বৰুৱাক দুলীয়াজানত প্ৰাৰ্থিত্ব প্ৰদানৰ নিশ্চয়তা বিজেপি দলৰ নেতৃত্বই দিব নোৱৰা বাবে কংগ্ৰেছ দলৰ সৈতে যোগাযোগ কৰি যোগদান কৰাৰ চেষ্টা কৰিছিল নেতাগৰাকীয়ে ।
কংগ্ৰেছ দলকো শংকৰজ্যোতি বৰুৱাই দিছিল দুলীয়াজান বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰদানৰ নিশ্চয়তাৰ চৰ্ত । কিন্তু কংগ্ৰেছৰ দলে টিকট প্ৰদানৰ নিশ্চয়তা প্ৰদান কৰিব পৰা নাই বাবে যোগদান কৰিবলৈ গৈয়ো থমকিছে প্ৰাক্তন ছাত্ৰ নেতাগৰাকীয়ে । খবৰ অনুসৰি বিজেপি-কংগ্ৰেছ যি দলেই দুলীয়াজান বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব সেই দলতেই ভাল দিন বাৰ চাই যোগদান কৰিব শংকজ্যোতি বৰুৱাই ।

