কংগ্ৰেছে এটা নহ'বলগীয়া বিষয়ক ইছ্যু বনাই দেশখনত অশান্তিৰ সৃষ্টি কৰিছে: পীযুষ হাজৰীকা
প্ৰধানমন্ত্ৰী মোদীৰ আগমনক লৈ তেজপুৰত বৈঠক মন্ত্ৰী পীযুষ হাজৰীকাৰ । কংগ্ৰেছক সমালোচনা ।

Published : January 11, 2026 at 9:17 AM IST
তেজপুৰ: "কংগ্ৰেছ দলে এটা নহ'বলগীয়া বিষয়ত ইছ্য়ু বনাই দেশখনত অশান্তিৰ পৰিৱেশ সৃষ্টি কৰি আহিছে । সেইটো কাৰণে তেওঁলোকে নিৰ্বাচনত পৰাজয় হৈ আহিছে ।"- তেজপুৰত উপস্থিত হৈ শনিবাৰে বিৰোধীয়ে উত্থাপন কৰা 'ভোট চুৰি' অভিযোগ নস্যাৎ কৰি এই মন্তব্য অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ ।
মন্ত্ৰীগৰাকীয়ে লগতে কয়, "প্ৰতিটো দলৰ পৰা প'লিং ষ্টেশ্যনৰ ভিতৰত এজন প'লিং এজেণ্ট থাকে আৰু তেখেতে ভোটাৰৰ চিনাক্তকৰণ কৰে যে এইজন পীযুষ হাজৰীকা হয়নে নহয় । তেওঁলোকে চিনাক্তকৰণ কৰে আৰু যদি নহয় তেওঁলোকে ভোট দিবলৈ নিদিয়ে, এইটো হৈছে নিৰ্বাচনৰ নিয়ম । কংগ্ৰেছ দলৰ যদি প'লিং এজেণ্টেই নাই তেতিয়া আমি ক'বলগীয়া কিবা আছে নেকি ?"
কংগ্ৰেছক কটাক্ষ কৰি হাজৰীকাই কয়,"মই ভাবো কংগ্ৰেছ দলৰ প'লিং এজেণ্ট সকলোতে আছে কিন্ত তেওঁলোকে প'লিং এজেণ্টক বিশ্বাস নকৰে । তেওঁলোকে এটা আবাস্তৱ কথা এটা কৈ দেশখনত অশান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে আৰু মানুহে সেইটো মানি নলয় ।"
আনহাতে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱা-নোহোৱাৰ প্ৰসংগত তেওঁ কয়,"সেইবোৰ ভগৱানে ক'ব, দুৰ্নীতিৰ বিৰুদ্ধে আমি মাত মাতি আহিছোঁ । ৰাজ্যত চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে অতি কঠোৰ সিদ্ধান্ত লৈছে আৰু প্ৰায় ২ লাখ চৰকাৰী চাকৰি দিবলৈ আগবাঢ়িলোঁ । কিন্ত ক'ব নোৱাৰে ক'ৰবাত এক টকাৰ দুৰ্নীতি হ'ল বুলি । গতিকে তেওঁলোকে দুৰ্নীতিৰ কথা ক'ব নোৱাৰে আমি কাম নকৰাৰ কথা ক'ব নোৱাৰে । আবাস্তৱ মিছা কথা এটা কৈ দেশত আন্দোলন কৰিছে আৰু মানুহে তাৰ প্ৰত্যুত্তৰ দিছে । মানুহে তেওঁলোকক নিৰ্বাচনত ভোট দিয়া নাই ।"
উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৮ জানুৱাৰীৰ দিনা কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰি তেজপুৰৰ সমীপৰ কলিয়াবৰৰ মৌচন্দা পথাৰত সম্বোধন কৰিবলগীয়া ৰাজহুৱা সভাৰ প্ৰস্তুতি সন্দৰ্ভত শনিবাৰে শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই ভাৰতীয় জনতা পাৰ্টীৰ তেজপুৰস্থিত জিলা কাৰ্যালয়ত মিত্ৰদল অসম গণ পৰিষদৰ বিষয়ববীয়াকে আদি কৰি দলীয় কৰ্মীৰ লগত এক সভাত মিলিত হয় ।
অসম গণ পৰিষদৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, অসম গণ পৰিষদৰ উপ-সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা প্ৰাক্তন সাংসদ পল্লৱলোচন দাস প্ৰমুখ্যে জ্যেষ্ঠ নেতাসকলে অংশ গ্ৰহণ কৰা উক্ত সভাত ১৮ জানুৱাৰীৰ দিনা কলিয়াবৰৰ মৌচন্দা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰিবলগীয়া জনসভা সফল কৰাৰ বাবে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

