ETV Bharat / state

অসম জাতীয় পৰিষদত বিলীন হ'ল সাংসদ অজিত ভূঞাৰ জাতীয় দল অসম

গুৱাহাটীত আয়োজন মহামিলনৰ কাৰ্যসূচী ৷ ‘‘জাতীয় দল অসম’’ আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত চামিল হ'ল ৷

MP Ajit Kumar Bhuyan joins Assam Jatiya Parishad party
জাতীয় দল অসম অন্তৰ্ভুক্ত হ'ল অজাপত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 9, 2026 at 6:14 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : লুৰীণজ্যোতি গগৈৰ নেতৃত্বৰ অসম জাতীয় পৰিষদ চমুকৈ অজাপত চামিল হ'ল জাতীয় দল অসম । ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বৰ জাতীয় দল অসম অন্তৰ্ভুক্ত হ'ল অজাপত । এতিয়াৰে পৰা অজাপ হ'ল ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নতুন ঠিকনা ।

শুকুৰবাৰে অজিত কুমাৰ ভূঞা নেতৃত্বাধীন 'জাতীয় দল অসম' দলটো আনুষ্ঠানিকভাৱে চামিল হয় অসম জাতীয় পৰিষদত । দিছপুৰৰ লোক নিৰ্মাণ বিভাগৰ সভাকক্ষত আয়োজন কৰা এক অনুষ্ঠানত জাতীয় দল অসমক অজাপত চামিল কৰি সাংসদ অজিত কুমাৰ ভূঞাই আনুষ্ঠানিকভাৱে অজাপত যোগদান কৰে ।

গুৱাহাটীত আয়োজন মহামিলনৰ কাৰ্যসূচী (ETV Bharat Assam)

অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ, কাৰ্যকৰী সভাপতি ৰাজেন গোঁহাই আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই সাংসদ অজিত কুমাৰ ভূঞাক দলত আদৰণি জনায় । অজাপৰ নেতৃত্বই আশা প্ৰকাশ কৰে যে অজিত কুমাৰ ভূঞা নেতৃত্বাধীন দলটোৰ চামিলকৰণে অসম জাতীয় পৰিষদক আৰু অধিক শক্তিশালী কৰিব ।

দিছপুৰৰ পি ডব্লিউ ডি কনভেনশ্যন চেণ্টাৰত অসম জাতীয় পৰিষদে আয়োজন কৰা মহামিলন কাৰ্যসূচীত এই মিলন পৰ্ব আনুষ্ঠানিকভাৱে সম্পন্ন হয় । অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ একনায়কত্ববাদ ওফৰাবলৈ সকলো এক হৈ কাম কৰিব লাগিব ।

আনহাতে অজাপৰ কাৰ্যকৰী সভাপতি ৰাজেন গোঁহায়ে কয়, "অসম জাতীয় পৰিষদৰ প্ৰতি ৰাইজৰ সঁহাৰি বৃদ্ধি পাইছে । বিজেপিয়ে যেনেকৈ ভাবিছে
হিতাধিকাৰীয়ে ভোট দিব, তেনেকৈ এইবাৰ হিতাধিকাৰীয়ে বিজেপিক ভোট নিদিয়ে । যিমান পাৰি সোনকালে বিজেপিক বিদায় দিব লাগে । বিজেপি পুনৰ শাসনলৈ ঘূৰি আহিলে বিপদ হ’ব । বিজেপিৰ পদবীত থকা বহুতে ডেমকেয়াৰ হৈ জাতীয় পৰিষদৰ হৈ কাম কৰি আছে । তেওঁলোকে আনুষ্ঠানিকভাৱে যোগদানো কৰা নাই ।"

MP Ajit Kumar Bhuyan joins Assam Jatiya Parishad party
জাতীয় দল অসম অন্তৰ্ভুক্ত হ'ল অজাপত (ETV Bharat Assam)

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰাজেন গোঁহায়ে কয়, "হাবিত এটা বাঘে হৰিণাক যেনেদৰে ফালি চিৰি শেষ কৰি পেলাই ঠিক সেইদৰে বিগত পাঁচ বছৰ অসমখন শেষ কৰিছে বিজেপিয়ে । বিজেপিয়ে যিখন সংবিধান অনুসৰণ কৰা আৰম্ভ কৰিছে সেইখন সংবিধান দেশৰ বাবে বিশেষকৈ উত্তৰ পূবৰ বাবে অতি ভয়াৱহ । বিজেপিয়ে নিবিচাৰে পিছপৰা শ্ৰেণীটো শিক্ষাদীক্ষাত আগবাঢ়ি যোৱা । ব্ৰহ্মণ্যবাদৰ বহুত হেঁচা সহ্যৰ বাহিৰলৈ গৈছে । বিজেপি থাকোতে মই ব্ৰহ্মণ্যবাদৰ অত্যাচাৰ সহ্য কৰিব লগা হৈছিল । ব্ৰহ্মণ্যবাদৰ প্ৰতিবাদ কৰি মই বিজেপি দলৰ পৰা এলাগী হৈছিলো ।"

নিৰ্বাচন খেলাৰ প্ৰসংগত ৰাজেন গোঁহায়ে কয়, "দলে টিকট দিলে আৰু স্বাস্থ্যই টানিলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম । বঢ়মপুৰত প্ৰাৰ্থী হোৱাটো ৰাইজে বিচাৰিছে । সুযোগ পালে নিশ্চয় শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াম ।"

MP Ajit Kumar Bhuyan joins Assam Jatiya Parishad party
জাতীয় দল অসম অন্তৰ্ভুক্ত হ'ল অজাপত (ETV Bharat Assam)

ইফালে অজাপত সমাহিত হৈ সাংসদ অজিত কুমাৰ ভূঞাই কয়, "আমি আমাৰ উদ্দেশ্যত সফল হ’মেই, কিয়নো আমাৰ উদ্দেশ্য সৎ । হিমন্ত বিশ্ব শৰ্মাই নিজকে পাৱাৰফুল বুলি কয় । কিন্তু অসমৰ জনতা এক হ’লে তেওঁ ওফৰি যাব । ইতিহাসৰ পৰা শিক্ষা নলয় হিমন্ত বিশ্ব শৰ্মাই । হিতাধিকাৰীয়ে চৰকাৰী ধন লওক, কিন্তু নিজৰ মগজু বিক্ৰী নকৰিব ।"

বিজেপিতকৈ কংগ্ৰেছ বহুত ভাল আছিল আৰু ভাল বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে কয়, "যোৱাবাৰ একত্ৰিত হোৱা হ’লে আমাৰেই চৰকাৰ হ’ল হয় । কংগ্ৰেছক নিজকে বিগ ব্ৰাডাৰ বুলি ভাবি নাথাকিবলৈ মই আহ্বান জনাইছো ।"

উল্লেখ্য যে, অজিত কুমাৰ ভূঞাৰ লগতে জাতীয় দল অসমৰ সাধাৰণ সম্পাদক প্ৰণৱ চেতিয়াই অজাপত যোগদান কৰে । লগতে যোগদান জাতীয় দল অসমৰ কেন্দ্ৰীয় কমিটীৰ ৬ জন সদস্যই যোগদান কৰে ।

উল্লেখ্য যে, ২০২০ চনত ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল সাংসদ অজিত কুমাৰ ভূঞা । বিৰোধী দল কংগ্ৰেছ, এ আই ইউ ডি এফ, চি পি আই আৰু নিৰ্দলীয় বিধায়কৰ সমৰ্থনত তেওঁ সংসদলৈ নিৰ্বাচিত হৈছিল ৷ সেই হিচাপত চলিত চলিত বৰ্ষত তেওঁৰ কাৰ্যকাল অন্ত পৰিব ।

লক্ষণীয় বিষয় যে বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিক প্ৰতিহত কৰিবলৈ গঠন হোৱা বিৰোধী ঐক্যমঞ্চ আৰু পৰৱৰ্তী সময়ত হোৱা অসম সন্মিলিত মৰ্চাৰ (অসম) সভাপতিৰ আসনত অধিষ্ঠিত হৈ আছে সাংসদ অজিত কুমাৰ ভূঞা ।

লগতে পঢ়ক : আজি অসম জাতীয় পৰিষদত বিলীন হ'ব অজিত ভূঞাৰ দল