ETV Bharat / politics

বুজাবুজি নহ’লে ৪৪ আসনত নিৰ্বাচন খেলিব ৰাইজৰ দলে: অখিল গগৈৰ ঘোষণা

সৰু দল, কম আসন আৰু সন্মানজনক মিত্ৰতা- কংগ্ৰেছলৈ ৰাইজৰ দলৰ প্ৰাথমিক চৰ্ত । দাবী কৰা সীমিতসংখ্যক আসন নিদিলে নহ’ব বুজাবুজি ।

Raijor Dal
সোণাপুৰত ৰাইজৰ দলৰ প্ৰতিনিধি সভাত উপস্থিত একাংশ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 9, 2026 at 11:44 AM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : কংগ্ৰেছৰে সন্মানজনক মিত্ৰতা নহ’লে কি কৰিব অখিল গগৈ আৰু ৰাইজৰ দলে ? কি কি সিদ্ধান্ত ল’লে ৰাইজৰ দলৰ সৰ্বোচ্চ ক্ষমতা সম্পন্ন প্ৰতিনিধি সভাই ? বৃহস্পতিবাৰে ৰাইজৰ দলৰ নিৰ্বাচনকেন্দ্ৰিক এখন গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভা গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰত অনুষ্ঠিত হয় । ইয়াৰ পিছত নিশালৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ঘোষণা কৰে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

মিত্ৰতা নহ’লে খেলিব ৪৪ খন আসনত নিৰ্বাচন

সোণাপুৰত ৰাইজৰ দলৰ প্ৰতিনিধি সভা (ETV Bharat Assam)

কংগ্ৰেছৰে সন্মানজনক মিত্ৰতা হ’লে সামান্য কেইখনমান আসনতহে নিৰ্বাচনত অৱতীৰ্ণ হ’ব ৰাইজৰ দল । কিন্তু সেইকেইখনতো যদি সন্মানজনকভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ নাপায়, তেন্তে ৰাইজৰ দলৰ প্ৰতিনিধি সভাই কংগ্ৰেছৰ সৈতে আসন বুজাবুজিৰ বাবে অনুমতি দিয়া নাই ৷ তেনেক্ষেত্ৰত ৪৪ খন আসনত বিৰ্বাচন খেলিব অখিল গগৈৰ দলে । লগতে বিশেষ পৰিস্থিতিত এই ৪৪ টা সমষ্টিত কাক কাক প্ৰাৰ্থিত্ব দিব সেয়াও ঠিক কৰিছে দলটোৱে ।

ৰাইজৰ দলৰ প্ৰতিনিধি সভাৰ সিদ্ধান্ত অনুসৰি এই ঘোষণা অখিল গগৈৰ । অখিল গগৈৰ ঘোষণা, “কংগ্ৰছে যদি সঠিক আৰু সন্মানজনকভাৱে মিত্ৰতা নকৰে, তেন্তে আমি ৪৪ খন আসনত নিৰ্বাচন খেলিম । এইটো স্থিৰ সিদ্ধান্ত হৈছে ৷ আৰু ৪৪ খনৰ কোন কোন আসনত খেলিম সেয়াও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । যদিহে বুজাবুজি নহয়, তেতিয়াহে আমি খেলিম । আমি আশাবাদী যে বুজাবুজি হ’বই ৷ আমি খুব কমসংখ্যক আসনতহে বুজাবুজি কৰিবলৈ ওলাইছোঁ । যদিহে সেইকেইখন আসন নিদিয়ে তেন্তে দলে আমাক বুজাবুজি কৰিবলৈ অনুমতি দিয়া নাই ৷”

ৰাইজৰ দলৰ প্ৰতিনিধি সভাই নিৰ্ধাৰণ কৰা আসনৰ ক্ষেত্ৰত ধৰি দিয়া আসনৰ সংখ্যা বুজাবুজিত ইফাল-সিফাল কৰিব নোৱাৰিব বুলিও অখিল গগৈৰ লগতে ঘোষণা । অখিল গগৈয়ে কয়, “আসনৰ সংখ্যা দলে ধৰি দিছে ৷ মোৰ হাত-ভৰি বন্ধা ৷ আমি তাতকৈ এখনো আসন তললৈ যাব নোৱাৰিম ৷ এই প্ৰস্তাৱসমূহ আমি সভাত দাঙি ধৰিম ৷ এই বিষয়ে আলোচনা কৰিবৰ বাবে আমি পাঁচজনীয়া এখন কমিটী গঠন কৰি দিছোঁ ।”

কেইবাগৰাকীও বৰ্তমানৰ বিধায়কে যোগ দিব ৰাইজৰ দলত

লগতে অখিল গগৈৰ দাবী- ৰাইজৰ দলত যোগদান কৰিব বিজেপি, কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ কেইবাগৰাকীও বিধায়কে । প্ৰাৰ্থিত্ব দিব পৰা আৰু নিৰ্বাচনত জয়ৰ সম্ভাৱনা থকা কেইবাগৰাকীও বিধায়কে ৰাইজৰ দলত যোগ দিব দুই-এদিনতে ৷

এই প্ৰসংগত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এইদৰে কয়, “আজিৰ বৈঠকত প্ৰাৰ্থী সম্পৰ্কে বিতংভাৱে আলোচনা কৰা হৈছে । কেইবাগৰাকীও বৰ্তমানৰ বিধায়কে আমাৰ দলত যোগদান কৰিব বিচাৰিছে ৷ কংগ্ৰেছ, বিজেপি আাৰু এ আই ইউ ডি এফ এই তিনিওটা দলৰ পৰা বৰ্তমানৰ কেইবাগৰাকীও বিধায়কে আমাৰ লগত যোগাযোগ কৰিছে । তেওঁলোকে যোগদান কৰিলে কোনকেইখন আসন তেওঁলোকক এৰি দিব পৰা যাব আৰু তেওঁলোক জিকাৰ সম্ভাৱনা সস্পৰ্কে আলোচনা হৈছে ৷”

Raijor Dal
সোণাপুৰত ৰাইজৰ দলৰ প্ৰতিনিধি সভা (ETV Bharat Assam)

কাক কাক টিকট দিব ৰাইজৰ দলে ?

ৰাইজৰ দলে ২০২৬ৰ নিৰ্বাচনৰ বাবে কি প্ৰক্ৰিয়াৰে নিৰ্বাচন কৰিছে প্ৰাৰ্থী ? কি কি ক্ষেত্ৰত এগৰাকী প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিছে ৰাইজৰ দলে ? এই বিষয়ে সভাপতি অখিল গগৈয়ে কয়, “আমাৰ সভাত লগতে এটা প্ৰক্ৰিয়া ঠিক কৰা হৈছে যে কাক কাক আমি টিকট দিম ? আমি তেওঁক টিকট দিয়াৰ সিদ্ধান্ত লৈছোঁ, যাৰ ১০০ শতাংশ বুথ কমিটী বনোৱা হৈ গৈছে । যাৰ পঞ্চায়তৰ পৰা আৰম্ভ কৰি ব্লক, পূৰ্ণাংগ সমষ্টি পৰ্যায়ত কমিটী বনোৱা হৈছে আৰু জিকাৰ সম্ভাৱনা আছে তেওঁক আমি টিকট দিম ।”

লগতে অখিল গগৈয়ে কয়, “যিয়ে দলৰ কাৰণে কষ্ট কৰিছে, দলৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি আহিছে, যিয়ে দলক কেতিয়াও গাড্ডাৰী কৰা নাই— সেইসকলক আমি অগ্ৰাধিকাৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ । নিৰ্বাচন কৰাৰ আগতে তেওঁৰ পুঁজি কিমান আছে আমাৰ দলক দেখুৱাব লাগিব ৷”

তেওঁ লগতে কয়, “আমাৰ তালিকা প্ৰস্তুত ৷ কি ভিত্তিত আমাক দিব লাগে তাৰো তালিকা প্ৰস্তুত ৷ এইবাৰ আমি মিত্ৰতা কৰি ইলেকচন খেলিম বুলি সাজু ৷”

মিত্ৰতাৰ বাবে ৰাইজৰ দলৰ চৰ্ত

২০২৬ৰ বিধানসভা নিৰ্বাচনত বিৰোধীৰ মিত্ৰতা প্ৰসংগত দুটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লৈছে ৰাইজৰ দলে ৷ সৰু দল, কম আসন আৰু সন্মানজনক মিত্ৰতা ৰাইজৰ দলৰ প্ৰাথমিক চৰ্ত ৷

এই বিষয়ে অখিল গগৈয়ে সদৰী কৰে, “প্ৰথমটো হৈছে— মিত্ৰতা কৰি ইলেকচন খেলিম ৷ কিন্তু সন্মানজনকভাৱে ইলেকচন খেলিম ৷ সৰু দল, আসন কম খেলিম, কিন্তু সন্মানজনকভাৱে দিব লাগিব ।”

জাতীয় স্বাৰ্থৰ বিৰুদ্ধে গ’লে মিত্ৰতাত নাথাকে ৰাইজৰ দল

দ্বিতীয়টো প্ৰস্তাৱৰ বিষয়ে অখিল গগৈয়ে এইদৰে কয়, “ৰাইজৰ দলে প্ৰস্তাৱ গ্ৰহণ কৰিছে যে আমি যদিও ৰাষ্ট্ৰীয় দল কংগ্ৰেছৰ লগত মিত্ৰতা কৰিছোঁ, আমাৰ মূল লক্ষ্য হৈছে আঞ্চলিক স্বাৰ্থক সুৰক্ষা দিয়া । কাইলৈ যদি দিল্লীত কংগ্ৰেছৰ চৰকাৰ হয়, তেতিয়া বিজেপিয়ে যেনেকৈ এ জি পিক CAAখন গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল, আমাক যাতে প্ৰেছাৰ দিব নোৱাৰে তাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি জাতীয় স্বাৰ্থৰ প্ৰহৰীৰূপে থাকিম । জাতীয় স্বাৰ্থৰ বিৰুদ্ধে গ’লে আমি সেই মিত্ৰতাত নাথাকোঁ ।”

লগতে পঢ়ক :ৰাইজৰ দলৰ প্ৰতিষ্ঠা দিৱস : জুবিনক্ষেত্ৰত অখিল বাহিনীয়ে ল'লে সংকল্প
লগতে পঢ়ক :৭-৮ মাহৰ পৰা বিজেপিৰ বেয়া দিন চলি আছে : গৌৰৱ গগৈ